শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় / সাৱধান! ভুৱা হোৱাটছএপে বিপদত পেলাব পাৰে আপোনাকো

সাৱধান! ভুৱা হোৱাটছএপে বিপদত পেলাব পাৰে আপোনাকো

নিউজ ডেস্ক, প্ৰথম খবৰ: আপুনি হোৱাটছএপৰ কোনটো সংস্কৰণ ব্যৱহাৰ কৰে? খোদ গুগল প্লেষ্ট’ৰৰপৰাই লাখ লাখ ব্যৱহাৰকাৰীয়ে ভুৱা হোৱাটছএপ ডাউনলোড কৰি ব্যৱহাৰ কৰি আছে। শেহতীয়াভাৱে এই তথ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে হোৱাটছএপৰ নকল এই এপটোৰ নাম হৈছে ‘আপডেট হোৱাটছএপ মেছেঞ্জাৰ’। এতিয়া অৱশ্যে আপুনি প্লেষ্ট’ৰত বিচাৰিলে এই নকল এপটো নাপাব। কিয়নো ইতিমধ্যে গুগল প্লেষ্ট’ৰৰপৰা এই এপটো আঁতৰাই দিয়া হৈছে।

কিন্তু আঁতৰাই দিয়াৰ পূৰ্বে ১০ লাখতকৈও অধিক লোকে ডাউনলোড কৰি ব্যৱহাৰ কৰি আছিল এপটো। এপটো যাতে বিশ্বাসত লৈ মানুহে ডাউনলোড কৰে তাৰ বাবে নকল এপটোৰ ডেভেলপাৰৰ নামো দিয়া হৈছিল হোৱাটছএপ আইএনচি.। প্ৰকৃত হোৱাটছএপৰ ডেভেলপাৰৰ নাম হোৱাটছএপ আইএনচিৰ মাজত এটা স্পেচ আছে আৰু নকল এপটোৰ ডেভেলপাৰে হোৱাটছএপ আইএনচিৰ মাজত বিশেষ চিহ্ন ব্যৱহাৰ কৰিছিল যাতে সেয়া স্পেচ যেন লাগে আৰু ব্যৱহাৰকাৰী পতিয়ন যায়।

বৰ্তমানো ১০ লক্ষাধিক এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে আপডেট হোৱাটছএপ মেছেঞ্জাৰ ব্যৱহাৰ কৰি আছে। আপুনিও যদি এই নকল এপটো ব্যৱহাৰ কৰি আছে তেন্তে এতিয়াই আঁতৰাই দিয়ক আৰু প্ৰকৃত এপটো ব্যৱহাৰ কৰক। কাৰণ আপডেট হোৱাটছএপ মেছেঞ্জাৰ ব্যৱহাৰ কৰিলে অনাকাংক্ষিত বিজ্ঞাপন, ভাইৰাছ আদিৰ চিকাৰ হ’ব পাৰে ব্যৱহাৰকাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *

*