অসমশীৰ্ষ

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ‘পিপিএফএ’ৰ আহ্বান

প্ৰথম খবৰ, গুৱাহাটী: বিশিষ্ট সাংবাদিক আৰু নিৰ্ভীক দেশপ্ৰেমিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে শেহতীয়াকৈ ৰাজহুৱা জীৱন ত্যাগ কৰাৰ লগতে অসম এৰি যোৱাৰো যি সিদ্ধান্ত লৈছে, সেই কথাত গভীৰ দুখ আৰু উদ্বেগ প্ৰকাশ কৰি ‘পেট্ৰিয়টিক পিপলছ ফ্ৰণ্টী অসম’ (পিপিএফএ)এ অসমৰ বৃহত্তৰ স্বাৰ্থৰ হকেই চক্ৰৱৰ্তীক তেওঁৰ সেই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। নব্বৈৰ দশকত সন্ত্ৰাসৰ ভৰপক সময়ত অসমৰ জনজীৱন কলীয়া ডাৱৰে ছানি ধৰোতে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে তেওঁৰ নিৰ্ভীক আৰু বলিষ্ঠ কলমেৰে অসমবাসীক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিবলৈ যিদৰে সাহস আৰু প্ৰেৰণা যোগাইছিল, সেই কথা অসমৰ সমাজ জীৱনে চিৰদিনলৈ মনত ৰাখিব। ধেমাজিত বোমা বিস্ফোৰণ সংঘটিত কৰি নাৰী-শিশুৰ তেজেৰ ফাকু খেলা ‘আলফা’ৰ দুষ্কৃতিকাৰীহতৰ বিৰুদ্ধে কলমেৰে যুদ্ধ ঘোষণা কৰি চক্ৰৱৰ্তীয়ে সন্ত্ৰাসবাদৰ পতনৰ ঘণ্টা বজোৱাৰ দায়িত্ব পলান কৰিছিল। দেশপ্ৰেমী সন্ত্ৰাসবাদীয়ে ‘স্বাধীনতা দিৱস’ বা ‘গণৰাজ্য দিৱস’ৰ দৰে জাতীয় দিৱসসমূহ বন্দুক-বাৰুদৰ ভয় দেখুৱাই বন্ধ কৰাৰ যি ভাবুকি দেখুৱাইছিল, তাৰ বিৰুদ্ধে থিয় দিও এমুঠি সাহসী সাংবাদিকক জাতীয় পতাকা উত্তোলন অভিযানত নেতৃত্ব দি চক্ৰৱৰ্তীয়ে অসমৰ জাতীয় জীৱনত দেশপ্ৰেমৰ সোঁত বোৱাই আনি যি নতুন পৰিবৰ্তনৰ সূচনা কৰিছিল, সেই কথা দেশপ্ৰেমিক অসমীয়া ৰাইজে সদায় কৃতজ্ঞতাৰে স্মৰণ কৰিব।

সেয়েহে ‘পিপিএফএ’ই দুষ্টচক্ৰৰ ষড়যন্ত্ৰক অগ্ৰাহ্য কৰি আৱেগিক নহৈ অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰতে চক্ৰৱৰ্তীক তেওঁৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি অসমতে থাকি নানা সংকটৰ মুহূৰ্তত অসমৰ দেশপ্ৰেমিক জনগণক সদায় নেতৃত্ব দি যোৱাৰ পোষকতা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close