শেহতীয়া
Home / সাহিত্য / নিবন্ধ / অসমৰ মাজকঁকাল কলিয়াবৰ

অসমৰ মাজকঁকাল কলিয়াবৰ

কল্পজ্যোতি শইকীয়া

অসমৰ মধ্যমণি নগাঁও জিলাৰ এটি মহকুমা কলিয়াবৰ এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই। ঐতিহ্যমণ্ডিত কলিয়াবৰ সাংস্কৃতিক বুৰঞ্জীৰ এক মনোৰম স্থলী য’ত বিভিন্ন সাহিত্যিক, চিন্তাবিদ, সমাজতত্ববিদৰ জন্ম হৈছিল। শালস্তম্ভ বংশৰ পৰা আৰম্ভ কৰি কোচ আহোম আৰু ব্ৰিটিছসকলৰ নিৰ্মাণ শৈলী কলিয়াবৰত বৰ্তমান সময়তো বিৰাজমান। গদাপাণিৰ ভাষাত কলিয়াবৰৰ অন্য এটি নাম হ’ল মনপুৰ। নগাঁৱৰ বিখ্যাত কবি ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যৰ কথাৰে-
“কলিয়াবৰ – হাটবৰ
জখলাবন্ধা – বাটবৰ
বুৰঞ্জীৰ – যাদুঘৰ
সাহিত্যৰ – বৰঘৰ
অসমৰ – মাজঘৰ
সংস্কৃতিৰ – নামঘৰ”
এয়াই ঐতিহ্যমণ্ডিত কলিয়াবৰ

কলিয়াবৰ মহকুমাৰ মুঠ মাটিকালি ৭৬৬.৭৯ বৰ্গ কিঃমিঃ। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১,৯৫,৭১৩ গৰাকী। কলিয়াবৰ নামটোৰ উৎপত্তিক লৈ এটি প্ৰবাদ আছে। পৌৰাণিক আখ্যান অনুসৰি ভগবান শ্ৰী কৃষ্ণই ভীষ্মকৰ কন্যা তথা ৰুক্মবীৰৰ ভগ্নী ৰুক্মিণীক শদিয়াৰ (কুণ্ডিল) পৰা হৰণ কৰি আনোতে এজোপা বৰগছৰ তলত জিৰণি লৈছিল। সেই অনুসৰিয়েই এই ঠাইখনৰ নাম কলিয়াবৰ হোৱা বুলি এক জনবিশ্বাস আছে।

‘আসাম বুৰঞ্জী’ৰ প্ৰণেতা গুণাভিৰাম বৰুৱাই ‘সৌমাৰ ভ্ৰমণ’ ত উল্লেখ কৰা অনুসৰি পৰ্বতৰ ক’লা বৰগছ জোপাৰ পৰাই ‘কলিয়াবৰ’ নামটোৰ সৃষ্টি হৈছে।

আহোম ভাষাত কলিয়াবৰৰ নাম টুন-ৰং-ডাম। টুন মানে কলীয়া ৰং মানে বৰ আৰু ডাম মানে গছ। অৰ্থাৎ কলীয়া বৰগছ।

শালস্তম্ভ, বৰ্মণ বংশৰ ৰজাসকলৰ কলিয়াবৰৰ লগত কিছু পৰিমাণে সম্পৰ্ক আছিল যদিও আহোম ৰাজবংশৰ কলিয়াবৰ অঞ্চলৰ লগত এক ওতঃপোতঃ সম্পৰ্ক আছে। আহোমসকলে সমগ্ৰ অসমৰ লগতে কলিয়াবৰতো বহুতো প্ৰজাহিতকৰ কাম কৰি গৈছিল। শিলঘাটৰ কামাখ্যা মন্দিৰ, বাসুদেৱ দেৱালয়, সৌভাগ্য মাধৱ দেৱালয়, গোপাল মাধৱ দেৱালয়, নান্দিকেশ্বৰ দেৱালয়, হাতীমুৰা মহিষমৰ্দিনী দূৰ্গা মন্দিৰ ইত্যাদি আহোম যুগত নিৰ্মিত বিভিন্ন কীৰ্তিচিহ্ন সমূহে আহোম ৰজাসকল যে, প্ৰজাহিতকত সিদ্ধহস্ত আছিল তাৰেই সংকেত বহন কৰি আহিছে। তাৰোপৰি মানৰ আক্ৰমণৰ সময়ত আহোম সৈন্যসকলে তেওঁলোকক ভেঁটিবৰ বাবে গড় নিৰ্মাণ কৰি উলিয়াইছিল। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত ১৫৩৮ শকত নিৰ্মিত আমনিৰ পৰা ভোমোৰাগুৰি অঞ্চললৈকে বিস্তৃত প্ৰায় ৪১ কিঃমিঃ দৈৰ্ঘ্যৰ চামধৰা গড়(বুঢ়া-বুঢ়ী), ৰাঙলু গড়, শিলঘাটৰ শ্যামলা গড় ইত্যাদিয়ে ইয়াৰেই পৰিচয় বহন কৰি আহিছে।

ঐতিহ্যমণ্ডিত কলিয়াবৰতে সংঘটিত হৈছিল বিখ্যাত কলিয়াবৰীয়া ৰণ। আহোম আৰু তুৰ্বক সৈন্যৰ মাজত হোৱা এই কলিয়াবৰীয়া ৰণে অসম বুৰঞ্জীৰ এক সোণালী পৃষ্ঠা দখল কৰিবলৈ সক্ষম হৈছে। এই কলিয়াবৰীয়া ৰণতে আহোম সেনাধ্যক্ষ চাও ফ্ৰাচেংমুং বৰগোহাঞিয়ে তুৰ্বক সৈন্যৰ হাতত এই কলিয়াবৰতে প্ৰাণ আহুতি দিছিল। তেওঁৰ মৃত্যুত পত্নী মূলাগাভৰু শোকত ম্ৰিয়মান হৈছিল আৰু ক্ষোভিত হৈ তুৰ্বকৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল। তেৱেই আছিল আহোমসকলৰ প্ৰথম বীৰাঙ্গনা যি তুৰ্বকৰ সৈতে যুঁজ দি মৃত্যুক সাবটি লৈছিল।

অসমৰ দ্বিতীয় শক্তিপীঠ হিচাপে খ্যাত শিলঘাটৰ কামাখ্যা মন্দিৰে কলিয়াবৰৰ এক ঐতিহ্য বহন কৰি আহিছে। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৬৬৭ শকত শালস্তম্ভ সকলৰ ৰাজত্ব কালত নিৰ্মাণ হোৱা এই মন্দিৰৰ পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল। এই মন্দিৰত তাহানিৰে কামাখ্যা মূৰ্তি আৰু দুৰ্গা মূৰ্তি বৰ্তমান সময়তো বিৰাজমান। ইয়াত অম্বুবাচী মেলাৰ সময়ত অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয়। শিলঘাটত অনুষ্ঠিত হোৱা অশোকাষ্টমী মেলাৰ সময়তো এই মন্দিৰ ভাগ দৰ্শনৰ বাবে বিভিন্ন দৰ্শনাৰ্থীয়ে ভিৰ কৰে।

আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনতে নিৰ্মিত হোৱা হাতীমুৰা মহিষমৰ্দিনী দূৰ্গা মন্দিৰেও কলিয়াবৰৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। এই মন্দিৰ টি ১৬৬৭ শকত নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰত বিভিন্ন সময়ত বহু ভক্তৰ ভিৰ কৰা পৰিলক্ষিত হয়। বিশেষকৈ শিৱৰাত্ৰি, ব’লবম, দুৰ্গোৎসৱ ইত্যাদি সময়ত বিভিন্ন ভক্তৰ এই মন্দিৰত সমাবেশ ঘটে। নৱবৰ্ষৰ সময়ত বনভোজৰ স্থলী হিচাপে বিখ্যাত এই হাতীমুৰা অঞ্চল।

কলিয়াবৰৰ এক ভক্তিৰ সৰোবৰ হৈছে ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰ। এই নামঘৰ ভাগি ১৫৯৪ শকতে স্থাপিত হৈছিল। এই নামঘৰ ভাগৰ বহুতো ঐতিহ্য জড়িত হৈ আছে। এই নামঘৰত পবিত্ৰ অন্তৰৰে শৰাই শলিতা আগবঢ়ালে ভক্তৰ মনৰ কামনা পূৰণ হয় বুলি এক জনবিশ্বাস আছে। এই নামঘৰত মাঘী পূৰ্ণিমা আৰু বুদ্ধ পূৰ্ণিমা তিথি দুটা অতি আড়ম্বৰ পূৰ্ণভাৱে পালন কৰা হয়। এই সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমণ ঘটে আৰু এক ভক্তিৰ অমীয়াপুৰীলৈ ৰূপান্তৰিত হয়।

আহোম ৰাজত্বৰ সময়ছোৱাত আহোম সৈন্যৰ হাতত বন্দী হোৱা ৯০০ মৰীয়া সম্প্ৰদায়ৰ লোকে বাহৰ পাতিছিল ঐতিহ্যমণ্ডিত কলিয়াবৰৰ জয়ন্তীপুৰ গাঁৱত। মৰীয়া সম্প্ৰদায়ৰ এই লোকসকলে একত্ৰিত হৈ ১৫৭০ শকত নিৰ্মাণ কৰিছিল জয়ন্তীপুৰ বৰ মছজিদ। এই মছজিদটি অসমৰ দ্বিতীয় সৰ্ববৃহৎ মছজিদ হিচাপে গণ্য কৰা হয়। এই মছজিদ নিৰ্মাণৰ ৫ বছৰৰ পিছত অৰ্থাৎ ১৫৭৫ শকত বৰ মছজিদৰ পৰা নাতিদুৰত নিৰ্মাণ কৰিছিল জয়ন্তীপুৰ জাম্মে মছজিদ।

 

কলিয়াবৰৰ ঐতিহ্যৰ বিষয়ে বৰ্ণনা কৰি থাকিলেও শেষ কৰিব নোৱাৰা লেখীয়া কথা। আহোমৰ যুগৰ বহু কৃতীচিহ্ন যেনে, জখলাবন্ধাৰ নৃসিংহ দেৱালয়, শিৱস্থান শিৱমন্দিৰ, জয়ন্তীপুৰ দৰগাহ, বাণেশ্বৰ দেৱালয়, বামুণীৰ চিত্ৰশংকৰ দেৱালয়, অম্বিকানাথ দেৱালয়, ইত্যাদি বিভিন্ন কৃতীচিহ্নৰ ঐতিহ্যই কলিয়াবৰক বৰ্তমান সময়তো অসমবাসীৰ সন্মুখত আলোকিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কলিয়াবৰৰ হাজাৰী ভাওনা সমগ্ৰ অসম বিখ্যাত আছিল। এই ভাওনাৰ এক মিঠা সোৱাদ আছে বুলি অসমৰ দৰ্শকসকলৰ মাজত এক ধাৰণা আছে। এই হাজাৰী ভাওনা বিশেষকৈ সত্ৰসমূহত অনুষ্ঠিত কৰা হৈছিল। বিশেষকৈ চামগুৰি সত্ৰ, ভোলাগুৰি সত্ৰ, পুৰণি সত্ৰ, বগাজান সত্ৰত হাজাৰী ভাওনাৰ পয়োভৰ অতিকৈ বেছি আছিল। কলিয়াবৰৰ এই হাজাৰী ভাওনাৰ জৰিয়তে সত্ৰসমূহত আৰম্ভ হোৱা ভাওনা সংস্কৃতিয়ে পূৰ্ণ ৰূপ পায়।

অসমৰ সাহিত্য জগতখনত কলিয়াবৰৰ এক বিশেষ স্থান আছে। কলিয়াবৰৰ বাবে এক গৌৰৱৰ বিষয় যে, বাইবেলখন অসমীয়া ভাষালৈ অনুবাদ কৰা আত্মাৰাম শৰ্মাৰ ঘৰ কলিয়াবৰৰ হাটবৰত। আত্মাৰাম শৰ্মাই ডঃ কেৰী চাহাবৰ অনুৰোধত ১৮১৩ চনত বাইবেলখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। অসমৰ সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকা দেৱো কলিয়াবৰৰ সোণাৰিগাঁৱৰ সন্তান। সংবাদ জগতৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ হাজৰিকা দেৱ সাদিন কাকতৰ মূখ্য সম্পাদকৰ পদত আছিল। হাজৰিকা দেৱৰ পাছতে নাম ল’ব পাৰি সাহিত্য জগতৰ ভোটাতৰা ডঃ নীলিমা দত্তৰ। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যাচাৰ্য মহিম বৰা এই কলিয়াবৰৰে সুযোগ্য সন্তান। “কাঠনিবাৰী ঘাট” গল্পটিৰ জৰিয়তেই মহিম বৰা দেৱ সাহিত্য জগতত যুগ-যুগান্তৰলৈ ভোটা তৰা হিচাপে জিলিকি থাকিব। এই বৰেণ্য ব্যক্তিসকলৰ উপৰিও যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, উপেন্দ্ৰ চন্দ্ৰ বৰকটকী দেৱো কলিয়াবৰীয়া সন্তান হিচাপে অসমৰ সাহিত্য আকাশ পোহৰাই তোলাত এক উল্লেখনীয় অৱদান আগবঢ়াইছিল। তদুপৰি কলিয়াবৰৰ বুৰঞ্জী লেখক হিচাপে স্বৰ্গীয় লীলাধৰ বৰা দেৱ, গুণীন হাজৰিকা, বিৰাজ ভূষণ বৰা, বিপুল চন্দ্ৰ ভট্টাচাৰ্য্য, বিমল বৰা, নৃপেন দাস ইত্যাদি বৰেণ্য ব্যক্তিসকলৰ নাম ল’ব পাৰি। প্ৰয়াত লীলাধৰ বৰাই বুৰঞ্জী ৰচনাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ আগবঢ়াইছিল। কলিয়াবৰৰ হেৰাই যোৱা ঐতিহ্যবোৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত স্বৰ্গীয় লীলাধৰ বৰা দেৱৰ ‘ঐতিহ্যমণ্ডিত কলিয়াবৰ’ গ্ৰন্থখনে উল্লেখনীয় ভূমিকা পালন কৰি আহিছে।

সুধাকণ্ঠই তেওঁৰ গীতৰ জৰিয়তে কলিয়াবৰৰ ঐতিহ্যৰ বিষয়ে বৰ্ণনা কৰি গৈছে। তেওঁৰ মতে “মোমাই তামুলীয়ে সপোন ৰূপ দিয়া এইখন কলিয়াবৰ”। কলিয়াবৰৰ কুঠৰীত তেওঁৰ প্ৰাণটো আছে বুলি বৰ্ণনা কৰি এটি টোকা প্ৰস্তুত কৰিছিল।

মহান মহান মনিষী সকলৰ জন্মভূমি কলিয়াবৰৰ বুৰঞ্জী শেষ নোহোৱা সাগৰৰ পানীৰ দৰে। সেই বৃহৎ জলৰাশিৰ পৰাই একাঁজলি তুলি দিয়াৰ চেষ্টা কৰিছো। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি কলিয়াবৰে অনৈক্যৰ মাজত ঐকতাৰ পৰিচয় বহন কৰি আহিছে। কলিয়াবৰৰ নাথান ব্ৰাউন হিচাপে খ্যাত অভিৰাম ভূঞা দেৱৰ ভাষাত :-
“কলিয়াবৰ কেনে মনোহৰ
প্ৰকৃতিৰ ৰম্য স্থান
নগৰে-চহৰে বট তৰু সৱে
গায় যুগমীয়া গান”

Leave a Reply

Your email address will not be published. Required fields are marked *

*