শেহতীয়া
Home / সাহিত্য / নিবন্ধ / চিৰসেউজ বিজু ফুকন: মৃত্যুয়ে যাক পাহৰাব নোৱাৰে

চিৰসেউজ বিজু ফুকন: মৃত্যুয়ে যাক পাহৰাব নোৱাৰে

হিমাংশু ৰঞ্জন ভূঞা

বিজু ফুকন। যাৰ বিষয়ে অসমৰ ৰাইজক নতুনকৈ কিবা কোৱাৰ প্ৰয়োজন হয়তু নাই, সেইজন চিৰসেউজ অভিনেতাই যোৱা ২২ নৱেম্বৰৰ বুধবাৰে সকলোকে কন্দুৱাই হঠাতে আঁতৰি গ’লগৈ কোনোবা অজান দেশলৈ। একেৰাহে পাঁচটা দশক অসমৰ চলচ্চিত্ৰ জগতক অভিনয়েৰে সমৃদ্ধ কৰি সৰ্বজন শ্ৰদ্ধেয়, সকলোৰে মৰমৰ ‘বিজু দা’ গ’লগৈ। ১৯৭০ চনত প্ৰথমবাৰৰ বাবে স্বনামধন্য পৰিচালক ব্ৰজেন বৰুৱাৰ ‘ডাঃ বেজবুৰুৱা’ ছবিখনত ভুমুকি মাৰিছিল বিজু ফুকনে। সেইয়াই আৰম্ভণী। তাৰ পাছত ‘বৰুৱাৰ সংসাৰ’ৰ জৰিয়তে তেওঁ আৰম্ভ কৰিলে এক বৰ্ণিল অভিনয় জীৱন। এটা সময়ত, বিশেষকৈ সত্তৰ-আশীৰ দশকৰপৰা আজিলৈকে এইগৰাকী অভিনেতাই অসমবাসীক উপহাৰ দিলে ইখনৰপাছত সিখন ছুপাৰহিট ছবি। প্ৰকৃতপক্ষে সত্তৰ—সীৰ দখলত তেওঁ লাভ কৰা জনপ্ৰিয়তা তথা তেওঁৰ প্ৰতি অসমবাসীৰ দুৰ্বাৰ আকৰ্ষণ সেই সময়ৰ বলিউডৰ তাৰকাতকৈ কোনো গুণে কম নাছিল। তেওঁৰ নাম শুনিলেই, তেওঁ ছবি প’ষ্টাৰত দেখিলেই দৰ্শক উৎকণ্ঠিত হৈ পৰিছিল। কি চহৰ, কি গাঁও। সকলোতে চিনেমা হ’ল ‘হাউছফুল’। ৰাইজে বাছ ভাৰা কৰি আহিছিল বিজু ফুকনৰ ছবি চাবলৈ। অতি কম সময়ৰ ভিতৰতে বিজু ফুকন পৰিণত হ’ল অসমীয়া ছবিজগতৰ অঘোষিত মহানায়ক, ‘চুপাৰষ্টাৰ’লৈ। ‘বোৱাৰী’ ছবিত কান্ধত দৈৰ টেকেলি ওলোমাই, চাইকেলৰ টিলিঙা কোবাই ‘মন হীৰা দৈ চাইকেল নহয় টিলিঙা’ গোৱা সেই সুদৰ্শন নায়কজন, ‘বৃষ্টি’, ‘অৰণ্য’ৰ সেই অতুলনীয় অভিনয়, ‘অগ্নিস্নান’ৰ মহীকান্তৰ দৰে জটিল চৰিত্ৰৰ পৰা ‘দেউতা দিয়া বিদায়’ত অমংগলীয়া বুলি জীয়েকৰ মুখ চাব নিবিচৰা সেই খঙাল দেউতাকজন অথবা ‘বাৰুদ’ৰ খলনায়ক শক্তি প্ৰসাদ বেজবৰুৱালৈকে ক’ত সফল হোৱা নাই তেওঁ। তেওঁৰ অভিনয় কৰা প্ৰতিখন ছবিৰ প্ৰতিটো মুহূৰ্তই যেন আজিও সজীৱ প্ৰতিগৰাকী দৰ্শকৰ। বিজু দা আৰু নাই সেই সত্যক আজিও যেন স্বীকাৰ কৰিবপৰা নাই অসমবাসীয়ে। সকলোকে আকৰ্ষিত কৰিবপৰা সুঠাম চেহেৰা, গলগলীয়া কণ্ঠ, ঈষৎ বেঁকা স্মিত হাঁহিৰে, জীৱন্ত, স্বাভাৱিক অভিনয়ৰে ৰাইজৰ হৃদয়ৰ আঁহে কোঁহে  সোমাই পৰা বিজু ফুকনে ৬২ খনকৈ অসমীয়া ছবি, চাৰিখন বাংলা আৰু দুখন হিন্দী ছবিত সাৱলীল অভিনয়ৰে দৰ্শকক সন্মোহিত কৰি ৰাখিছিল। অসমীয়া চিনেমাত বিজু ফুকনৰ প্ৰৱেশেই আছিল অসমীয়া চিনেমা উদ্যোগৰ বাবে এক মহাজাগিতক ক্ষণ।অসমীয়া চিনেমাক গতি প্ৰদান কৰাত সফল হৈছিল বিজু ফুকন। বিশেষকৈ বিজু ফুকনে অভিনয় কৰা ছবিসমূহৰ তেওঁৰ মূখত থকা প্ৰতিটো গীতেই জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা ‘অৰণ্য’, ‘মৰম’, ‘অপৰূপা’, ‘পাপৰি’, ‘অগ্নিস্নান’, ‘ইতিহাস’ আদি ছবিত কৰা বিজু ফুকনৰ দুৰ্দান্ত অভিনয় আজিও প্ৰতিগৰাকী অসমীয়াৰ মনৰ মাজত সজীৱ হৈ আছে। অসমীয়া চিনেমাৰ সৰ্বকালৰ জনপ্ৰিয় নায়ক হিচাপে চিহ্নিত হোৱা বিজু ফুকনে অসমীয়া ছবি উদ্যোগৰ শেহতীয়া দুৰ্যোগৰ অৱসান ঘটাবলৈ আৰু অসমীয়া ছবিজগতৰ উত্তৰণৰ বাবে আহুপুৰুষাৰ্থ প্ৰয়াস অব্যাহত ৰাখিছিল। কিছুদিনৰ আগতে ‘আসাম টকচ’ টিভি চেনেলৰ ‘ইতিবাচক’ অনুষ্ঠানৰ এটা সাক্ষাৎকাৰত তেওঁ অসমীয়া ছবিৰ শেহতীয়া দুৰৱস্থা সম্পৰ্কত খেদ প্ৰদান কৰি কৈছিল ‘২০০০ৰ পাছৰ পৰা অসমীয়া চিনেমাৰ গতি স্তিমিত হৈ গ’ল। অসমীয়া ছবিত পৰিৱৰ্তন যি সময়ত লাগিছিল সেই সময়ত কিছুমান সমস্যাই দেখা দিলে। আঞ্চলিক ছবিৰ ক্ষেত্ৰত এক চলচ্চিত্ৰ নীতি থাকে, কিন্তু আমাৰ ইয়াত সেই নীতি সুস্থিৰ নহ’ল, বৰঞ্চ কাৰোবাৰ প্ৰৰোচনাত তেওঁলোকৰ সুবিধামতে এই নীতি সলনি কৰিছে, যাৰ বাবে ছবি নিৰ্মাতাসকলৰ বাবে ই এক প্ৰত্যাহ্বান হৈ পৰিছে।‘ কেবাখনো জনপ্ৰিয় অসমীয়া ধাৰাবাহিক আৰু ভ্ৰাম্যমান থিয়েটাৰতো অভিনয়ৰে খলকনি তুলিছিল এইজন প্ৰচুৰ প্ৰতিভাশালী অভিনেতা বিজু ফুকনে।

১৯৪৭ৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত বিজু ফুকনৰ জন্ম হয়। সৰুৰেপৰা নিজৰ ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ হোৱা বিজু ফুকনে ডিব্ৰুগড়ৰ ‘জোনাকী সংঘ’ৰ সদস্য হিচাপে যৌৱন কালত কেবাখনো নাটকত অভিনয় কৰে। তেওঁ অভিনয় কৰা প্ৰথমখন নাটক আছিল দেউতি বৰুৱাৰ ‘সেয়া ধোৱাই নিলে।‘ ডিব্ৰুগড়ৰ কানৈ কলেজত পঢ়ি থকা কালতে প্ৰখ্যাত অভিনেতা ব্ৰজেন বৰুৱাৰ ‘ডাঃ বেজবৰুৱা’ ছবিৰ এটি বিশেষ গীতত ডিব্ৰুগড়ৰে ‘ক্লুইভাৰ্চ ক্লাব’ৰ সদস্যসকলৰ সৈতে বাদ্যযন্ত্ৰীৰ এটি সৰু চৰিত্ৰৰে অভিষেক ঘটে বিজু ফুকনৰ। সেই সময়ত কোনেও হয়তু ভবা নাছিল এটা সৰু চৰিত্ৰ ৰূপায়ণ কৰা এইগৰাকী অভিনেতাই সময়ত অসমীয়া ছবিজগতত সবাতোকৈ জনপ্ৰিয় মহাতাৰকাত পৰিণত হ’ব বুলি। ‘ডাঃ বেজবৰুৱা’ত অভিনয়ৰ সুযোগ নাপালেও সেই বছৰতে প্ৰখ্যাত পৰিচালক নিপ বৰুৱাৰ ‘বৰুৱাৰ সংসাৰ’ ছবিত বিজু ফুকনে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। অৱশ্যে ১৯৭১ চনত মুক্তি লাভ কৰা ‘অৰণ্য’ নামৰ জনপ্ৰিয় ছবিখনত বিজু ফুকনে নায়কৰ ভূমিকাত অৱতীৰ্ণ হয়। ‘অৰণ্য’ ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। আৰু তেতিয়াৰপৰাই তেওঁ পাছলৈ ঘূৰি চাব লগা হোৱা নাছিল। ‘আজলি নবৌ’,’ললিতা’,’উপগ্ৰহ’,’’ওপজা সোণৰ মাটি’,’’বণৰীয়া ফুল’,’’ধৰ্মকাই’,’’বোৱাৰী’,’’ঘৰ-সংসাৰ’,’’এণ্টনী মোৰ নাম’,’ পিতা-পুত্ৰ’, ‘বহাগৰ দুপৰীয়া’, ‘আছেনে কোনোবা হিয়াত’, ‘অগ্নিসাক্ষী’ৰপৰা ‘ৰ’দ’, ‘দূৰ’ আদিলৈকে এক দীঘলীয়া সফল পৰিক্ৰমাৰে অসমীয়া চলচ্চিত্ৰ জগতখনক চহকী কৰিছিল বিজু ফুকনে। মৃত্যুৰ সময়তো তেওঁ ব্যস্ত হৈ আছিল মুম্বাইত চিত্ৰগ্ৰহণ চলি থকা ‘আণ্ডাৰ ৱৰ্ল্ড’ নামৰ এখন অসমীয়া ছবিত য’ত তেওঁ এগৰাকী ‘ডন’ৰ চৰিত্ৰত অভিনয় কৰি আছিল। ডিচেম্বৰৰ প্ৰথমভাগত ছবিখনৰ শেষ পৰ্যায়ৰ কাম কৰিবলৈ মুম্বাইলৈ যোৱাৰ কথা আছিল যদিও নিয়তিয়ে সেয়া সম্পূৰ্ণ হ’বলৈ নিদিলে। আধৰুৱা হৈ থাকিল ‘আণ্ডাৰৱৰ্ল্ড’ৰ অভিনয়।

অসমীয়া ছবিজগতক সমৃদ্ধিশালী কৰিবলৈ সক্ষম হোৱা যশস্বী অভিনেতা বিজু ফুকনৰ অভিনয় পুৰামাত্ৰাই আছিল অত্যন্ত স্বাভাৱিক। মটৰ ড্ৰাইফাৰৰপৰা আঢ্যৱন্ত ঘৰৰ ৰোমাণ্টিক প্ৰেমিক অথবা মদগৰ্বী পিতৃৰপৰা বেকাৰ প্ৰেমিকালৈ সকলো চৰিত্ৰকে জীৱন্ত ৰূপত ফুটাই তুলিছিল। বিশেষভাৱে ড ভৱেন্দ্ৰ নাথ শইকীয়াৰ ‘অগ্নিস্নান’ ছবিত ‘মহীকান্ত’নামৰ দুৰ্বোধ্য কঠিন চৰিত্ৰটোৰ জৰিয়তেই বিজু ফুকনে প্ৰতিগৰাকী দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। আনকি ড ভৱেন্দ্ৰ নাথ শইকীয়াও পৰৱৰ্তী কালত স্বীকাৰ কৰিছিল যে তেওঁৰ মানসপটত ভাহি থকা চৰিত্ৰটো তথা অভিনয়খিনি বিজু ফুকনে সফলভাৱে পৰিস্ফূট কৰি তুলিছিল। অভিনয়ৰ সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰতো তেওঁ প্ৰৱেশ কৰিছিল যদিও তেওঁ সফল হ’ব নোৱাৰিলে। ৰাইজে হৃদয়ৰ প্ৰিয় অভিনেতাজনক ‘নেতা’ হিচাপে গ্ৰহণ নকৰিলে। ফলত তেওঁ প্ৰত্যক্ষ ৰাজনীতিৰপৰা আঁতৰি আহিল। পৰিচালক হিচাপে তেওঁ ‘ভাই ভাই’ নামৰ ছবিখন পৰিচালনা কৰিছিল আৰু এই ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিল। আনহাতে, ‘দেউতা’ নামৰ টেলিভিছনৰ ধাৰাবাহিক এখনো তেওঁ পৰিচালনা কৰিছিল।

ইমান সফল অভিনেতাহৈও বিজু ফুকনে বাস্তৱ জীৱনত বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল। অভিনয়ৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবেই চাকৰিমূখী হোৱা নাছিল, ফলত অভিনয় কৰি পোৱা সামান্য ধনৰেই জোৰা টাপলি মাৰিব লগা হৈছিল সংসাৰৰ। তেওঁ নিজেই এখন সভাত কৈছিল ‘জীৱনটোৰ আধা বয়স নোপোৱাৰ দূখতে পাৰ কৰিলোঁ’। গুৱাহাটীত নিজৰ বুলিবলৈ বিজু ফুকনৰ নাছিল এটা ঘৰ। আজীৱন ভাড়াঘৰতেই কটালে অভিনেতাজনে। সেইবাবেই এগৰাকী শিল্পীৰ সংগ্ৰাম খুব ভালদৰে বুজি পাইছিল অভিনেতাজনে। নিজে একালত ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিছিল বাবে ভ্ৰাম্যমানৰ সাম্প্ৰতিক গ্লেমাৰমূখী পৰিৱেশ সম্পৰ্কত তেওঁ এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে, এই গ্ৰেমাৰমূখীতাই একাংশ জনপ্ৰিয় শিল্পীক বেছি গুৰুত্ব দিয়াৰ ফলত থলুৱা যিসকল শিল্পী সেইসকলক ক্ষতি কৰিছে। দৰাচলতে এখন নাটক প্ৰকৃতভাৱে সফল কৰাৰ ক্ষেত্ৰত এই সহশিল্পীসকলে যথেষ্ট দুখলগা অৱস্থাৰ মাজেৰে অভিনয় কৰিবলগীয়াত পৰে। গ্লেমাৰ শিল্পী বুলি প্ৰচাৰ চলোৱাসকলৰ বিপৰীতে কিন্তু এনে থলুৱা শিল্পীৰ অভিনয় প্ৰতিভা কোনো গুণে কম নহয়। কিন্তু প্ৰকৃত মৰ্যদা আৰু প্ৰাপ্য লাভৰপৰা সেইসকল দুখলগাকৈ বঞ্চিত হৈ থাকে। সঁচা অৰ্থতে বিজু ফুকনৰ এই বক্তব্যত লুকাই আছিল শিল্পীসকলৰ দুখ বা অভাৱৰ এখন বাস্তৱ ছবি। তেওঁ নিজেও ওৰে জীৱন সেই অভাৱবোৰৰ সৈতে যুঁজ দিয়েই নিৰৱে আঁতৰি গ’লগৈ। কিন্তু প্ৰতিজন অসমীয়াৰ হৃদয়ৰ মণিকোঠাত সদায় যুগমীয়া হৈ থাকিব মৰমৰ ‘বিজু দা’ৰ প্ৰতিখন ছবিৰ প্ৰতিটো চৰিত্ৰত কৰা সেই চিৰসেইজ দুৰ্দান্ত অভিনয়। বিজু দালৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম। তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*