শেহতীয়া
Home / সম্পাদকীয় / পাঁচটকীয়া সাধু

পাঁচটকীয়া সাধু

মদাহীসকলৰ ওজৰ আপত্তি কম৷ বিশেষ সা-সুবিধা বিচাৰি কোনো মদাহীয়ে আজিলৈকে চৰকাৰক দাবী তোলা নাই৷ মদৰ দাম বাঢ়িল বুলিও কোনো দিনে প্ৰতিবাদ কৰা নাই৷ মদ কেনেকৈ বিক্ৰী হৈছে, কোনে বেছি দামত বিক্ৰী কৰিছে তাক লৈও খং ক্ষোভ নাই৷ সময়ত মদ যোগাৰ হ’লেই হ’ল। কিন্তু মদাহীৰ এই সৰলতাৰ সুযোগ লৈ আহিছে সুৰা ব্যৱসায়ীয়ে৷ আবকাৰী বিভাগৰ সৈতে বুজাবুজি কৰি এমআৰপিতকৈ বেছি দৰত সুৰা বিক্ৰী কৰি আছে গুৱাহাটীৰ বহু ৱাইনশ্ব’পত৷

আনকি, শেহতীয়াকৈ ৱাইন শ্ব’পত মদৰ বটলৰ সৈতে দিবলগীয়া পলিথিনৰ বেগক লৈ কমিছনৰ অংকত লিপ্ত হৈছে মহানগৰীৰ সম্ভ্ৰান্ত সুৰা বিপণী। আজিকালি হেনো ৱাইন শ্ব’পত মদৰ বটল ক্ৰয় কৰিলে পলিথিন নিদিয়ে৷ কিন্তু পলিথিন বিচাৰিলে কাষৰ পাণ দোকানৰ পৰা পাঁচ টকা দৰত ক্ৰয় কৰিবলৈ দেখুৱাই দিয়ে৷ পাঁচ টকা দৰত পাণ দোকানত বিক্ৰী হোৱা পলিথিনৰ আধা কমিছন লাভ কৰে থকা ৱাইন শ্ব’পে। কিন্তু ৱাইন শ্ব’পৰ কাহিনীটো বাৰু তেনেই সৰু কাহিনী৷ আজিকালি শ্বপিং মলবোৰত পাঁচটকীয়া পলিথিনৰ নামত গ্ৰাহকক দৈনিক লুণ্ঠন চলোৱাৰ পাছতো কাৰো ক’তো আপত্তি নাই৷

একোখন শ্ব’পিং মলত দৈনিক তিনি, চাৰি হাজাৰ লোকে সামগ্ৰী ক্ৰয় কৰে৷ সেই হিচাপত পোন্ধৰ হাজাৰ টকা পলিথিনৰ নামত দৈনিক ব্যৱসায় হয়, সেই হিচাপত মাহেকত পলিথিনৰ পৰা ডেৰ লক্ষ টকা৷ ৰাজ্যত পৰিৱেশ সচেতনতাৰ নামত কৰা এনে ভেঁকোভাওনাৰ গইনা লৈ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানে দৈনিক গ্ৰাহকক লুণ্ঠন চলোৱা নাইনে? ৱাইন শ্ব’পত পলিথিন নিদিয়া বাবে যদি মানুহে মদ খোৱা বন্ধ কৰে, সেইটোতো ভালেই কথা৷ কিন্তু শ্বপিং মলত পলিথিনৰ নামত লুণ্ঠন সহজভাৱে ল’ব পাৰি জানো?

Leave a Reply

Your email address will not be published. Required fields are marked *

*