অসম

অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন

নিউজ ডেস্ক, প্ৰথম খবৰ : অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহকৰ অধিবেশন খনি বৰপেটাৰোড সাহিত্য সভাৰ সহযোগত অহা ২৮ ডিচেম্বৰ, ২০১৭ইং তাৰিখে বৰপেটাৰোডত অনুষ্ঠিত হব। এইলৈ জিলা উপায়ুক্ত তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকৰক লৈ এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হয়। আজি বৰপেটাৰোড সাহিত্য সভাৰ এটি প্ৰতিনিধি দলে উপায়ুক্তৰ বাসভৱনৰ সভাকক্ষত এই সম্পৰ্কে এক আলোচনাত মিলিত হয়। প্ৰতিনিধি দলটোৱে উপায়ুক্ত মালাকৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাই তেখেতৰ নেতৃত্বত অধিবেশনখনি সফল হব বুলি আশা প্ৰকাশ কৰে । সাহিত্য সভাৰ প্ৰতিনিধি দলটোত আছিল অসম সাহিত্য সভাৰ অন্যতম সংগঠক গোবিন্দ তালুকদাৰ , বৰপেটাৰোড সাহিত্য সভাৰ সম্পাদক ৰনজিৎ তালুকদাৰ , সহকাৰী সম্পাদক বুবুল ডেকা, সাংস্কৃতিক সম্পাদক কুলেন চৌধুৰী আৰু গ্ৰন্থগাৰ সম্পাদক জয়ন্ত কুমাৰ দাস ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close