বিনোদনশীৰ্ষ

শ্বাহৰুখৰ পিতৃ বিগ-বি!

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: কিং খান শ্বাহৰুখৰ পিতৃ প্ৰকৃততে অমিতাভ বচ্চন নেকি? এই কথাৰ অৱতাৰণা কৰিছে স্বয়ং শ্বাহৰুখ খানে। শ্বাহৰুখ খানে প্ৰকাশ কৰা মতে, তেওঁৰ পুত্ৰ আবৰামে বিশ্বাস কৰে যে পিতৃ শ্বাহৰুখৰ দেউতাক অমিতাভ বচ্চনহে। ‘কভি খুচি কভি গম’ নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে কণমানি আবৰামৰ মনত এই ধাৰণা সোমাই যোৱা বুলি প্ৰকাশ কৰে শ্বাহৰুখে।

দেওবাৰে অমিতাভ বচ্চনে নাতিনীয়েক আৰাধ্যাৰ জন্মদিনৰ কেইবাখনো ফটো টুইটাৰযোগে শ্বেয়াৰ কৰে। য’ত দেখা গৈছে বলিউডৰ কিংবদন্তি তাৰকা অমিতাভ বচ্চনৰ সৈতে পিতৃ শ্বাহৰুখৰ উপস্থিতিত আবৰামে লৈছে কেণ্ডিফ্লছৰ জুঁতি। ইয়াৰ পাছতে শ্বাহৰুখ খানে এক টুইটযোগে কয় যে, আবৰামে যেতিয়াই অমিতাভ বচ্চনক টিভিত দেখে আবৰামে ভাবে যে, বিগ-বি মোৰ পিতৃ।

Related Articles

Leave a Reply

Close