অসম

হাজাৰ হাজাৰ গুণমুগ্ধই শেষ বিদায় দিলে তেজপুৰৰ ফটো সাংবাদিক অপূৰ্বক

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: তেজপুৰত কালি বিয়লি আছিল শোকাকুল পৰিৱেশ। তেজপুৰৰ ফটো সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াৰ আকস্মিক বিয়োগ পাছত কালি বিয়লি মৃতদেহ তেজপুৰ পোৱাৰ পাছত এক অভাৱনীয় পৰিৱেশ।

তেজপুৰ আছু , সাংবাদিক আৰু অসংখ্য গুণমুগ্ধই তেজপুৰ পৰোবা চাৰিআলিৰ পৰা সমদল কৰি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন, আজু ,পৰ্বতীয়াৰ বিভিন্ন স্থান শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত অসংখ্য গুণমুগ্ধৰ উপস্থিত দ্ৰৰিদ্ৰ পৰিয়ালৰ এক মাত্ৰ উপাৰ্জনৰ পথ আৰু বৃদ্ধ মাতৃৰ একমাত্ৰ সন্তান অপূৰ্বক শোকাকুল পৰিৱেশৰ মাজৰে পুত্ৰ মুখত হাতফুৰাই চিৰবিদায় দিয়া দৃশ্যই সকলোকে কন্দুৱালে।

উল্লেখ্য কলিয়াবৰত এক পথ দুৰ্ঘটনাত পতিত হৈছিল ফটো সাংবাদিকজন। বাইকেৰে গৈ থকা অৱস্থাত টেংকাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা অপূৰ্বই গুৱাহাটীলৈ আনি থকা অৱস্থাত মৃত্যুক সাবটি লৈছিল।

Related Articles

Leave a Reply

Close