শেহতীয়া
Home / শীৰ্ষ / আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা বাজপেয়ীৰ জন্মদিন, মোদীৰ শুভেচ্ছা

আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা বাজপেয়ীৰ জন্মদিন, মোদীৰ শুভেচ্ছা

নেচনেল ডেস্ক, প্ৰথম খবৰ: আজি ৯৩ বছৰত ভৰি থ’লে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে। আধুনিক ভাৰতৰ অন্যতম স্বপ্নদ্ৰষ্টা বাজপেয়ীৰ ৯৩তম জন্মদিনত তেওঁৰ ভৱিষ্যদৃষ্টিসম্পন্ন নেতৃত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক টুইটৰ প্ৰধানমন্ত্ৰীজনে উল্লেখ কৰে যে, “Birthday greetings to our beloved Atal Ji. His phenomenal as well as visionary leadership made India more developed and further raised our prestige at the world stage. I pray for his good health.”

উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ জন্মদিনটো অৰ্থাৎ ২৫ ডিচেম্বৰৰ দিনটো ২০১৪ চনৰপৰাই ‘সুশাসন দিৱস’ হিচাপে পালন কৰি অহা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও অটল বিহাৰী বাজপেয়ীক জন্মদিনৰ শুভকামনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*