বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

আইএফএফআইৰপৰা বিদায় ল’লে সুজয় ঘোষে: ‘ছেক্সী দুৰ্গা’ বিতৰ্ক

নেশ্যনেল ডেস্ক, প্ৰথম খবৰ: ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰপৰা ভাৰতৰ জনপ্ৰিয় ছবি নিৰ্মাতা সুজয় ঘোষে পদত্যাগ কৰিলে। ‘ছেক্সী’ দুৰ্গা’ আৰু ‘ন্যুড’ ছবি দুখনৰ বিতৰ্কৰ বাবে এই সিদ্ধান্ত সুজয় ঘোষৰ।

‘ইণ্ডিয়ান পেন’ৰামা ছেকচন’ৰ সিদ্ধান্ত অনুসৰি মালায়ালম ছবি ‘ছেক্সী দুৰ্গা’ আৰু মাৰাঠী ছবি ‘ন্যুড’ক ৪৮ তম ফিল্ম ফেষ্টিভেলৰপৰা আঁতৰাই দিয়া হৈছে। উল্লেখযোগ্য যে, ইনফ’ৰমেশ্যন ব্ৰডকাষ্টিঙৰ এই সিদ্ধান্তক সুজয় ঘোষৰ লগতে বহুকেইজন ছবি নিৰ্মাতাই সহজভাৱে ল’বপৰা নাই। সেয়ে সুজয় ঘোষে কয়, ‘মই পদত্যাগ কৰিলোঁ, বৰ্তমান ইয়াতকৈ বেছি একো নকওঁ’।

‘ছেক্সী দুৰ্গা’ আৰু ‘ন্যুড’ ছবি দুখন প্ৰথমে বাটৰ নাট হিচাপে প্ৰদৰ্শন কৰা হৈছিল। যদিও পাছত বোলছবি আকাৰত ৪৮তম ফিল্ম ফেষ্টিভেলৰ বাবে নিৰ্বাচন কৰিছিল ছবি নিৰ্মাতাসকলে। কিন্তু গোৱাত অনুষ্ঠিত হ’বলগীয়া ফিল্ম ফেষ্টিভেলৰপৰা ছবি দুখন আঁতৰাই দিয়াত অসন্তুষ্ট হয় ছবি পৰিচালক দুজনো।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close