অসম

ৰাজগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টায়াৰ জ্বলাই প্ৰতিবাদ

টিংখাঙৰপৰা মিৰাণ ইছলাম, প্ৰথম খবৰ: আমচাঙৰ উচ্ছেদৰ বিৰুদ্ধে  টিংখাঙৰ ৰাজগড়ত কৃষক মুক্তি সংগ্ৰাম আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অৰ্ধ শতাধিক নেতা কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

জাতি, মাটি,ভেটিৰ দুহাই দি শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে আমচাঙৰ থলুৱা লোকসকলক উচ্ছেদ কৰাৰ তীব্ৰ বিৰোধীতা কৰি প্ৰতিবাদকাৰীসকলে ৰাজগড়ৰ ডেইলী বজাৰ সমীপত মৰাণ নাৰকটীয়া ৰাজ্যিক পথত টায়াৰ জ্বলাই পৰিৱেশ উত্তাল কৰে।

প্ৰতিবাদকাৰীয়ে বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে  ৰাজপথ। সংগঠনটোৱে আমচাঙৰ উচ্ছেদ বন্ধ কৰাৰ  দাবী তোলাৰ লগতে কৃষক নেতা ধৰ্য্য কোঁৱৰ আৰু বেদান্ত লষ্কৰক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close