অসমশীৰ্ষৰাষ্ট্ৰীয়

একাদশ শ্ৰেণীৰ ছাত্ৰ‌ইহে হত্যা কৰিছিল ৰিয়ান ইণ্টাৰনেশ্যনেল প্ৰদ্যুম্নক

ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: সমগ্র দেশ কঁপাই যোৱা এক হত্যাকাণ্ড য’ত নিহত হৈছিল ৰিয়ান ইণ্টাৰনেশ্যনেল সাত বছৰীয়া ছাত্ৰ প্ৰদ্যুম্ন ঠাকুৰ। যাৰ নিথৰ দেহ উদ্ধাৰ হৈছিল বিদ্যালয়ৰ টয়লেটত, সন্দেহৱশত গ্ৰেপ্তাৰ কৰা হৈছিল বিদ্যালয়ৰ বাছ কণ্ডাক্টৰ অশোক কুমাৰক।

চি বি আইৰ তদন্তত পোহৰলৈ আহিছে যে , প্ৰদ্যুম্নৰ হত্যাত জড়িত নাছিল বাছ কণ্ডাক্টৰ অশোক কুমাৰ। বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ এজন ছাত্ৰইহে হত্যা কৰিছিল প্ৰদ্যুম্নক। পৰীক্ষা পিছুৱাই দিয়াৰ উদ্দেশ্য এনে পদক্ষেপ লৈছিল ছাত্ৰজনে।

হত্যাকাণ্ডৰ কিছুদিন পাছতে অভিভাৱক আৰু শিক্ষকৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। চি বি আইয়ে বুধবাৰে নিশা ১৬ বছৰীয়া হত্যাকাৰী ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। চি বি আইৰ দাবী, আৰক্ষীয়ে চি চি টিভিৰ ফুটেজত গুৰুত্ব নিদিয়া বাবেই কণ্ডাক্টৰজনক হত্যাকাৰী বুলি ভাবি লৈছিল। আজি অভিযুক্ত ছাত্ৰজনক তিনিদিনৰ বাবে চি বি আইৰ জিম্মালৈ লৈ যোৱা হৈছে।

Related Articles

Leave a Reply

Close