শেহতীয়া
Home / অসম / অবিবাহিত যুৱকক কৌশলেৰে বন্ধ্যাকৰণ:তীব্ৰ চাঞ্চল্য 

অবিবাহিত যুৱকক কৌশলেৰে বন্ধ্যাকৰণ:তীব্ৰ চাঞ্চল্য 

টিংখাঙৰ পৰা মিৰাণ ইছলাম, প্ৰথম খবৰ : ৰাজ্যৰ স্বাস্হ্য খণ্ডত সংঘটিত হৈছে মানৱ সমাজক কুলক্ষিত কৰা এক নাশ্ৰুত-নাভূত ঘটনা । এজন অবিবাহিত চফল যুৱকক কৌশলেৰে কৰা হল বন্ধ্যাকৰণ। ঘটনাৰ পাছতে তিনিদিনধৰি তীব্ৰ চাঞ্চল্য  অব্যাহত আছে সমগ্র টিংখাঙত।
ৰাজ্যৰ স্বাস্হ্য খণ্ডৰ এনে চৰম দায়িত্বহীনতাৰ ফলত ধ্বংস হল যুৱকজনৰ ভবিষ্যত। টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্হ্য কেন্দ্রত অনাকাংশিত ভাৱে বন্ধ্যাকৰণ কৰা হয় চফল অবিবাহিত ডেকা জনৰ।   টিংখাঙৰ বৰবাম গাওঁ পঞ্চায়তৰ অন্তৰ্গত ধোঁৱাপথাৰ গাঁৱৰ ব্ৰজেন বৰুৱাৰ ২৪ বছৰীয়া পুত্ৰ মইনা বৰুৱাক ঘৰৰ মানুহৰ অনুমতি নোলোৱাকৈ টকা -পইচাৰ প্ৰলোভন দি বন্ধ্যাকৰণ কৰা হয়। এই কাৰ্যত গাঁওখনৰ আশাকৰ্মী প্ৰমিলা কোঁৱৰ জড়িত থকাৰ অভিযোগ তুলিছে ভোক্তভোগী পৰিয়ালে। অভিযোগ অনুসৰি প্ৰমিলা কোঁৱৰে কমিছনৰ আশাত মই না কোঁৱৰক ষড়যনমূলক ভাৱে বন্ধ্যাকৰণ কৰাই। উল্লেখযোগ্য যে বন্ধ্যাকৰণৰ বাবে মইনাৰ এজন দদায়েক দেওঁবাৰে অন্য কেইজনমান লোকৰ সৈতে টিংখাং ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ গাড়ী ভাড়া কৰি গৈছিল। দদায়েকৰ আলপৈচান ধৰিবলৈ লগত গৈছিল মইনা বৰুৱা। পিছে হাস্পাতালত আশাকৰ্মী গৰাকীয়ে অতি চক্ৰান্তমূলক ভাৱে যুৱক জনৰ বন্ধ্যাকৰণ কৰে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া যুৱকজনে ।ইয়াৰ বাবে আশা কৰ্মীয়ে তেওঁলোকক দুই হাজাৰ টকাৰ চেক দিয়ে বুলি যুৱকজনে জানিব দিয়ে।
আনফালে এনেদৰে অনাকাংশিত বন্ধ্যাকৰণৰ দ্বাৰা পুত্ৰৰ জীৱন ধ্বংস হোৱা কাৰ্যত এতিয়া শোকত ভাগি পৰাৰ লগতে স্বাস্হ্য বিভাগৰ ওপৰত ক্ষোভত ফাটি পৰিছে দুৰ্ভগীয়া মইনাৰ পিতৃ।
মানৱ সমাজক কলংকিত কৰা এই আজৱ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টিংখাঙৰ দল সংগঠনে । যুৱকজনৰ সৈতে হোৱা এনে অন্যায়ৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই ৰাজ্যৰ স্বাস্হ্য মন্ত্রী আৰু মুখ্যমন্ত্রীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে যুৱকজনৰ পৰিয়ালবৰ্গলৈ উপযুক্ত ক্ষতিপূৰণৰ লগতে চাকৰীৰ দাবী তুলিছে দল সংগঠনৰ লগতে ৰাইজে ।
ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বুজ লবলৈ আশাকৰ্মী প্ৰমিলা কোঁৱৰক বিচাৰি ধাননি পথাৰত উপস্থিত হোৱাত সাংবাদিকৰ দল দেখি ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে আশা কৰ্মী প্ৰমিলা কোঁৱৰে ।
আনহাতে এই বন্ধ্যাকৰণ শিবিৰৰ পৰা দৈৱ ক্ৰমে পলাই সাৰিল আন এজন ব্যক্তি।ব্যক্তিজনে জানিব দিয়া মতে আশাকৰ্মী গৰাকীয়ে ঔষধ আৰু ইঞ্জেকশ্বন দিয়াব বুলি কৈ তেওঁলোকক চিকিৎসালয়লৈ নিছিল। কিন্ত অস্ত্ৰোপচাৰৰ কথা জানিব পাৰি তেওঁ পলায়ন কৰে ।
ইতিমধ্যে এই ঘটনাৰ উচিত ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে দুভগীয়া পৰিয়ালটো ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*