শীৰ্ষৰাষ্ট্ৰীয়

কাশ্মীৰত লস্কৰ-ই-তৈবাৰ তিনি সদস্য নিহত

নেচনেল ডেস্ক, প্ৰথম খবৰ: উত্তৰ কাশ্মীৰৰ মগম গাঁৱত নিৰাপত্তাৰক্ষী আৰু পাকিস্থানী উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত তিনিজনকৈ উগ্ৰপন্থী নিহত হয়। উল্লেখযোগ্য যে, গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীয়ে উক্ত অঞ্চলটো ঘেৰি ধৰাত উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ অভিযানৰ উমান পাই নিৰাপত্তাৰক্ষীৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ কৰে আৰু প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীবৰ্ষণ কৰাত তিনিজন দুধৰ্ষ কেডাৰ নিহত হয়। বৰ্তমান নিৰাপত্তাৰক্ষীয়ে উক্ত অঞ্চলটোত তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close