অসমশীৰ্ষ

হোৱাটছএপ গ্ৰুপৰ সহায়, কেইজনমান যুৱকৰ মহান পদক্ষেপ

শিমলুগুৰিৰপৰা নেকিবুল হক, প্ৰথম খবৰ: যি সময়ত ছ’চিয়েল মিডিয়া একাংশৰ বাবে ভয়াবহ ব্যাধি হৈছে, যি সময়ত ছ’চিয়েল মিডিয়া ফেচবুক অথবা হোৱাটছএপে বহুতৰ বাবে অন্ধকাৰ নমাই আনিছে তেনে সময়তে কিন্তু এটা হোৱাটছএপ গ্ৰুপে দৰিদ্ৰ জনক অকণমান সহায়ৰ হাতৰ বাবে আগবাঢ়ি আহিছে।

ধনাত্মক চিন্তাৰে চৰাইদেউ জিলাৰ দুজনমান উদীয়মান শিল্পীৰ তত্বাৱধানত WE CAN HELP নাম দি এটা হোৱাটছএপ গ্ৰুপ ক্ৰিয়েট কৰিছে। উদ্দেশ্য অঘৰী লোকসকলক কিঞ্চিৎ সহায় কৰা।

সেই উদ্দেশ্যেৰে দেওবাৰে নিশা গ্ৰুপৰ প্ৰায় দুই শতাধিক সদস্য উলাই আহি চৰাইদেউ, মথুৰাপুৰ, শিমলুগুৰিত ৰাজপথৰ কাষত, প্লেটফৰ্মত অঘৰী জীৱন কটোৱা লোকসকলক এখনকৈ গৰম কাপোৰ ব্লেংকেত, খাদ্য সামগ্ৰী বিতৰণ কৰে। ঠাণ্ডাত মুকলি আকাশৰ তলত জীৱন কটোৱা সেইসকল অঘৰী লোকক এখন বস্ত্ৰ প্ৰদান কৰি খুৱেই সুখী হোৱাটছএপ গ্ৰুপৰ সদস্যসকল।

Related Articles

Leave a Reply

Close