বিনোদনশীৰ্ষ

আশীৰ্বাদ থিয়েটাৰক নিষেধাজ্ঞা: জে’ললৈ যাব পাৰে কৃষ্ণ ৰয়!

নিউজ ডেস্ক, প্ৰথম খবৰ: ‘আশীৰ্বাদ থিয়েটাৰ’ৰ সমান্তৰালভাৱে ভ্ৰাম্যমাণ থিয়েটাৰখনত চুক্তিবদ্ধ হোৱা আটাইবোৰ কলা-কুশলীক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰি বিতৰ্কৰ সূচনা কৰিছে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থাই। প্ৰযোজক সংস্থাৰ এই সিদ্ধান্তই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অসমতে।

“এনে নাভূত-নাশ্ৰুত সিদ্ধান্তৰে অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই আশীৰ্বাদ থিয়েটাৰৰ সাংবিধানিক স্বাধীনতা হৰণ কৰিছে। ভাৰতীয় সংবিধানৰ ১৯ নম্বৰ অনুচ্ছেদ আৰু ২১ নম্বৰ অনুচ্ছেদ খৰ্ব কৰা হৈছে। ১৯ নং অনুচ্ছেদ অনুসৰি ব্যয়সায়ত বাধা প্ৰদান কৰিছে আৰু ২১ নং অনুচ্ছেদ অনুসৰি জীয়াই থকাৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা খৰ্ব কৰিছে।” অসমৰ দুজনকৈ জ্যেষ্ঠ অধিবক্তাই প্ৰথম খবৰৰ আগত এইদৰে মন্তব্য কৰে। অধিবক্তাদ্বয়ে পুনৰ কয় যে, সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ভাৰতীয় সংবিধানৰ ২২৬ অনুচ্ছেদৰ আধাৰত আবেদন কৰিব পাৰিব। ন্যায়ালয়ে ভুক্তভোগী থিয়েটাৰ কৰ্তৃপক্ষ আৰু ভুক্তভোগী শিল্পীসকলৰ স্বাধীনতা ৰক্ষাৰ বাবে ৰায়দান কৰিব।

এই ঘটনা সন্দৰ্ভত প্ৰথম খবৰে কেইবাজনো অধিবক্তাৰ সৈতে যোগাযোগ কৰিছিল। কেইবাজনো অধিবক্তাই প্ৰথম খবৰৰ আগত মন্তব্য প্ৰকাশ কৰিছে যে শিল্পীক বাধা দিয়াৰ অধিকাৰ কাৰো নাই। সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থাই যদিহে থিয়েটাৰ গোষ্ঠীটোৰ লগতে চুক্তিবদ্ধ শিল্পীসকলৰ ওপৰত জাৰী কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ নকৰে তেন্তে ভুক্তভোগী থিয়েটাৰ গোষ্ঠীটো আৰু ভুক্তভোগী শিল্পীসকলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৪ আৰু ৫০৬ ধাৰা অনুসৰি গোচৰ ৰুজু কৰিলে ৫ বছৰ কাৰাবাস খাটিব লগীয়া হ’ব পাৰে নিষেধাজ্ঞা জাৰি কৰাসকল। সেই অনুসৰি সদৌ অসম ভ্ৰাম্যামাণ থিয়েটাৰ প্ৰযোজক সংস্থাৰ সভাপতি কৃষ্ণ ৰয় (আৱাহন থিয়েটাৰ), সম্পাদক দীপ দাস (প্ৰাগজ্যোতিষ থিয়েটাৰ) বা প্ৰযোজক সংস্থাৰ অন্য সদস্যসকলে আইনী প্ৰক্ৰিয়াৰে শাস্তি মূৰ পাতি ল’বলগীয়া হ’ব পাৰে।

ছিণ্ডিকেটৰ পিছত ভ্ৰাম্যমাণত নিষিদ্ধকৰণে তোলপাৰ লগাইছে। সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই আশীৰ্বাদ থিয়েটাৰক বৰ্জনৰ সিদ্ধান্ত লোৱাৰ পিছত বহুতে প্ৰশ্ন তুলিছে কোনো এখন থিয়েটাৰ বা এটা নাট্যদলক এনেদৰে বৰ্জন কৰিব পাৰিনে? আশীৰ্বাদ থিয়েটাৰত চুক্তিবদ্ধ শিল্পী আৰু কলা-কুশলীক ৫ বছৰৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে প্ৰযোজক সন্থাই। কিন্তু শিল্পীক ধৰি-বান্ধি ৰখাৰ অধিকাৰক লৈ প্ৰশ্ন তুলিছে বিভিন্নজনে। তাতে আকৌ প্ৰযোজক সংস্থাই এখন থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে উঠিপৰি লগাক লৈও সন্দেহৰ দৃষ্টি নিবদ্ধ কৰা পৰিলক্ষিত হৈছে। আশীৰ্বাদ থিয়েটাৰ নিষিদ্ধকৰণৰ আঁৰত ষড়যন্ত্ৰৰ গোন্ধ পাইছে একাংশ বুদ্ধিজীৱীয়ে।

Related Articles

Leave a Reply

Close