শেহতীয়া
Home / অসম / অসম-নগালেণ্ড সীমান্তত আছুৰ বৃহৎ মটৰচাইকেল সমদল:অসমৰ এক ইঞ্চি মাটিও নাগালিমত অন্তৰ্ভুক্ত কৰিলে পৰিস্থিতি ভয়াৱহ হোৱাৰ হুংকাৰ

অসম-নগালেণ্ড সীমান্তত আছুৰ বৃহৎ মটৰচাইকেল সমদল:অসমৰ এক ইঞ্চি মাটিও নাগালিমত অন্তৰ্ভুক্ত কৰিলে পৰিস্থিতি ভয়াৱহ হোৱাৰ হুংকাৰ

প্ৰথম খবৰ, বোকাজান:প্ৰস্তাবিত বৃহত্তৰ নাগালিম চুক্তিক লৈ অসম-নগালেণ্ড সীমান্তত সীমান্তৱৰ্তী ৰাইজৰ ওপৰত নগা বিদ্ৰোহীয়ে সন্ত্ৰাস চলোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ সৈতে নগা বিদ্ৰোহী সংগঠন এন এচ চি এন (আই এম)এ কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰা আৰু অসমৰ ভূমি ৰক্ষা কৰাৰ দাবীত আজি বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই এক বৃহৎ মটৰচাইকেল সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ আজিৰ এই প্ৰতিবাদী মটৰচাইকেল সমদলত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠিনক সম্পাদক বেদান্ত শইকীয়া আৰু কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিব বৰাইও অংশগ্ৰহণ কৰে৷ বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰা প্ৰতিবাদী সমদলটোত শতাধিক মটৰচাইকেলত ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলে অসম-নগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানলৈকে সুদীৰ্ঘ ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰি ‘নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰক’, ‘অসমৰ ভূমিৰ পৰা নগা গ’ বেক’, ‘অসমৰ ভূমিত নগাৰ দাদাগিৰি নচলিব’,’আছু জিন্দাবাদ’ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে লাহৰিজানত অসম-নগালেণ্ড সংযোগী ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান গ্ৰহণ কৰি প্ৰায় আধা ঘণ্টাৰ বাবে পথটো বন্ধ কৰি দিয়াৰ উপৰি সীমান্ত অঞ্চলটো প্ৰতিবাদী শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলাৰ লগতে পুনৰ বোকাজান নগৰৰ দিশে অগ্ৰসৰ হয় আৰু বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত কাৰ্যসূচীৰ অন্ত পেলাই৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে নগা বিদ্ৰোহী সংগঠন এন এচ চি এন (আই এম)ৰ লগত অসমবাসীক অন্ধকাৰত ৰাখি যি ‘নগা ফ্ৰেমৱৰ্ক চুক্তি’ সম্পাদিত কৰিলে সেই চুক্তি শীঘ্ৰেই ৰাজহুৱা কৰাৰ দাবী জনোৱাৰ লগতে ২৫ ডিচেম্বৰত অসমৰ বৃহৎ ভূ-খণ্ড বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ কেন্দ্ৰীয় চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠনৰ যি পৰিকল্পনা তাৰ প্ৰাকমুহূৰ্তত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত নগালেণ্ড চৰকাৰে নগা মহকুমা গঠন কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ছাত্ৰ নেতা গৰাকীয়ে ৷ যি সময়ত মণিপুৰ আৰু অৰুণাচলত বিজেপি নেতৃত্বাধীন ৰাজ্যিক চৰকাৰ থকা স্বতেও চৰকাৰ দুখনে তেওঁলোকৰ ৰাজ্যৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুলি দাবী উত্থাপন কৰিছে,তেনে ক্ষেত্ৰত কিন্ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেৱল সংবাদ মাধ্যমৰ সন্মুখত হে অসমৰ এক ইঞ্চি মাটি নাগালিমত অন্তৰ্ভুক্ত কৰা নহব বুলি দিয়া মন্তব্যই কিন্ত অসমবাসীক আস্বস্ত কৰিব পৰা নাই বুলিও ছাত্ৰ নেতাগৰাকীয়ে মন্তব্য দিয়াৰ লগতে ২৫ ডিচেম্বৰৰ পূৰ্বে যদি ‘নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট’ ৰাজহুৱা নকৰে তেন্তে ছাত্ৰ সন্থাই অসমবাসীৰ সহযোগত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি অসম চৰকাৰক সকীয়াই দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*