অসম

অসম-নগালেণ্ড সীমান্তত অসম যুৱ পৰিষদৰ হুংকাৰ

শিমলুগুৰিৰপৰা নেকিবুল হক, প্ৰথম খবৰ: অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ নাজিৰা জিলা সমিতিৰ উদ্যোগত অসম-নগালেণ্ড সীমান্তৰ গেলেকীৰ শিঙিবিল বজাৰ গৃহত বৰ্তমানৰ সীমান্তৰ পৰিস্থিতিৰ সন্দৰ্ভত  এখন  ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়।

লগতে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি সুনীল ডেকা, কাৰ্যকৰী সভাপতিদ্বয় জিতু বৰগোঁহাই,তপন দাস, সম্পাদক জিতুমণি মৰাণ, সাংগঠনিক সম্পাদক প্ৰবাল চেতিয়া,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক তুলসী গগৈ,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বুবুল আলি, অগপ নাজিৰা জিলা সম্পাদক মৃদুল মহন্তকে ধৰি বহু নেতাকৰ্মী উপস্থিত থাকে।

সভাত দলটোৰ নেতৃত্ববৃন্দই নগালেণ্ডক কোনো কাৰণেই অসমৰ ভূ-খণ্ড অন্তৰ্ভুক্ত হ’বলৈ দিয়া নহ’ব বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে। ৰাইজৰ স্বাৰ্থত প্ৰয়োজনত চৰকাৰৰ মিত্ৰজোঁট ভংগ কৰিবলৈও দলে কুণ্ঠাবোধ নকৰে বুলি ৰাইজৰ সন্মুখত সদৰি কৰে।

Related Articles

Leave a Reply

Close