শেহতীয়া
Home / অসম / ইতিহাসত ৰাধাক ভুলভাৱে প্ৰতিষ্ঠা কৰিবলৈ দিয়া নহ’ব: ঐক্য সেনা

ইতিহাসত ৰাধাক ভুলভাৱে প্ৰতিষ্ঠা কৰিবলৈ দিয়া নহ’ব: ঐক্য সেনা

ৰাধা বিতৰ্কৰ সৈতে জড়িত হৈ আছে ঐক্য সেনা অসম নামৰ সংগঠনটো। নীলিম আকাশ কাশ্যপৰ ৰাধাৰ বিৰুদ্ধে ওলাই অহা সংগঠনটোৰ কেন্দ্ৰীয় কমিটীৰ নেতা কমল কুমাৰৰ সৈতে প্ৰথম খবৰৰ এক আছুতীয়া সাক্ষাৎকাৰ।

প্ৰথম খবৰ: শেহতীয়াকৈ আপোনালোকে এখন উপন্যাসৰ বিৰুদ্ধে আৰক্ষী থানাৰ দুৱাৰত টুকুৰিয়ালে। উপন্যাসখন হ’ল নীলিম আকাশ কাশ্যপৰ ‘ৰাধা’। আপোনালোকে কিয় কিতাপখনৰ বিৰুদ্ধে এনেদৰে ওলাই আহিল?

কমল কুমাৰ: ৰাধা নামৰ যিখন উপন্যাস প্ৰকাশ কৰিছে নীলিম আকাশ কাশ্যপ নামৰ লেখকজনে, আমি লেখকজনক সন্মান জনাইছোঁ। তেওঁ নিজৰ ভাবনাবোৰ প্ৰকাশ কৰিছে উপন্যাসত। কিন্তু হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা, সেই মৰ্মে কৃষ্ণৰ লগতে সদায় ৰাধাক পূজা কৰি আহিছোঁ। ৰাধাৰ ছবিটো কৃষ্ণ লগত সংযুক্ত কৰি হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতি বিনষ্ট কৰি সমাজত এক সাম্প্ৰদায়িক বিষবাষ্প চটিওৱাৰ কু-অভিসন্ধি ৰচিছে লেখকে । ৰাধাক বোৰ্খা পিন্ধাই কেৱল হিন্দু বুলিয়েই নহয়, আজি ইছলামধৰ্মী মানুহৰ মাজতো এটা বেয়া ভাব আনি দিব বিচাৰিছে। তাক আমি ঐক্য সেনা অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ভৱিষ্যতে সমাজৰ ক্ষতি হব পৰা অভিসন্ধি যাতে কোনেও কৰিব নোৱাৰে সেই লক্ষ্যৰে আইনৰ সহায় লৈছো। নীলিম আকাশ কাশ্যেপেই নহয়,বিপথগামী সকলোৰে ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিম।

আটাইতকৈ লজ্জাজনক কথাটো হৈছে, নীলিম আকাশ কাশ্যপ পেছাত এজন শিক্ষক আৰু শিক্ষক এজনৰ মানসিকতাটো এনে হোৱা অনুচিত আছিল। মই কিতাপখন পঢ়িছোঁ। মানুহে কৈছে কিতাপখনৰ ভিতৰত একো নাই। কিন্তু মই পঢ়োতে গম পালোঁ, উপন্যাসখন কৌশলেৰে লিখিছে। অসমত অন্তৰৰপৰা কিতাপ পঢ়ি কিতাপ বুজিব পৰা পাঠকৰ সংখ্যাটো ইমান বৃদ্ধি হোৱা নাই যাৰ সুবিধা লৈছে নীলিম আকাশ কাশ্যপে । ‘ৰাধা’ আচলতে কাল্পনিক কাহিনীৰ আধাৰত ৰচিত যদিও পৌৰাণিক সমল আছে।

তেওঁ লিখিছে কি সুৰে বজাইছে কানাই বাঁহী, প্ৰাৰ্থনাৰ নে নামাজৰ। কানাইক ৰাধাই ইমান অনুভৱ কৰিছে যে কানাই বাঁহী সুৰ শুনিছে। পঢ়ুৱৈ সমাজে কিতাপখন পঢ়িলে এইটোৱে ভাবিব যে, কানাই মানে কৃষ্ণ আৰু ৰাধা। তেওঁ বহুত কিবা-কিবি লিখিছে। পাঠকক মতিভ্ৰম কৰি তেওঁ কাল্পনিক চৰিত্ৰ ত ৰুপ দিব বিচাৰিছে। আচলতে তেওঁ উল্লেখ কৰা কৃষ্ণ বৰণীয়া, গোপী, মথুৰা এই শব্দবোৰৰ বাবেই লেখকে ৰাধাক মুছলমান বুলি প্ৰতিপন্ন কৰোবা বুলি আমি বাধ্য হৈছো।

কানাইৰ বাঁহীটো নামাজৰ সুৰত বজাকলৈ আপোনাৰ আপত্তি আছে নেকি?

কানাই বাঁহীটো… মোৰ ঠিক আপত্তি বুলি ক’ব খোজা নাই। কিন্তু লেখক নীলিম আকাশ কাশ্যপে যিটো লিখিছে যে, কানাই বাঁহীৰ সুৰটো নামাজৰ নে জিকিৰৰ নে লোকগীতৰ। তেনেকুৱাকৈ তেওঁ লিখিছে। তেওঁ নিজেই এইটো স্পষ্ট কৰি দিব পৰা নাই যে কানাই বাঁহীৰ সুৰটো অমুকৰ। তেৱেই বিব্ৰত হৈ আছে যে কানাই বাঁহীৰ সুৰটো লোকগীতৰ নে কিহৰ। গোটেই কাহিনীতো কাল্পনিক। প্ৰেমৰ ৰহণ হনা হৈছে।

আচলতে বিতৰ্ক কৰিম বুলিয়েই কিতাপখন উলিয়াইছে। তেওঁ বৃন্দাবন শব্দটো লিখিছে, ১৬শ গোপীৰ কথা এই কিতাপখনত উল্লেখ আছে। এইবিলাকৰ শব্দৰ মাজত নামাজৰ শব্দটো আহিব নোৱাৰে।

কিন্তু আপোনালোকৰ মূলতঃ বেটুপাতক লৈ সমস্যা আছে। বেটুপাতত কৃষ্ণ আৰু বোৰ্খা পৰিহিত ৰাধা আছে। কিন্তু লেখকৰ সৈতে প্ৰথম খবৰৰ এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ জনাইছে সেয়া আচলতে ৰাধা নহয়, সেয়া উপন্যাসখনৰ চৰিত্ৰটোহে।

আমি সেই বস্তুটো উপলব্ধি কৰিছোঁ। সেইটো উপন্যাসৰ চৰিত্ৰ হয়। মই আপোনালোকক আগতেই জনাইছোঁ যে উপন্যাসখন লিখোতে তেওঁ যদি কৃষ্ণক যদি ৰাধাৰ লগত তুলনা কৰা নাই, যদি ৰাধা আচলতে কাল্পনিক চৰিত্ৰ হয়, তেতিয়াহ’লে তেওঁ বৃন্দাবন, গোপীৰ কথা, আমাৰ যিবিলাক পৌৰাণিক কাহিনী, কৃষ্ণৰ লগত জড়িত যিখিনি শব্দ ব্যৱহাৰ হয়, সেইখিনি আমি উপন্যাসখনত ব্যৱহাৰ হোৱা বিচৰা নাছিলো। আমি বাৰে বাৰে কৈছোঁ, আমি এজাহাৰত বেটুপাতক লৈ আমি কোৱা নাই। আপোনালোকে ভালদৰে চালে গম পাব যে কিতাপখনৰ যিটো ভিতৰুৱা কথা আছে, তাত যে সাম্প্ৰদায়িকতা গোন্ধ নাই, তাত আমি ধৰিব নোৱাৰোঁ। বিচাৰ কৰিব পৰা আমাৰ ক্ষমতা নাই। আমাৰ ঐক্য সেনাৰ বিচাৰ কৰিব পৰা ক্ষমতা নাই। আমাৰ ক্ষমতা নাই বাবে আমি প্ৰশাসনৰ ওচৰত গোচৰ তৰিছোঁ। আমি বিচাৰিছোঁ অতি সোনকালে প্ৰশাসনে এটা উচিত ব্যৱস্থা ল’ব। সেয়াই আমি কামনা কৰিছোঁ।

কিতাপখন নিষিদ্ধ কৰাটো আপুনি বিচাৰিছে নেকি?

কিতাপখন নিষিদ্ধ হ’ব লাগে। বনলতা এটা আগশাৰীৰ প্ৰতিষ্ঠান, বনলতা বুলি ক’লে আমি আগৰপৰাই মূৰ দোৱাও।  কিন্তু বনলতাৰ প্ৰকাশকে এনেকুৱা ধৰণৰ বিতৰ্কিত কিতাপ এখন প্ৰকাশ কৰিলে। মই ভাবিছোঁ যে লেখক এজনে ক’ব পাৰে এনেকুৱা কৰক বুলি, কিতাপখনত ৰাধাক বোৰ্খা পিন্ধাই দিয়ক। আমাৰ অসমৰ ৰাইজে, বিজ্ঞ মহলে সন্মান কৰা বনলতা প্ৰকাশকে কিতাপখনৰ যি পন্থা ল’লে, এইটো অতিকৈ লজ্জাজনক। মই কোৱা কথা নহয়। এইটোৰ কাৰণে অসমৰ জনসাধাৰণে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিব।

আপোনালোকৰ গোচৰৰ পাছত কিতাপখনৰ বিক্ৰী বন্ধ কৰা হৈছে। এতিয়া আপোনালোকে আপোনালোকৰ গোচৰ প্ৰত্যাহাৰ কৰিবনে?

আমাক স্পষ্টীকৰণ দিছিল যে কিতাপখন বিপণিত নাপায়। কিন্তু তেওঁলোকৰ স্পষ্টীকৰণৰ পাছত আমি ইলেক্ট্ৰনিক মেডিয়াৰ জৰিয়তে গম পালোঁ যে গ্ৰন্থমেলাত কিতাপখনৰ বহুত সমাদৰ বাঢ়িছে। এইটো আমি কোৱা কথা নহয়, ফটোৱে ক’ব। নিউজত ধুনীয়াকৈ দি আছে যে ৰাধা কিতাপখনৰ বিক্ৰী বহুত ভাল। গতিকে এনেকুৱা হৈছে যে আমি যিটো বিতৰ্ক কৰিছোঁ এই বিতৰ্কই কিতাপখনৰ বিক্ৰী বঢ়াই দিছে। আমি সেইবাবে ক্ষুণ্ণ হৈ পৰিছোঁ।

এই কিতাপখন বিক্ৰী হোৱা মানে ইতিহাসত ৰাধাৰ চৰিত্ৰটোক ভুলভাৱে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে এইটো এটা চেষ্টা। গতিকে আমি তৎকালীনভাৱে প্ৰশাসনৰ ফালৰপৰা বিহীত ব্যৱস্থা ল’বলৈ গোচৰ দিছিলো। আমি কোনো গোচৰ প্ৰত্যাহাৰ কৰা কথা ভবা নাই। অসমবাসীৰ ওচৰত তেওঁলোকে ক্ষমা খোজক আৰু বেটুপাতটো সলনি কৰক। যেতিয়া আমি গম পাম যে কিতাপখনৰ নতুন বেটুপাত আহিছে, তেতিয়া আমি নিশ্চয় চিন্তা কৰিম।

একেখন উপন্যাসেই যদি বেটুপাতটো সলনি কৰি আকৌ ওলায়, তেতিয়া আপোনালোকৰ একো ক’ব লগীয়া নাই?

তেতিয়া আমাৰ একো ক’বলগীয়া নাই। যদি ৰাইজে কিতাপখন লয়। আমি বহুতক কিতাপখন পঢ়িবলৈ দিছোঁ। গোটেই মানুহখিনিয়ে যদি কয়, এইটো কাল্পনিক কাহিনী, তেতিয়া ঠিকেই আছে। তাত আমাৰো একো ক’বলগা নাথাকে। মই আগতে কৈছোঁ যে ঐক্য সেনা অসমে অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰি আছে। আজি নীলিম আকাশ কাশ্যপ বা বনলতাই হওঁক, আমি ব্যক্তিগতভাৱে তেওঁলোকৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ কোনো দৰকাৰ নাই। কিন্তু তেওঁলোকে কৰা সাধাৰণ এটা ভুলৰ কাৰণে যদি অসমবাসী বা অসমৰ জনসাধাৰণ বা নতুন প্ৰজন্ম অনুতপ্ত হ’বলগা হয়, ইতিহাসত যদি ৰাধা চৰিত্ৰটো কলংকিত কৰা হয়, তাৰ ব্যৱস্থা ল’বই লাগিব। আমি কেতিয়াও এইটো সহ্য নকৰোঁ। ঐক্য সেনা অসমে নহয়, আমাৰ লগত ইতিমধ্যে বিভিন্ন ধৰণৰ সংগঠনে যোগাযোগ কৰিছে। চৰকাৰক সময় বান্ধি দিয়া হৈছে। চৰকাৰে যদি বিহীত ব্যৱস্থা গ্ৰহণ নকৰে, আমি নিজাববীয়াকৈ এই ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ বাধ্য হ’ম।

প্ৰকাশক আৰু লেখকে সুকীয়া সুকীয়াকৈ স্পষ্টীকৰণ দিছে যে ৰাধা বিক্ৰী বন্ধ কৰি দিয়া হৈছে। কিন্তু আপোনালোকে কৈছে, বিক্ৰী বন্ধ কৰাৰ পাছতো গ্ৰন্থমেলাত চলি আছে। এতিয়া আপোনালোকৰ স্থিতি কি হ’ব?

আমি বিচাৰিছোঁ যে বনলতা প্ৰকাশনে যিমান বিক্ৰী কৰিছে, তেওঁলোকৰ তাত কেছ মেম’ থাকিব। কিমান কিতাপ বিক্ৰী কৰিছিল, কিমান প্ৰকাশ কৰিছিল আৰু এতিয়া কিমান কিতাপ ওলাই গ’ল আৰু এতিয়া কিমান কিতাপ উঠাই আনিলে। সেই হিচাপটো যদি তেওঁলোকে যিকোনো মাধ্যমৰ জৰিয়তে বা আপোনালোকৰ প্ৰথম জৰিয়তেই হওঁক, তেওঁলোকে সেই হিচাপ দেখুৱাব পাৰে। ধৰা হওঁক ৰাধাৰ প্ৰথম সংস্কৰণ আছিল ৫০০০কপি, ইমান কপি বিক্ৰী হৈছে, বন্ধ কৰাৰ পাছত ইমান কপি ঘূৰাই আনিছোঁ, ইমান বিক্ৰী হৈছে। তেওঁলোকে যদি এনেকৈ এটা থুলমূল ধাৰণা দিব পাৰে, আমি মানি ল’ব পৰাকৈ, তেতিয়া আমি নিশ্চয় মানি ল’ম। কথাটো এনেকুৱা হৈছে যে আমি কিতাপখন বন্ধ কৰিছোঁ আৰু গ্ৰন্থমেলাত কিতাপখন বহুত ভালদৰে চলি আছে।

এতিয়া আপোনালোকৰ পদক্ষেপ কি হ’ব?

এতিয়া আমি আইনৰ ওচৰত এৰি দিছোঁ। আইনে যিটো ব্যৱস্থা লয় তাতে আমি সন্মতি দিম।

Leave a Reply

Your email address will not be published. Required fields are marked *

*