অসম

আজিও অৱহেলিত বৰ অসম গঢ় দিওঁতাৰ মৈদাম 

শিমলুগুৰিৰ পৰা নেকিবুল হক,প্ৰথম খবৰ :চে ৰাই ডয় অৰ্থাৎ চৰাইদেউ,এই চৰাইদেউতেই চাওলুং চ্যুকাফাই ১২৫৩ খৃ: স্থায়ী ৰাজধানী স্থাপন কৰি স্থানীয় জাতি-জনগোষ্ঠীক লগত লৈ সাত ৰাজ এক কৰি বৰ অসমৰ সপোন বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াস কৰিছি ৷ ১২৬৮ খৃ: লৈকে ৰাজ ভাৰ চলাইছিল,২ ডিচেম্বৰত চৰকাৰীভাৱে পালন কৰা হব অসম দিৱস (চ্যুকাফা দিৱস)। পৰিতাপৰ বিষয় যে চৰকাৰী তথা বেচৰকাৰীভাৱে উৎসৱ পালন কৰাৰ সমান্তৰালকৈ কিন্তু ৭৪৯ বছৰেই স্বৰ্গদেউ জনাৰ প্ৰকৃত সমাধি চিনাক্ত তথা সংৰক্ষণ নহ’ল৷ ১৫ চনত বিভিন্ন আহোম বুৰঞ্জী, বুৰঞ্জীবিদ,গৱেষক, টাই পণ্ডিত তথা বহু তথ্যৰ ভিত্তিত বৰ্তমানৰ চৰাইদেউৰ হাবি গাওঁত (চ্যুকাফাৰ প্ৰথম উপাসনা স্থল লাংকুৰি দেওশালৰ পৰা উত্তৰ দিশত) চাহ বাগানৰ মাজত উদ্ধাৰ হয় চাৰিটা মৈদাম,তাৰে প্ৰথমটো চাওলুং চ্যুকাফাৰ বুলি ঠাৱৰ কৰা হৈছে৷

বাকী তিনিটা চ্যুটেওফা, চ্যুবিনফা, চ্যুখানফাৰ ৷ কিন্তু ১৫ চনতে উদ্ধাৰ হোৱা মৈদাম কেইটা আজিও হাবি জংঘলেৰে আৱৰি বৰ্তমান ধংসৰ গৰাহত ৷ প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাটোও বৰ  উদ্বেগ জনক বুলি প্ৰকাশ কৰিছে সচেতন ৰাইজে।

শুকুৰবাৰে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, অসম জা.যু.ছা. পৰিষদৰ কেন্দ্ৰীয় সভাপতিৰ লগতে সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু টাইপাৰ সদস্য সকলে হাবি জংঘল কাটি পৰিস্কাৰ কৰে। চৰকাৰে বিভিন্ন উৎসৱৰ নামত কোটি কোটি টকা খৰছ কৰাৰ বিপৰীতে জাতিৰ জনক গৰাকীৰ প্ৰতি এই অমনোযোগীতা আজিৰ দিনটোত এক উদ্বেগজনক বিষয় !

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close