অসম

অৰুণাচলৰ খাণ্ডু বস্তিৰপৰা অপহৃত জাগুনৰ ব্যৱসায়ী পুত্ৰক মুকলি

প্ৰথম খবৰ,মাৰ্ঘেৰিটা:দহ দিনৰ পাছত উৎকন্ঠাৰ অন্ত পৰিল জাগুনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনৰ অপহৰণকাণ্ডৰ । আজি দিনৰ প্ৰায় এক বজাত ভাৰত ম্যানমাৰ সীমান্তৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ টেংমান বস্তিত এটা প্ৰায় ১৪ জনীয়া সশস্ত্ৰ আলফা দলে আহি মুকলি কৰি দিয়ে। পাছত অৰুণাচল আৰক্ষীয়ে উক্ত স্থানৰ পৰা জয়ৰামপুৰ থানালৈ আনে আৰু প্ৰাথমিক সোধ পোছ কৰি জাগুন আৰক্ষীৰ জড়িয়তে পৰিয়ালৰ লোকক চমজাই দিয়ে। ১০ দিনে আলফাৰ কেম্পত থকা অৰুণাভে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে-উদয় অসম নামৰ আলফা স্বাধীনৰ শীৰ্ষ স্থানীয় নেতাৰ নেতৃত্বত এটা চাৰি জনীয়া সশস্ত্ৰ দলে খাণ্ডু বস্তিৰ পৰা অপহৰণ কৰি এক নিশা দুই দিন খোজ কঢ়াই আলফাৰ শিবিৰলৈ লৈ গৈছিল। শিবিৰত থকা সময়ত পৰিয়ালৰ সদস্যৰ দৰে ৰখা বুলিওঁ জানিবলৈ দিছে অৰুণাভে। অন্যহাতে দেউতাক দিলীপ ফুকনে ভুল বুজাবুজিৰ বাবেই তেওঁৰ পুত্ৰক আলফা স্বাধীনে অপহৰণ কৰি নিয়া বুলি জানিবলৈ দি ধন দাবী বা লেন দেনৰ কথা অস্বীকাৰ কৰে।ফুকনে পুত্ৰ অৰুণাভক বিনাচৰ্তে মুকলি কৰি দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে অন্য দিনৰ দৰে ১৫ ডিচেম্বৰত অৰুণাচলৰ খাণ্ডু বস্তিত থকা  শিলৰ কোৱাৰিলৈ AR 12 7477 মহিন্দ্ৰা থ্ৰ নামৰ গাড়ী খনৰ সৈতে গৈছিল অৰুণাভ। বিয়লি সময়ত অহা এটা সশস্ত্ৰ আলফাৰ দলে গাড়ী সহ লৈ যায় অৰুণাভক। ঘটনাৰ খবৰ পাই  আৰক্ষী সেনাই উদ্ধাৰ অভিযান  আৰম্ভ কৰে যদিওঁ কোনো শুং সূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল। পাছদিনা অপহৃত অৰুণাভ ফুকনৰ সৈতে লৈ যোৱা মহেন্দ্ৰা থাৰ গাড়ী  খন অৰুণাচলৰ চামৰু বস্তিত  উদ্ধাৰ হয়। অৰুণাভৰ মুকলি হলেওঁ প্ৰশ্ন ৰৈ গৈছে আলফা স্বাধীন,এনএছচিএনৰ দৰে উগ্ৰপন্থী সংগঠনৰ বিশেষ লক্ষ্যত নেকি মাৰ্ঘেৰিটা মহকুমা। ২৮ নবেম্বৰত এনএছচিএনৰ দ্বাৰা লিডুৰ এ এন ই মাইনিং কোম্পানীৰ ৱৰ্কশ্বপত আক্ৰমণ। ৫ খন গাড়ীত অগ্নি সংযোগ। ৮ ডিচেম্বৰত কোনাপথাৰ চাহ বাগিচাত আলফাৰ দ্বাৰা গুলীবৰ্ষণ। ১১ ডিচেম্বৰত বৰডুমছাত আলফাৰ দ্বাৰা পিতা পুত্ৰক হত্যা। আৰু ১৫ ডিচেম্বৰত জাগুনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনৰ অপহৰণ। ইয়াৰ লগতে ধন দাবী আৰু সংগ্ৰহ অভিযান নিয়মীয়াকৈ চলি থকাৰ অভিযোগ আছে মাৰ্ঘেৰিটা মহকুমাত।

Related Articles

Leave a Reply

Close