(অ)সামাজিকনিবন্ধ

প্ৰতিবাদৰ ভাষা, বন্ধ সংস্কৃতি তথা ইয়াৰ প্ৰাসংগিকতা

অভিনন্দন গোস্বামী

যিকোনো এখন গণতান্ত্ৰিক দেশত যেতিয়া শাসক পক্ষই জনতা বা সৰ্বসাধাৰণ ৰাইজৰ ইচ্ছা বা দাবীৰ বিৰুদ্ধে গৈ কিছুমান সিদ্ধান্ত বা আইন ৰূপায়িত কৰে তেতিয়াই ৰাইজৰ মাজত প্ৰতিবাদ নামৰ জুইকুৰা দাউ-দাউকৈ জ্বলি উঠে। এই প্ৰতিবাদ কেৱল যে চৰকাৰ বা শাসক পক্ষৰ বিৰুদ্ধেই হ’ব তেনে নহয়, বহু ক্ষেত্ৰত কোনো বিশেষ সংগঠন বা ব্যক্তি বিশেষৰ বিৰুদ্ধেও তেনে প্ৰতিবাদৰ জোৱাৰ দেখা পোৱা যায়। সকলো গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানে ৰাইজক তেনে প্ৰতিবাদ সাব্যস্ত কৰাৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সময়ৰ লগে লগে এনে প্ৰতিবাদৰ ভাষা সলনি হৈছে, সলনি হৈছে কৌশল। যেতিয়ালৈকে এনে প্ৰতিবাদে সৰ্বসাধাৰণৰ সমৰ্থন লাভ কৰে আৰু সকলো শ্ৰেণীৰ লোকে ইয়াত ইচ্ছাকৃতভাৱে অংশগ্ৰহণ কৰি এনে পদক্ষেপক সফল তথা সাৰ্থক কৰি তোলাত যৎপৰোনস্তি চেষ্টা চলায় তেতিয়ালৈকে এনে প্ৰতিবাদে গণতান্ত্ৰিক মৰ্যাদা লাভ কৰে। কিন্তু যেতিয়া এনে প্ৰতিবাদ হৈ পৰে সৰ্বসাধাৰণক হাৰাশাস্তি তথা জীয়াতু ভোগাই কোনো বিশেষ সংগঠন বা ব্যক্তিৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰাৰ এক কৌশল তেতিয়াই  ই গণতান্ত্ৰিক পোচাক সলাই অশুভ তথা অগণতান্ত্ৰিক ৰূপ লয়। আমাৰ অসমত প্ৰতিবাদৰ নামত সঘনাই পলান হৈ থকা বন্ধ নামৰ অশুভ সংস্কৃতিটোকো অগণতান্ত্ৰিক শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিব পাৰি। বন্ধক অগণতান্ত্ৰিক তথা উন্নয়নত হেঙাৰ বুলি কোৱাৰ কিছু যুক্তি মই এই লেখাটোৰ জৰিয়তে দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ।

বিগত সময়ছোৱাত বহুবাৰ অসমবাসীয়ে একেলেথাৰিয়ে বন্ধ, অৱৰোধ ইত্যাদিৰ সৈতে সহাৱস্থান কৰিবলগীয়াত পৰিছে। অৱশ্যে বন্ধ শব্দটো অসমীয়াৰ বাবে কোনো নতুন নহয় যদিও যোৱা কিছুদিন ধৰি বিভিন্ন ছছিয়েল নেটৱৰ্কিং ছাইটত আৰু বাতৰি কাকতত বন্ধুবৰ্গ তথা অনেক লোকৰ মতামত তথা প্ৰতিক্ৰিয়া পঢ়ি বুজিব পাৰিলোঁ যে বৰ্তমান যুগত কোনেও বন্ধ সহজতে মানি ল’বলৈ বা পালন কৰিবলৈ মুঠেও ইচ্ছুক নহয়। ইয়াৰ ফলত বন্ধুই বৰ্তমান সমাজত প্ৰাসংগিকতা হেৰুৱাবলৈ ধৰিছে। সকলোৱে বুজি উঠিছে যে বন্ধপালন কৰি নিজেই এলেহুৱা হৈ তথা সমাজ আৰু ৰাজ্যৰ লোকচান সাধন কৰি কোনো সমস্যাৰ আজিলৈকে সমাধান হোৱা নাই বা ভৱিষ্যতেও নহয়। যেতিয়া গৰিষ্ঠসংখ্যক ৰাইজেই এনেবোৰ বন্ধ মানিবলৈ প্ৰস্তু নহয়, তৎসত্বেও জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে গৈ এনে বন্ধ জাপি দিয়াটো গণতান্ত্ৰিক দৃষ্টিভংগীৰে পৰিচায়কনে? এই কথাষাৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে। দ্বিতীয়তে যিকোনো সংস্থা বা সংগঠনৰ বন্ধ আহ্বান কৰাৰ হে কৰ্তৃত্ব বা অধিকাৰ আছে। সেই বন্ধ পালন কৰিবনে নাই তাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব সাধাৰণ ৰাইজৰ। কোনোৱে ইচ্ছা কৰিলে বন্ধক সমৰ্থন কৰি তাক পালন কৰিব পাৰে আৰু আন কোনোৱে ইয়াৰ বিৰোধিতা কৰি নিজৰ স্বাভাৱিক জীৱন যাত্ৰা আগবঢ়াই নিব পাৰে। যদি গৰিষ্ঠসংখ্যক ৰাইজে ইয়ালৈ সমৰ্থন আগবঢ়ায় তেন্তে এনে বন্দক সফল হিচাপে গণ্য কৰা হ’ব অন্যতা সেই বন্ধৰ কোনো মূল্য নাথাকিব। কিন্তু বৰ্তমান সমাজত ইয়াৰ এক বিপৰীত ছবিহে দৃশ্যমান হৈছে। বন্ধ আহ্বান কৰা সংগঠনসমূহে বলপূৰ্বকভাৱে সৰ্বসাধাৰণৰ ওপৰত বন্ধক জাপি দিয়াৰ প্ৰচেষ্টা চলাই এক অগণতান্ত্ৰিক তথা ফেচিষ্ট মানসিকতাৰ পৰিচয় দাঙি ধৰে। সময়ে সময়ে হিংসা ৰূপ ধাৰণ কৰি ৰাজপথত চলাচল কৰা বিভিন্ন যান-বাহন, দোকান-পোহাৰ আদিত আক্ৰমণ চলাই ৰাজহুৱা তথা ব্যক্তিগত সা-সম্পত্তি ধ্বংসৰ কাৰ্যত লিপ্ত হয়। ইয়াৰ দ্বাৰা এক কথা স্পষ্ট ৰূপত প্ৰতীয়মান হয় সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থৰ দিশে পিঠি দি কেৱল ব্যক্তিগত তথা সাংগঠনিক অস্তিত্ব আৰু প্ৰভুত্ব জাহিব পৰাই তেনে বন্ধ আহ্বানৰ আঁৰৰ কাহিনী। অসমবাসীৰ দুৰ্ভাগ্য যে তেনে কিছুমান জাতীয়তাবাদৰ অৰ্থ বুজি নোপোৱা তথা ভণ্ড সমাজসেৱী সংগঠনৰ আহ্বানত অনিচ্ছা সত্ত্বেও বন্ধ পালন কৰিবলৈ বাধ্য হৈ আমি বিসৰ্জন দিছো আমাৰ গণতান্ত্ৰিক স্বাধীনতাক।

এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয় যে অত বছৰে বন্ধৰ সৈতে সহাৱস্থান কৰাৰ ফলত সংগঠনসমূহ তথা ৰাজ্যবাসীৰ কেইটা দাবী পূৰণ হ’ল? যদি বন্ধ পালন কৰিয়েই দাবী পূৰণ কৰিবপৰা গ’লহেতেন তেন্তে আমাৰ অসম মুলূক এই ক্ষেত্ৰত দেশৰ এক নম্বৰ স্থানত থাকিলহেতেন। অন্ততঃ অসমৰ ক্ষেত্ৰত যে বন্ধুৰ কোনো প্ৰাসংগিকতা নাই সেই কথা বুজাত বোধকৰো সৰ্বসাধাৰণ ৰাইজৰ কোনো অসুবিধা নহয়। এনে প্ৰাসংগিকতা নোহোৱা হোৱাৰ বাবে কিন্তু আমাৰ বন্ধ দিয়া সংগঠনসমূহেই মূলত দায়ী। দেখা যায় যে একে ইছ্যুক কেন্দ্ৰ কৰিয়েই বিভিন্ন সংগঠনে নিজাববীয়াকৈ একেলেথাৰিয়ে বন্ধ আহ্বান কৰে। ইয়াৰোপৰি পথ অৱৰোধ, ৰে’ল অৱৰোধ, চকা বন্ধ তথা স্থানীয় বন্ধুসমূহ আছেই। উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যাব বিচৰা অসমৰ ৰাইজে আৰু এনে অশুভ সংস্কৃতিক আদৰি ল’বলৈ কোনোপধ্যেই প্ৰস্তু নহয়। ভাৰতৰ সফল গণ আন্দোলনসমূহলৈ লক্ষ্য কৰিলে আমি দেখিম যে তেনে আন্দোলনসমূহত সকলো শ্ৰেণীৰ লোক স্বৰ্তঃস্ফূৰ্তভাৱে জপিয়াই পৰিছিল, তাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে তেনে আন্দোলনসমূহৰ নেতৃত্ব দিবলৈ একো একোজন কেন্দ্ৰীয় ব্যক্তি আছিল। উদাহৰণস্বৰূপে প্ৰাক-স্বাধীনতাৰ যুগত ভাৰত ত্যাগ আন্দোলনৰ নেতৃত্ব দিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে, জৰুৰীকালীন অৱস্থাৰ সময়ত জয়প্ৰকাশ নাৰায়নে নেতৃত্ব দিয়া আন্দোলনৰ ফলশ্ৰুতিত ইন্দিৰা গান্ধীৰ চৰকাৰ ওফৰি পৰিছিল। ২০১১ চনত আন্না হাজাৰেৰ লোকপাল আন্দোলনে সমগ্ৰ দেশবাসীক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। কিছুবছৰ পূৰ্বে হাৰ্দিক পেটেল নামৰ ২২ বছৰীয়া যুৱক এজনৰ নেতৃত্বত চলা গুজৰাটৰ পেটেল সম্প্ৰদায়ৰ আন্দোলনে সমগ্ৰ দেশ কঁপাই তুলিবলৈ সক্ষম হৈছিল। আনকি হাৰ্দিক পেটেল নামৰ ২২ বছৰীয়া যুৱক এজনৰ নেতৃত্বত চলা গুজৰাটৰ পেটেল সম্প্ৰদায়ৰ আন্দোলনে সমগ্ৰ দেশ কঁপাই তুলিবলৈ সক্ষম হৈছিল। আনকি হাৰ্দিক পেটেলৰ ভয়ত কেন্দ্ৰীয় চৰকাৰ তথা আৰএছএছো কম্পমান হৈছিল। এই সকলোবোৰৰপৰা এটা কথা প্ৰতীয়মান হয় যে যিকোনো আন্দোলন বা সংগ্ৰাম সফল হ’বলৈ হ’লে এ’ বলিষ্ঠ নেতৃত্বৰ প্ৰয়োজন। আজি অসমত দৈনিক হৈ থকা আন্দোলনসমূহে তেনে এক নেতৃত্ব লাভ কৰিছেনে? প্ৰতিবাদৰ ভাষা ৰূপে বন্ধ তথা অৱৰোধ কৰি জনগণক হাৰাশাস্তি কৰা নেতাসকলক ৰাইজে কিমান বিশ্বাসত ল’ব? কেতিয়াও নাম শুনিবলৈ নোপোৱা কিছুমান সংগঠন কেৱল বন্ধৰ সময়তহে পোহৰলৈ আহে। কিয়নো বন্ধই হৈছে তেনে ব্যক্তিৰ তথা সংগঠনৰ বাবে অস্তিত্ব ৰক্ষাৰ শেষ উপায়। অসমৰ স্বাৰ্থ বা জনসাধাৰণ বৃহত্তৰ স্বাৰ্থ তেওঁলোকৰ বাবে গৌণ বিষয়।

একো একোটা আন্দোলন বা প্ৰতিবাদী কাৰ্যসূচীক সফল ৰূপ দিয়াত সৰ্বসাধাৰণ ৰাইজৰ স্বৰ্তস্ফূৰ্ত তথা সক্ৰিয় অংশগ্ৰহণ বা সমৰ্থন জড়িত হৈ থাকে। সময়সাপেক্ষে কেতিয়াও প্ৰতিবাদৰ ভাষা বা কৌশল সলনি কৰিবলগীয়াত পৰে। অসমত সঘনাই পালিত বন্ধই কিছু সংগঠনৰ স্বাৰ্থ পূৰণ কৰাৰ বাহিৰে বাকী কিছু উদ্দেশ্য সিদ্ধি কৰিব পাৰে সেয়া মনে নধৰে। অতি প্ৰয়োজনীয় বুলি ভাবিলেও ১২ ঘণ্টা বা ২৪ ঘণ্টা বন্ধ দি জনসাধাৰণক হাৰাশাস্তি কৰাতকৈ ২-৩ ঘণ্টীয়া সৰু বন্ধ পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰি। মহামান্য উচ্চতম ন্যায়ালয়ে ২০১০ চনতে এক ঐতিহাসিক ৰায়দানত বন্ধক অবৈধ তথা অসাংবিধানিক বুলি ৰায়দান দি কৈছিল ‘A call for bandhs by any organiটেল নামৰ ২২ বছৰীয়া যুৱক এজনৰ নেতৃত্বত চলা গুজৰাটৰ পেটেল সম্প্ৰদায়ৰ আন্দোলনে সমগ্ৰ দেশ কঁপাই তুলিবলৈ সকzation or association is illegal and unconstitutional for it invoves destruction of public property and may result in physical injury’ Supreme Court (july 2010)।কিন্তু আজি পৰ্যন্ত এই ৰায়দান সম্পূৰ্ণৰূপে কাৰ্যকৰী নোহোৱাটো দুৰ্ভাগ্যৰ বিষয়। আমেৰিকা, ব্ৰিটেইনৰ দৰে উন্নত দেশবোৰতো বন্ধৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। ভাৰতবৰ্ষত একমাত্ৰ ৰাজনৈতিক পাকচক্ৰৰ বাবে বন্ধ নিষিদ্ধ হোৱা নাই, কিয়নো ৰাজনৈতিক দলসমূহেও জনসাধাৰণৰ মাজত স্থিতি শক্তিশালী কৰিবলৈ বন্ধকেই এক আহিলাৰূপে ব্যৱহাৰ কৰি আহিছে। এখন দেশ তথা ৰাজ্যৰ প্ৰগতিৰ মূল চালিকা শক্তিয়েই হৈছে অৰ্থনৈতিক উন্নয়ন। বন্ধৰ ফলত দেশ বা ৰাজ্যৰ অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয়। ফলত বন্ধ হৈ পৰে উন্নয়নৰ প্ৰধান হেঙাৰ। তাৰোপৰি স্কুল-কলেজ আদি বন্ধ হৈ যোৱাৰ ফলত শৈক্ষিক পৰিৱেশ বাৰুকৈয়ে বিনষ্ট হয়, জনসাধাৰণৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নোহাৱা হয়। সুখবৰ এয়াই যে সমাজৰ যুৱচামে আজি বন্ধৰ অপকাৰিতা সম্পৰ্কে ভালেখিনি বুজি উঠিছে। তাত সহযোগিতা বা সমৰ্থন আগবঢ়াবলৈ আজি সমাজৰ কোনো সচেতন লোক প্ৰস্তুত নহয়। মাথো আমাৰ কামনা বন্ধৰ আহ্বান দি সমাজৰ আগত নিজৰ অস্তিত্ব বা শক্তি জাহিৰ কৰিব বিচৰা সংগঠনসমূহৰ বৰমূৰীয়াসকলৰ সুবুদ্ধি জাগ্ৰত হোৱাটো যাতে এখন বন্ধ অৱৰোধ মু্ক্ত সমাজ গঢ়ি ৰাজ্যলৈ এক সুস্থিৰ বাতাবৰণ কঢ়িয়াই আনিবপৰা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close