অসম

অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ কাৰ্য্যনিৰ্বাহকৰ অধিবেশন অনুষ্ঠিত হব বৰপেটাৰোডত

বৰপেটাৰোডৰ বিশেষ প্ৰতিবেদক ,প্ৰথম খবৰ :
অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ কাৰ্য্যনিৰ্বাহকৰ অধিবেশনখনি বৰপেটাৰোড সাহিত্য সভাৰ সহযোগত অহা ২৮ ডিচেম্বৰ, ২০১৭ তাৰিখে  অনুষ্ঠিত হব। এইলৈ বিস্তৃত আলোচনাৰ বাবে শুক্ৰবাৰে বৰপেটাৰোড সাহিত্য সভা ভৱনত দেৱৰাজ ছেত্ৰীৰ সভাপতিত্বত এখনি গুৰুত্বপূৰ্ণ কাৰ্য্য নিৰ্বাহক সমিতিৰ সভা অনুষ্ঠিত হয়। সভাত অসম সাহিত্য সভাৰ সংগঠক গোবিন্দ তালুকদাৰ আৰু বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি ৰামকৃষ্ণ তালুকদাৰ উপস্থিত থাকি এইক্ষেত্ৰত বৰপেটাৰোড সাহিত্য সভাই আয়োজক হিচাবে কৰণীয় কেনেকুৱা হব তাৰ ওপৰত বহলাই বাখ্যা  কৰে। সভাত হোৱা বিতং আলোচনাৰ পিছত এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হয়। সেই মৰ্মে জি এল আগৰৱালাক মুখ্য উপদেষ্টা , স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাসক মুখ্য পৃষ্ঠপোষক, জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰক সভাপতি, দেৱৰাজ ছেত্ৰীক কাৰ্য্যকৰী সভাপতি , ৰনজিৎ তালুকদাৰ আৰু চন্দন কলিতা যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতি গঠনৰ লগতে ১০ খন উপ- সমিতি গঠন কৰে। লগতে উক্ত দিনাখনেই অসম সাহিত্য সভাৰ বহু আকাংক্ষিত সভাপতি , উপ- সভাপতি আৰু প্ৰধান সম্পাদকৰ ভোট গননাৰ কাম বৰপেটাৰোডতে সম্পন্ন কৰা হব আৰু সেইদিনাখনে ফলাফল ওলোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে অসম সাহিত্য সভাৰ ইতিহাসত পোনপ্ৰথম বাৰৰ বাবে যোৰহাটৰ মুখ্য কাৰ্য্যালয়ৰ সলনি বাহিৰৰ শাখা সাহিত্য সভাৰ কাৰ্য্যালয়ত ভোট গণনা সম্পন্ন কৰা হব।

Related Articles

Leave a Reply

Close