শেহতীয়া
Home / অসম / কলম এৰি সংসাৰৰ দায়িত্ব ল’ব বিতৰ্কিত ‘ৰাধা’ৰ স্ৰষ্টা নীলিমে

কলম এৰি সংসাৰৰ দায়িত্ব ল’ব বিতৰ্কিত ‘ৰাধা’ৰ স্ৰষ্টা নীলিমে

শেহতীয়াকৈ ঊনবিংশ উত্তৰ-পূব গ্ৰন্থমেলাৰ সময়ছোৱাত বিতৰ্কৰ মাজত সোমাই পৰিছে এখন উপন্যাস। ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগেৰে কেইবাটাও দল-সংগঠনে ‘ৰাধা’ৰ বিৰুদ্ধে গোচৰ তৰিলে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কলকাতাতো ‘ৰাধা’ৰ বিৰুদ্ধে গোচৰ তৰা হ’ল।

উপন্যাসখনেহে অসমৰ হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া সম্প্ৰীতিত ভাঙোন অনাৰ অভিষন্ধি ৰচনাৰ অভিযোগে ইমান ব্যাপক ৰূপ ল’লে যে অৱশেষত প্ৰকাশকে নিজেই কিতাপখনৰ বিক্ৰী বন্ধ কৰি দিয়াৰ সিদ্ধান্ত ল’লে। কিতাপখনে ইমান বিতৰ্কৰ সৃষ্টি কিয় কৰিলে, কি আছে ৰাধাৰ পাতে পাতে, এই সকলোবোৰ প্ৰশ্ন লৈ লেখক নীলিম আকাশ কাশ্যপক মুখামুখি হৈছিল প্ৰথম খবৰ। প্ৰথম খবৰ আৰু লেখক নীলিম আকাশ কাশ্যপৰ কথোপকথন পাঠকলৈ আগবঢ়ালোঁ।

প্ৰথম খবৰ: উত্তৰ-পূব গ্ৰন্থমেলাৰ আটাইতকৈ বিতৰ্কিত কিতাপখনেই ‘ৰাধা’। আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি?

নীলিম আকাশ কাশ্যপ: প্ৰথম কথা বিতৰ্কিত গ্ৰন্থ লিখাৰ মোৰ হেপাঁহ নাই। কাৰণ সাহিত্যক মই সাধনা বুলি ভাবোঁ। মানুহে যি ধৰণে কৈছে বিতৰ্ক বা জনপ্ৰিয়তাৰ বাবে, সেইধৰণৰ মোৰ অভিপ্ৰায় মোৰ নাই। মই ভাবোঁ সাহিত্য সাধনা আৰু সেই সাধনালব্ধভাৱে যদি কোনোবাই কিবা ঈপ্সিত সফলতাত উপনীত হ’ব পাৰে, সেইটোহে আচল সফলতা। মোৰ কোনো উদ্দেশ্যও নাই বা সপোনো নাই ডাঙৰ লেখক হোৱাৰ। মই লিখি ভালপাঁও সেইবাবে মই লিখোঁ।

কিন্তু ‘ৰাধা’ক লৈ আপোনাৰ বিৰুদ্ধে কেইবাটাও সংস্থা, বজৰংগ দল আৰু কেইবাটাও হিন্দু সংগঠন সৰৱ হৈ পৰিছে, এই সম্পৰ্কত আপুনি কি ক’ব?

কথাটো হ’ল গণমাধ্যম কিছুমানত ‘ৰাধা’ক লৈ প্ৰতিক্ৰিয়া হৈছে। প্ৰতিক্ৰিয়াৰ নামত কিছুমান অতিক্ৰিয়া চলিছিল। এটা ভুল মেচেজ গৈছিল যে ৰাধাক আমি মুছলমান সাজিছোঁ। কিন্তু আচলতে ৰাধা উপন্যাসখন এখন সম্পূৰ্ণ কাল্পনিক উপন্যাস।

বাস্তৱৰ লগত তাৰ কোনো সম্পৰ্ক নাই। এইখন এখন পৌৰাণিক উপন্যাসো নহয়। মাইথ’ল’জিকেল বা হিষ্ট’ৰিকেল একোৱে নহয়। আৰু এই কথাটো উপন্যাসখনত একাধিকবাৰ উল্লেখ কৰিছোঁ। আৰু উপন্যাসখনত ধৰ্মীয় কথা বা ধৰ্মীয় আঘাত হ’বলগীয়া কোনো কথা নাছিল। কিন্তু প্ৰচ্ছদখনক লৈ এচাম মানুহে ওলোটাকৈ প্ৰচাৰ কৰা ফলত এই প্ৰতিক্ৰিয়াখিনি জন্ম হ’ল। সেইবাবে সম্ভৱ সংগঠনসমূহে আঘাত পালে। আৰু এইটো স্বাভাৱিক, যিহেতু প্ৰচাৰটো এনেকুৱা ধৰণত হৈছে যে ৰাধাক মুছলমান কৰিলোঁ। এনেকুৱাকৈ প্ৰচাৰ হোৱাৰ ফলতেই তেওঁলোকে আন্তৰিক আঘাত পালে।

এইখিনিতে এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে আপোনাৰ উপন্যাসখন নহয়, ছ’চিয়েল মেডিয়াত প্ৰচাৰ হোৱাৰ বাবেহে সৰৱ হৈ পৰিছে সংগঠনসমূহ। আপুনি তেনেকৈ ক’ব বিচাৰে নেকি?

মই তেনেকৈ নকওঁ যে তেওঁলোকে ছ’চিয়েল মেডিয়াক লৈ সৰৱ হৈ পৰিছে। তেওঁলোকে কিতাপখনক লৈ সৰৱ হৈ পৰিছে। কিন্তু কিতাপখনক লৈ এটা ভুল মেচেজ ৰাইজৰ মাজলৈ গৈছিল। মানে ভুল মেচেজটো এনেকুৱা ধৰণৰ যে আমি ধৰ্মীয় আঘাত হানিছোঁ। এই কথাটো ৰাইজৰ মাজলৈ ভুলকৈ পঠিওৱা হৈছিল। 

অসম শংকৰ-আজানৰ দেশ। শতিকাজুৰি আমাৰ ইয়াত হিন্দু আৰু মুছলমানৰ মাজত ঐক্য-সম্প্ৰীতি পৰিলক্ষিত হৈ আহিছে। আপোনাৰ গ্ৰন্থখন প্ৰকাশ হোৱাৰ পাছতে সকলোৱে অভিযোগ তুলিছে যে অসমত হিন্দু আৰু মুছলমানৰ মাজৰ সম্প্ৰীতিৰ মাজত আপুনি ভাঙোন আনিব বিচাৰিছে। এই সম্পৰ্কত আপুনি কি ক’ব? আপুনি ভাঙোন আনিব বিচাৰিছে নেকি?

ভাঙোন অনাৰ প্ৰশ্নই নুঠে। সমগ্ৰ উপন্যাসখনত সাম্প্ৰদায়িক সম্প্ৰীতি যিটো, বিভিন্ন ধৰ্মৰ মাজত মিলাপ্ৰীতি, সেই মিলাপ্ৰীতিটোহে আমি দেখুৱাব বিচাৰিছিলো। কিন্তু দুৰ্ভাগ্যজনকভাৱে কথাটো ওলোটাহে হৈ গ’ল। মানুহে ওলোটাকৈ বুজিলে। ওলোটাকৈ বুজা বাবেহে সংগঠনসমূহে তেওঁলোকৰ প্ৰতিক্ৰিয়া কৰিলে। তেওঁলোকে যিটো প্ৰতিক্ৰিয়া কৰিছে, এইটো তেনেই স্বাভাৱিক। মই যদি এটা হিন্দুত্ববাদী সংগঠনৰ নেতৃত্বত থাকিলোঁহেঁতেন তেতিয়াহ’লে ময়ো হয়তো তেনেকুৱা প্ৰতিক্ৰিয়াই প্ৰকাশ কৰিলোঁহেঁতেন। গতিকে তেওঁলোকে যি অন্তৰত দুখ পাইছে বুলি জানিছোঁ, সেই দুখখিনি আমি সন্মান জনাইছোঁ। কিন্তু আমাৰ সস্তীয়া জনপ্ৰিয়তাৰ উদ্দেশ্য নাছিল বা কোনো ধৰ্মক আঘাত কৰাৰো উদ্দেশ্য নাছিলে বা ভাঙোন অনাৰো উদ্দেশ্য নাছিল…

গতিকে আপোনালোকে বিতৰণ বন্ধ কৰি দিলে…

আমি সেইবাবে লগে লগে বিতৰণ বন্ধ কৰি দিছোঁ। আৰু ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছোঁ।

আপুনি এটা শব্দ কৈছে যে প্ৰতিক্ৰিয়া আৰু অতিক্ৰিয়া। অতিক্ৰিয়াই আপোনাৰ গ্ৰন্থখনৰ বিৰুদ্ধে এটা জোৱাৰ তুলিলে। কিতাপখন নপঢ়োতেই একাংশই ছ’চিয়েল মেডিয়াত অতিক্ৰিয়া কৰিলে, নহয় জানো?

তেনেকুৱাই লাগিছে। কাৰণ কিতাপখনৰ প্ৰকাশিত সংস্কৰণ মই নিজে দেখা নাপাওতেই ঘটনাবোৰ ঘটিছে।

এইখিনিতে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, কিতাপখন যদি পাঠকৰ মাজলৈ যায় বা পাঠকে যদিহে কিতাপখন পঢ়ে, পাঠকৰ মনত হিন্দু আৰু মুছলমানৰ বিভেদৰ বীজ সিঁচাৰ আশংকা আমি কৰিব পাৰোঁ নেকি?

প্ৰথম কথা, পাঠকৰ ওচৰলৈ কিতাপখন নাযায়। যিহেতু আমি বন্ধ কৰি দিলোঁ।

যদি গ’লহেঁতেন?

যদি কিতাপখন গ’লহেঁতেন… বন্ধ নকৰা হ’লে গ’লহেঁতেন, তেতিয়াও পাঠকে নিশ্চিতভাৱে কোনো কাৰণতে সাম্প্ৰদায়িক সংঘাত সম্পৰ্কে বা হিন্দু-মুছলমান বা অন্য ধৰ্মৰ সংঘাত সম্পৰ্কীয় তিলমাত্ৰও আভাস নাপালেহেঁতেন। তাত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ বা ভুল বুজাবুজি নহয়, আমি সকলোৱে যাতে ভাই-ভাইৰ দৰে থাকিব পাৰোঁ, সেই কথাখিনিহে কোৱা আছিল।

আচলতে উপন্যাসখনত কি আছিল?

এখন কাল্পনিক উপন্যাস।

প্ৰেমৰ?

প্ৰেমৰ উপন্যাস।

উপন্যাসখনৰ কাহিনীটো কেনেকৈ আগবাঢ়িছে?

এগৰাকী মুছলমান ছোৱালী। যিয়ে পিতৃ-মাতৃহাৰা হোৱাৰ পাছত হিন্দু পৰিয়ালত ডাঙৰ-দীঘল হয়। তেওঁ তাত হিন্দুৰ মাইথ’ল’জিবোৰ শুনি শুনি কৃষ্ণ আৰু ৰাধা দুয়োজনকে ভালপাবলৈ লয়। সেই কাহিনীৰে আকৃষ্ট হৈ বাঁহী বজোৱা কানাইক ভালপাবলৈ শিকে। মনে-প্ৰাণে শ্ৰদ্ধা কৰিবলৈ শিকে। সেইটো হ’ল উপন্যাসখনৰ মূল কাহিনী।

মানে হিন্দু আৰু মুছলমানৰ এক সম্প্ৰীতিৰ কাহিনী আপুনি ক’বলৈ বিচাৰিছে।

হয়। কিন্তু সম্প্ৰীতিটোক এটা চামে ওলোটাকৈ প্ৰচাৰ কৰিলে। যাৰ কাৰণে বজৰং দল, ঐক্য সেনা অসম, আইএইচএছ… এনেধৰণৰ সন্মানীয় সংগঠনখিনিয়ে আঘাত পালে। 

মুখ্যতঃ বিতৰ্ক হৈছে ৰাধা নামৰ উপন্যাখনৰ বেটুপাতক লৈ। বেটুপাতত ৰাধা আৰু কৃষ্ণক একেলগে অংকণ কৰাইছে আৰু ৰাধাক আপুনি বোৰ্খা পিন্ধাইছে। এই সম্পৰ্কত কি ক’ব?

ৰাধাক বোৰ্খা পিন্ধোৱা নাই। প্ৰতিখন কিতাপৰ বেটুপাতেই ভিতৰৰ কথাখিনি হয়। সেইকন এবছাৰ্ডেই হওঁক বা অন্যয়েই হওঁক। বেটুপাতত এটা শিল্পী সত্বাৰ প্ৰয়োভৰ ঘটে। আমাৰ বেটুপাতখনতো শিল্প সত্তাৰ পয়োভৰ ঘটিছিল চাগে। আমাৰ বেটুপাতত যিগৰাকী ছোৱালী আছে, সেইগৰাকী নায়িকাগৰাকী।

তেওঁৰ বাঁহী বজোৱা কানাইজনৰ প্ৰতি শ্ৰদ্ধা উপজিছিল। শয়নে-সপোনে তেওঁৰ কথা ভাবিছিল। সেই কল্পনাখিনিকে আঁকিবলৈ চেষ্টা কৰিছিলো। কিন্তু মানুহে বুজোতে বা আমি বুজাওতে ভুল হ’ল।

এটা মাত্ৰ অনুৰোধ কৰিব বিচাৰিম, যিহেতু আমি কিতাপখন বন্ধ কৰিছোঁ আৰু আমি দুখ প্ৰকাশ কৰিছোঁ, আমি বিচাৰিছোঁ কোনো লোকে যাতে কিতাপখনক লৈ এনে চৰ্চা নকৰে, যি চৰ্চাই মিছা বাৰ্তা এটা ৰাইজৰ মাজলৈ নিব পাৰে। মোৰ ফালৰপৰা সেইটো আনুৰোধ আৰু প্ৰকাশকৰ হৈয়ো মই এইটো অনুৰোধ কৰিছোঁ।

এই কিতাপখন বিতৰ্কৰ পাছত আপুনি পুনৰ কিতাপ লিখিবনে?

মই এই মুহূৰ্তলৈ ভবা নাই।

লেখক হিচাপে আপোনাৰ যতি পৰিব নেকি?

এই মুহূৰ্তত একোৱেই ক’ব নোৱাৰিম। এই মুহূৰ্তত সাংসাৰিক দায়িত্ব পালন কৰিম বুলিহে ভাবিছোঁ।

কোনো পৰিকল্পনাৰে কথা ক’ব নিবিচাৰে?

ক’ব নিবিচাৰোঁ নহয়, পৰিকল্পনা লোৱাই নাই। কলম লোৱাৰ কথা এইমুহূৰ্তত ভবা নাই। এই মুহূৰ্তত সংসাৰখনক বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। অনাহূত বিতৰ্ক আৰু ভুল বাৰ্তাৰে মানসিকভাৱে হাৰাশাস্তি হোৱাতকৈ এই মুহূৰ্তত কলম লোৱাৰ কথা ভবা নাই আকৌ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*