শেহতীয়া
Home / অসম / অক্সিগুৰীৰ বিশিষ্ট ব্যক্তি খীৰোদ দাসৰ মৃত্যু

অক্সিগুৰীৰ বিশিষ্ট ব্যক্তি খীৰোদ দাসৰ মৃত্যু

প্ৰথম খবৰ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অক্সিগুৰী গাঁৱৰ বিশিষ্ট ব্যক্তি খীৰোদ দাসৰ মৃত্যু । কোচৰাজবংশী ভাষাত তেওঁ বিভিন্ন গল্প , উপন্যাস, নাটক, ৰাজবংশী ভাষাৰ প্ৰথম বোলছবি ” সাত পুৰুসেৰ ভিটা” প্ৰতিমা পাণ্ডে বৰুৱাৰ গীত মাহুত বন্ধুৰ ওপৰত উপন্যাস লিখি যথেষ্ট সমাদৰ পাইছিল । তাৰোপৰি তেওঁ এজন বিশিষ্ট সমাজ সেবক আছিল । যোৱা পাঁচ  ডিছেম্বৰৰ দিনা তেওঁৰ ঘৰতে হঠাত উচ্চ ৰক্তচাপ বেমাৰত আক্ৰান্ত হোৱাত লগে লগে কোচবিহাৰৰ মিসন চিকিৎস্যালয়ত লৈ ভৰ্ত্তি কৰোৱা হয় । তাতে ডঃ নিৰ্মল পালিত ৰ তত্বাবধানত চিকিৎস্যা কৰি ছয়দিন পাছত দেওবাৰে আবেলি তিনিটা ত্ৰিশ বজাত শেষ নিশ্বাস ত্যাগ কৰে। দাসৰ নশ্বৰ দেহ দেওবাৰে নিশা অক্সিগুৰী গাঁৱৰ বাসগৃহত অনাৰ পাছত সোমবাৰে পূৱা দহবজাত হাতীধুৰা চিলাৰায় ভৱনত নিয়া হয় । তাতে তেওঁক আনুষ্ঠানিক ভাৱে বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গক শোক সমবেদনা জ্ঞাপন কৰে । লগতে ধুবুৰী জিলা কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ পৰা তেওঁক জাতীয় শ্বহীদ বুলি ঘোষনা কৰে । আনহাতে তেওঁৰ মৃত্যুক সন্মান জনাই সোমবাৰে  পূৱাৰ পৰা দুপৰীয়া বাৰ বজালৈ হাতীধুৰা আৰু তামাৰহাট বজাৰ বন্ধ ৰখা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*