শেহতীয়া
Home / সাহিত্য / নিবন্ধ / প্ৰসংগ: ‘অসমীয়াগিৰি’

প্ৰসংগ: ‘অসমীয়াগিৰি’

হিমাংশু ৰঞ্জন ভূঞা

হয়… আমি অসমীয়া। জীৱনে মৰণে চিৰদিন অসমীয়া। অসমীয়া জাতি-সত্বাক লৈ আমি গৌৰৱান্বিত। অসম আৰু অসমীয়া জাতি-মাটি, কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্যৰ মেটমৰা সম্ভাৰক লৈ আমি প্রতিজন অসমীয়াই অহংকাৰ কৰোঁ। অসমীয়া জাতিৰ ঐতিহ্য, সৌৰ্য-বীৰ্য্য, বীৰত্বক লৈ আমি গৌৰৱৰ ধ্বজা উৰুৱাই আহিছে। অসমীয়া জাতি শংকৰ মাধৱৰ অনবদ্য অৱদানৰে, আজান ফকীৰৰ সমন্বয়ৰ বাণীৰে, লাচিত বৰফুকন, বীৰ চিলাৰায়, মূলাগাভৰু, কনকলতাৰ সাহস আৰু বীৰত্বৰে, সতী জয়মতীৰ ত্যাগৰ গাঁথাৰে মহীয়ান। অসমীয়াই মোগলক খেদিছিল, মানক খেদিছিল, ইংৰাজক খেদিছিল, অসমীয়া গাভৰুয়ে দেশৰ বাবে, জাতিৰ বাবে আত্মবলিদান দিছিল। বিদেশী বিতৰণ কৰিবলৈ গৈ শ-শ তেজাল ডেকা ছহিদ হৈছিল। — এয়া আমাৰ বাবে চিৰাপ্রজ্বোলিত আত্মগৌৰৱৰ সমল।

আজি জাতিটো জটিল সন্ধিক্ষণত। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশতে সংকটৰ কৰাল গ্ৰাসত পতিত হৈছে অসম আৰু অসমীয়া জাতি। দিনকদিনে বাঢ়ি অহা নিত্যনতুন সমস্যাই জুৰুলা কৰি আহিছে অসমীয়াক। কিন্তু সমাধান হ’লে এটাৰো হোৱা নাই। অতি-আৱেগিক অসমীয়া জাতিয়ে মাথোঁ ৰাজপথত প্রতিবাদ কৰি, অসম বন্ধ দি, অনশণ-সত্যাগ্ৰহ কৰি সমস্যা সমাধান কৰাৰ চেষ্টা কৰিছে। যদিও নিতৌ ন-ন সমস্যা বাঢ়ি গৈহে আছে। এটা চামে পাছে আৱেগপ্ৰৱণ অসমীয়াৰ এই খন্তেকীয়া অতি আৱেগৰ সুযোগ লৈ মুনাফা আদায়ৰ বাবে তৎপৰ হৈ থকা দেখা গৈছে। অতি-সম্প্রতি বিশেষভাৱে চৰ্চিত এটা শব্দ হ’ল – ‘অসমীয়াগিৰি’৷ অসমৰ ইতিহাস নজনা, অসম আৰু অসমীয়া সম্পর্কে সম্যক জ্ঞান নথকা এজন সংকীর্ণ মানসিকতাৰ সাম্প্রদায়িক নেতাই দিয়া এক বিশেষ মন্তব্যৰ পাছতে ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি হৈছে। যিটো কাৰো কাম্য নাছিল। ক্ষোভ আৰু আৱেগত আজি অসম জ্বলিবলৈ ধৰিছে।

আজি ‘অসমীয়াগিৰি’ প্ৰসংগক লৈ উত্তাল হৈছে সমগ্ৰ ৰাজ্য। যোৱা দুই-চাৰিদিন বিভিন্ন সংবাদ মাধ্যম, লগতে ফেচবুক, হোৱাটছ-এপ আদি ছচিয়েল মিডিয়াত বহুলভাৱে চৰ্চিত হৈছে এই ‘অসমীয়াগিৰি’ প্ৰসংগটো। ‘এইখন অসম হয়, ইয়াত অসমীয়াগিৰি চলিবই’ শীর্ষক এখন প্ৰফাইল ফটো সংযোজন কৰিছে। ফেচবুকৰ অসমীয়া ব্যৱহাৰকাৰীসকলে। ভাল লাগিছে, অসমীয়া জাতি-মাটিৰ প্ৰতি থকা এই সচেতনতাৰ জোৱাৰ দেখি। কিন্তু বাস্তৱক্ষেত্ৰত কেৱল ফেচবুকত ‘অসমীয়াগিৰি’ কৰিলেই আমি অসমীয়া”হৈ থাকিম জানো? থিক আছে, আমি ‘অসমীয়াগিৰি’ কৰিমেই। কিন্তু আনৰ ওচৰত ‘অসমীয়াগিৰি’ দেখুৱাবলৈ আপুনি মই নিজে কিমান ‘অসমীয়া’ হৈ আছোঁ? শংকৰদেৱ-আজানপীৰে ভাওনা, বৰগীত, ভটিমা, জিকিৰ-জাৰি আদিৰ মাধ্যমৰে অসমীয়া জাতি আৰু সংস্কৃতিৰ এনাজৰীডাল দুগুণ কটকটীয়া কৰি যোৱা অসমখনত এতিয়া আমি আমাৰ সন্তানসকলক নিতৌ পুৱা থৈ আহো ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পদূলিত। ‘মোৰ সন্তানে অসমীয়া ক’ব বা লিখিব নেজানে বুলি সদায় আত্মগৌৰৱ কৰি আহিছোঁ।‘ “মা”, ‘দেউতাৰ ঠাইত সিঁহতক ক’বলৈ শিকাইছো মান্ময়ী’, ‘পাপা’। পেহা-পেহী, জেঠাই-জেঠো, মামা-মামী, খুৰা-খুৰী, বৰদেউতা-বৰমাৰ স্থান ল’লে আংকল-আণ্টি’ য়ে। টিভিৰ কাৰ্টুন চাই শিকা কিছুমান আচহুৱা হিন্দী-ইংৰাজী মিশ্ৰিত খিচিৰি ভাষাৰে সৰুৰপৰা ককায়েক-ভায়েক, বায়েক-ভনীয়েকৰ লগত কথা-বতৰা পতা দেখিও শুধৰাই দিয়াৰ পৰিৰ্ৱতে দহজনৰ আগত ‘আমাৰ ইহঁত কেইটাই অসমীয়াত কথা নাপাতেই, হিন্দী-ইংৰাজীতহে পাতে’ বুলি জহাই ফুৰি সিঁহতৰ কণমানি মন-মগজুত নিজৰ ভাষা-সংস্কৃতিৰ প্রতি অনিহাৰভাৱ সৃষ্টিত নিতৌ অৰিহণা যোগাই আহিছে। নীতি-শিক্ষা, শিষ্টাচাৰ, ভদ্রতা, শালীনতা আদিৰ জ্ঞান প্ৰদানত লাজ লগাকৈ ব্যর্থ হৈছো। আজি আমাৰ সন্তানে নিজৰ জাতিটোৰ বৰ্ণাঢ্য ইতিহাসৰ বিষয়ে জানেনে ? শংকৰদেৱ-মাধৱদেৱ, লাচিত-চিলাৰায়, জয়মতী-মূলাগাভৰু-কনকলতা, জ্যোতিপ্ৰসাদবিষ্ণুৰাভাক চিনি পাইনে? আমি কেতিয়াবা আমাৰ সন্তানক কৈ পাইছোনে এইসকল পুৰোধাৰ অৱদান, কৰ্মৰাজী, চিন্তা-আদর্শ, ত্যাগ আৰু বীৰত্বৰ কথা। আমি আমাৰ উত্তৰপুৰুষসকলক নিজৰ পৰিয়ালৰ পূৰ্বপুৰুষসকলৰ কৰ্মৰাজি, গাঁওখনৰ অতীত ইতিহাসৰ বিষয়ে কিবা জনাৰ সুবিধা দিছোনে? তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, গেছ-ক্ৰেকাৰ প্ৰকল্প, এন. আৰ. চি. প্ৰস্তুত আদি কিহৰ ফলশ্রুতিত হৈছে আমাৰ সন্তানসকলক জানিবলৈ দিছোনে? আমি আমাৰ সন্তানসকলক অসম আৰু অসমীয়া জাতিৰ প্ৰতি ভৱিষ্যত দিনত কিবা এটা কৰাৰ মানসিকতা গঢ় ল’বলৈ উদ্বুদ্ধ কৰিছোনে? গাঁৱৰ ভাওনা ভাগত ভাও এটা ল’বলৈ, বছৰৰ বিহুটিত গাঁৱৰ চেমনীয়া-ডেকাহঁতৰ সৈতে হুচৰি জুৰিবলৈ, বিহু মাৰিবলৈ আমাৰ সন্তানসকলক উলিয়াই পঠাওনে ? অথচ তেওঁলোকে অধ্যয়ণ কৰা ইংৰাজী মাধ্যমৰ বা মিছনেৰী বিদ্যালয়সমূহত পালিত খ্ৰীষ্টমাছ বা অন্যান্য তেনেধৰণৰ অনা-অসমীয়া উৎসৱ পালন কৰিবলৈ আগ্রহৰে , স-গৌৰৱে উলিয়াই নিও। আজি আমি অসমীয়া লোক-সংস্কৃতিৰ সোণসেৰীয়া সম্পদসমূহ – বৰগীত, বনগীত, বিয়ানাম, আইনাম, ওজাপালি, ভাওনাৰ বচন, বিলাপ, পয়াৰ, মধ্যাৱলী, মুক্তাৱলী, জিকিৰ-জাৰি আদিৰ কিমান চৰ্চা কৰিছোঁ? আমি বিহু উদযাপনৰ নামত দুই তিনিমাহ পর্যন্ত যি কৰ্মকাণ্ড কৰি আহিছে, সেয়া কিহৰ পৰিচায়ক?

আজি আমি নিজকে প্ৰশ্ন কৰো আহক, ‘অসমীয়াগিৰি’ দেখুৱাব পৰাকৈ আমি অসমীয়া নিজেই কিমান সবল? বজাৰৰ পৰা শাক-পাচলি মাছ-মাংসলৈকে সকলোখিনি কিনিছো সন্দেহজনক বুলি আখ্যা দিয়া লোকসকলৰপৰা, নিত্য ব্যৱহাৰ্য দাইল, পিয়াজ, আটা-ময়দা আদি  খাদ্য সামগ্ৰী, গৰু বিহুৰ বাবে পঘাডাল, পাখিয়তী গছৰ ঠালটো, বিহুৰ বিহুৱানখন, কাপোৰ কেইযোৰ কিনিছো তেনেধৰণৰ অনা-অসমীয়া ব্যৱসায়ীৰ পৰা, নিতৌ চুলি-দাড়ি খুৰাবলৈ বিহাৰি চেলুনলৈ গৈছে, ঘৰত সাধাৰণ ঘৰুৱা কাম-বন কৰাবলৈও হাজিৰা দি নিয়োগ কৰিছো কোনো সন্দেহজনক বিদেশী পুৰুষ মহিলাক। আঘোণমহীয়া ধান দাবলৈ, শাওনৰ পথাৰত ধান ৰুবলৈ সেইসকল নহ’লেই নোহোৱাৰ নিচিনা। ৰিক্সা, থেলা আদি চলোৱা কেইজন অসমীয়া যুৱক আছে? মুঠতে তেওঁলোক নহ’লে যেন আজি অসমীয়া অচল। অসমীয়া ডেকাই কাম কৰিবলৈ লাজ কৰে। যাৰ বাবে দিনকদিনে আমিয়েই সিহঁতক বৰপীৰা পাৰি বহুৱাইছো। অসমীয়া ডেকাই আজি তিনিআলি-চাৰিআলিৰ দোকানৰ সন্মুখত চাধা-চিগাৰেট সেৱন কৰি, আদ্দা মাৰি ঘণ্টাৰ পাছত ঘণ্টা অপব্যয় কৰে, অথচ ঘৰত নিজে হালখন বাই মাটি কেইদৰাত খেতি কৰিবলৈ, ঘৰৰ সন্মুখত চেলুন। এখন খুলিবলৈ লাজ কৰে। দোকান এখন দি নিজৰ উপাৰ্জনৰ পথ মোকলাবলৈ মুঠেও আগ্রহী নহয়। মাত্র নিজকে বেকাৰ’ বুলি ভাগ্যক ধীয়াই পুৱা-গধূলি চাৰিআলিৰ মূৰৰ দোকানত আদ্দা দি, পৰ-সমালোচনা কৰি, দিনৰ দিনটো মোবাইল পিতিকি থাকি নিজৰ জীৱনৰ বহুমূলীয়া সময়খিনি অপব্যয় কৰে। আজি নিবনুৱা বুলি ভাগ্যক ধিয়াই এনেদৰে দোকানৰ সন্মুখত আদ্দা মাৰি সময় নষ্ট কৰা ডেকাহঁতে যদি

প্রত্যেকেই কাম কৰিম বুলি ওলাই আহি বিভিন্ন ব্যৱসায়, খেতি-বাতি আদি কৰি, চেলুন খুলি নিজৰ ভৰিত নিজে থিয় দিয়ে, তেন্তে এইসকলে অসমত এনেদৰে দপ-দপাবলৈ সাহ পাবনে? আজি অসমীয়া ডেকাই পথাৰত হাল বাই, ধান ৰুই-কাটি, ঘৰৰ মাটি কেইডৰাত নিজেই কৰা কবি, আলু, গাজৰ আদি শাক-পাঁচলি বজাৰলৈ নি বিক্ৰী  কৰি, বিভিন্ন দোকান-ব্যৱসায় আৰম্ভ কৰি, চেলুন খুলি, ৰিক্সা, থেলা আদি চলাই, লাখ লাখ বিঘা গ্রেজিং বা চৰণীয়াভূমি সন্দেহজনক বিদেশীৰ কৱলৰ পৰা মুকলি কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক বাধ্য কৰি কওঁক – ‘এইখন অসম হয়। ইয়াত অসমীয়া গিৰি চলিবই’। ছচিয়েল মিডিয়াত বিতর্ক কৰি বা প্ৰফাইল ফটো সলালেই কিন্তু ‘অসমীয়া গিৰি’ নচলে। পৰিশেষত কও, ‘অসমীয়াগিৰি’ অসমীয়াৰ খন্তেকীয়া আৱেগ নহয়। ‘অসমীয়াগিৰি’ প্ৰতিজন অসমীয়াৰ শৰীৰৰ সিৰাই সিৰাই প্রবাহিত আছে। আকৌ কৈছো, আমি অসমীয়া মানুহখিনি খন্তেকীয়া আৱেগত উটি-ভাঁহি যাওঁ কাৰণেই বাৰে বাৰে এনেদৰে অপমানিত হওঁ। আমি মনে-প্ৰাণে কামনা কৰিছো— ‘অসমীয়াগিৰি’ৰ এই আৱেগ, আৱেগ হৈ নাথাকক, চিৰস্থায়ী হওঁক। অসমত প্রকৃতভাৱে অসমীয়াগিৰি আৰম্ভ হওঁক। আৱেগেৰে নহয় যুক্তিৰে, উদ্দেশ্যৰে আৰু উপযুক্ত কর্মস্পৃহাৰে। প্ৰতিজন অসমীয়াই আৱেগ বৰ্জিত হৈ অসমৰ জাতিমাটি, কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য ৰক্ষাৰ বাবে আত্মনিয়োগ কৰি, স্বাৱলম্বী হৈ, প্ৰতিগৰাকী উত্তৰপুৰুষক একো একোজন অসমীয়া’ হিচাপে গঢ়াৰ পণ লৈ ‘অসমীয়াগিৰি’ আৰম্ভ কৰক। সেয়াহে আজিৰ সময়ৰ আহ্বান।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*