অসম

চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ

বঢ়মপুৰৰপৰা নয়ন মনি বৰা, প্ৰথম খবৰ: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিতো অব্যাহত আছে হাতী মানুহৰ ভয়াৱহ সংঘাত। চামগুৰিৰ শিঙীয়া মাজৰআতিত আজি বন্যহস্তীয়ে সৃষ্টি কৰিলে ভয়ংকৰ উপদ্ৰৱৰ।

হাতীৰ প্ৰায় আঠ দহজনীয়া এটা জাকে সম্পূৰ্ণৰূপে লণ্ড-ভণ্ড কৰিলে দ্বীপেন শইকীয়া নামৰ এজন লোকৰ পকী বাসগৃহ। উল্লেখ্য যে, তিনিমাহৰ ভিতৰতে বন্যহস্তীয়ে দুবাৰকৈ ভাঙিলে শইকীয়াৰ পকী ঘৰটো। ইয়াৰ বাবে এতিয়া  দ্বীপেন শইকীয়া পৰিয়ালটো চৰম হতাশাত ভূগিছে। এইয়া কেৱল এঘৰৰ সমস্যা নহয়, বৃহত্তৰ শিঙীয়া অঞ্চলৰ লগতে পুৰণিগুদাম, ভৰাগুৰি, পদুমনি, চলচলী, বঢ়মপুৰ, জলাহগাঁও, হালোৱাগাঁও, বামুনী, বৰবাৰী, চাপানালা আৰু বালিজুৰিকে আদি কৰি বহু ঠাইৰেই সমস্যা।

ধান পকা সময়ত জাকে জাকে খাদ্যৰ সন্ধানত হাতী নামি আহে জনাঞ্চললৈ আৰু উজাগৰী নিশা পালন কৰিব লগা হয় মানুহে। কিন্তু ঘোৰ নিদ্ৰাত ৰাজ্যৰ বনবিভাগ আৰু বাৰে বাৰে বন্যহস্তীয়ে ক্ষতিসাধন কৰাৰ পাছতো ক্ষতিগ্ৰস্ত লোকসকলে কোনো ক্ষতিপূৰণ নাপাই বন বিভাগৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰিছেl

Related Articles

Leave a Reply

Close