সম্পাদকীয়

নাৰী-এটা ধাৰণা

নাৰী সমাজৰ চালিকাশক্তি। নাৰী ৰহস্যময়ী। নাৰীক স্বয়ং দেৱতায়ো বুজি পোৱা নাছিল বুলি কথিত আছে। যি কি নহওক নাৰীৰ প্ৰতি আমি যি ধৰণেই সংজ্ঞা আগনবঢ়াও কিয়, নাৰীক যিমানেই অপবাদ নিদিওঁ কিয়, নাৰীৰ প্ৰকৃতি সম্পৰ্কে যিমানেই বিশ্লেষণ দাঙি নধৰোঁ কিয়, নাৰী অবিহনে এখন সমাজৰ বিকাশৰ চিন্তা আমি কেতিয়াওঁ কল্পনা কৰিব নোৱাৰো। কিয়নো দেশ এখনৰ ভৱিষ্যৎ প্ৰজন্ম এগৰাকী নাৰীৰ ওপৰত নিৰ্ভৰশীল। নাৰীয়ে ধ্বংসও কৰিব পাৰে; সৃষ্টিৰো প্ৰতীক হ’ব পাৰে।

বৰ্তমান শৈক্ষিক দিশৰ লগতে জীৱন-ধাৰণ প্ৰণালী, চিন্তাধাৰা ব্যাপক হাৰত উন্নত হৈছে, তথাপি যেন বহুক্ষেত্ৰত আমি নাৰীক লৈ নেতিবাচক ধাৰণা কিছুমান এতিয়াও সলনি কৰিবলৈ সক্ষম হোৱা নাই। নাৰী অবিহনে পুৰুষ অসম্পূৰ্ণ। তথাপি কিছুক্ষেত্ৰত কেৱল নাৰীকে একপক্ষীয়ভাৱে দোষাৰোপ কৰাটো আমি উচিত বুলি নাভাবোঁ। এজন পুৰুষৰ জীৱনত এগৰাকীয়ে পৰিপূৰ্ণতা আনিব পাৰে। উভয় প্ৰচেষ্টাতহে এখন প্ৰগতিশীল সমাজৰ আশা কৰিব পাৰোঁ। তাৰ বাবে প্ৰত্যেকজন ব্যক্তি হ’ব লাগিব সচেতন, প্ৰয়োজন হ’ব নাৰী শিক্ষাৰ। কাৰণ এগৰাকী নাৰীক কুসংস্কাৰ, অন্ধবিশ্বাসৰ বলি কৰাৰ বিপৰীতে উচ্চ শিক্ষাৰে শিক্ষিত কৰাটোহে শ্ৰেয়। কিন্তু মনকৰিবলগীয়া এয়াই যে, আমাৰ সমাজত এতিয়াও অতিকমেও ৫০% নাৰী আজিও অন্ধকাৰ জীৱন-যাপন কৰিবলগীয়া হৈ আছে।

গতিকে নাৰীৰ প্ৰতি নেতিবাচক ধাৰণাটো আঁতৰাই সমাজ এখনৰ পৰিপূৰক হিচাপে ল’লেহে আমি নিজকে মানসিকভাৱে পৰিৱৰ্তন হোৱা বুলি ভাবিব পাৰিম। যিহেতু সমাজ অথবা দেশৰ যথাৰ্থ পৰিৱৰ্তন আৰু উন্নয়নৰ বাবে নাৰী পুৰুষ উভয়ৰে অৱদান অপৰিহাৰ্য্য।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close