অসম

নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত ঐক্যসেনা অসমৰ ধৰ্মঘট

নিউজ ডেস্ক, প্ৰথম খবৰ: নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ লগতে সীমা সমস্যা সমাধান কৰাৰ দাবীত ঐক্য সেনা অসমে গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত ২২ আৰু ২৩ নৱেম্বৰ তাৰিখে দিনৰ ১১ বজাত দীঘলীপুখুৰী পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

‘সীমান্তত নগাৰ আতিশয্যা বন্ধ কৰি অসমীয়া মানুহৰ জীৱন-জীৱিকাৰ নিৰাপত্তা নিশ্চিত কৰক’।

‘গোলাঘাটকে ধৰি উজনি অসমৰ বিভিন্ন জিলাত নগাৰ দ্বাৰা দখল হোৱা অসমৰ ভূমি উদ্ধাৰৰ তাৎক্ষণিক ব্যৱস্থা কৰক’। আদি কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

ধৰ্মঘটকাৰী সংগঠনটোৰ কৰ্মীসকলে হাতে হাতে প্লে’কাৰ্ড, ফেষ্টুন আদি লৈ শ্লোগান দি উত্তাল কৰে। প্ৰতিবাদী কাৰ্যসূচীত ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ মহন্ত, কাৰ্যকৰী সভাপতি দেৱজ্যোতি শৰ্মা, সাধাৰণ সম্পাদক শ্বাহিদুল ইছলাম, মুখ্য মুখপাত্ৰ কমল কুমাৰকে প্ৰমুখ্যে কৰি বহু সদস্য উপস্থতি থাকে।

Related Articles

Leave a Reply

Close