সম্পাদকীয়

বিজুদা গ’ল গৈ

সত্য সদায় নিষ্ঠুৰ¸যাক মানি ল’বলৈ হয়তো অতিকৈ কঠিন অথবা কষ্টকৰ¸তথাপি আমি মানি ল’বলৈ বাধ্য। ১৯৪৭ চনত জন্মগ্ৰহণ কৰা বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুৰ খবৰটিয়ে শোকস্তব্ধ কৰি তুলিছে সকলোকে। যদিও তেওঁ অভিনয় ক্ষেত্ৰখনৰ বিভিন্ন নেতিবাচক চৰিত্ৰ ৰূপায়ন কৰিছিল সদাহাস্য ব্যক্তি এজনৰ বিয়োগত আমি মৰ্মাহত।

“মন হীৰা দৈ” খ্যাত বিজু ফুকন অসমীয়া চলচ্চিত্ৰ জগতৰ কেৱল এজন যশস্বী অভিনেতাই নাছিল¸তেওঁ এজন দক্ষ চলচ্চিত্ৰ পৰিচালকৰূপেও খ্যাতি অৰ্জন কৰিছিল। পোনপ্ৰথমে তেওঁ ১৯৭০ চনত ব্ৰজেন বৰুৱাৰদ্বাৰা পৰিচালিত চলচ্চিত্ৰ “ডাঃ বেজবৰুৱা”ত এটা গানৰ দৃশ্যত ভূমুকি মাৰি অভিনয়ত খোজ দিছিল। তাৰপাছত বিজুদাই অভিনয় জগত খনত থমকি ৰ’ব লগা হোৱা নাছিল; নায়ক হিচাপে অতিকমেও ৪০ৰো অধিক অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি অসমীয়া চলচ্চিত্ৰ জগতখনত এক নতুন ধাৰাৰ সূচনা কৰিছিল।বিজুদাই অভিনয় কৰা সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰৰ ভিতৰত “আজলী নবৌ”¸“বোৱাৰী” আদিৰ নাম উল্লেখযোগ্য।

অসমীয়া চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও বিজু ফুকনে অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ¸ যেনে- আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰত অভিনয়ৰ জয়যাত্ৰা অব্যাহত ৰাখিছিল। আনকি তেওঁ দূৰদৰ্শনৰ ছিৰিয়েল¸ টেলি নাটক আদিৰ অভিনয়ত পাৰদৰ্শিতা দেখুৱাইছিল এনে নহয়¸তেওঁ বাংলা চলচ্চিত্ৰতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ বাংলা চলচ্চিত্ৰ কেইখন আছিল-(ক)হোটেল শ্বোফিক্স¸(খ)অপৰাজিত¸(গ)দস্যু ৰত্নাকৰ¸(ঘ) গজমুক্তা।বিজু ফুকনৰ অভিনীত নাটক আছিল-(ক) কেপ্টেইন গগৈ¸(খ) ফল্গু¸(গ)হিয়া ধুৱাই নিলে।

অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকাৰ সময়ছোৱাত বিজু ফুকনে ৰাজনৈতিক ক্ষেত্ৰত হাত মেলিছিল যদিও তেনেকৈ সফল হ’ব পৰা নাছিল। ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ টিকটত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও সেই নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।

যি কি নহওক¸বিজু ফুকনৰ শেষ নিশ্বাস ত্যাগ মানে অসমৰ চলচ্চিত্ৰ জগতখনৰেই নহয় সমগ্ৰ অসমৰ এক অপূৰণীয় ক্ষতি। বিজুদালৈ যাচিলোঁ অশ্ৰু অঞ্জলি; তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ। শোকস্তব্ধ পৰিয়াললৈ জনালোঁ গভীৰ সমবেদনা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close