অসম

সত্তীশগড়ত অসমৰ খেলুৱৈক নিৰ্যাতন: ন্যায় বিচাৰিছে নলবাৰীৰ নিশান্তই

প্ৰথম খবৰ,  নলবাৰী: সদ্য সমাপ্ত ৰাষ্ট্ৰীয় স্কুল গেমছৰ বহিঃ ৰাজ্যত  অসমৰ খেলুৱৈ স্বয়ং খেল পৰিচালকৰ হাতত নিৰ্যাতিত হোৱা এক ঘটনা পোহৰলৈ আহিছে। সত্তিশগড়ত  অনুষ্ঠিত এই প্ৰতিযোগিতাৰ যোৱা ২৬ নৱেম্বৰত  ইভেণ্ট চলি আছিল অসম আৰু হাৰিয়ানাৰ মাজত কিক বক্সিং।

সেই সময়ত দৰ্শকৰ শাৰীত বহি থকা অসমৰ ক্ৰিকেট দলৰ খেলুৱৈ নিশান্ত ভৰালীসহ  অন্যান্য খেলুৱৈসকলে নিজ ৰাজ্য  ( অসম )ৰ কিক বক্সাৰগৰাকীক প্ৰেৰণা দি আছিল। তেনে সময়তে খেলৰ মূখ্য পৰিচালকজনে অসমৰ খেলুৱৈসকলক নানা তুচ্ছ তাচ্ছিল্য কৰি গালি গালাজ কৰাৰ লগতে নিশান্ত ভৰালীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে।

এই ঘটনাৰ পাছত  অসমৰ খেলুৱৈ দলটোৱে ঘটনা সন্দৰ্ভত স্থানীয় বিলাশপুৰ  আৰক্ষী থানাত  এজাহাৰ দাখিল কৰে যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ  অভিযোগ উঠিছে। অসমৰ খেলুৱৈ দলটো আহি আজি নিজগৃহত

Related Articles

Leave a Reply

Close