অসমশীৰ্ষ

আৰক্ষী আৰু চোৰাংচিকাৰীৰ মাজত গুলীয়া-গুলী, ৫৬  টা খালি কাৰ্টিজ সহ ১টা সজীৱ গুলী উদ্ধাৰ

কলিয়াবৰৰ পৰা গোপাল শইকীয়া,প্ৰথম খবৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰত নিশা প্ৰচণ্ড গুলীয়া-গুলী । জখলাবন্ধা আৰক্ষী – এচ টি এফ ৰে মুখামুখি তিনি চোৰাং চিকাৰী দলৰ । নিশা প্ৰায় ১২ বজাত ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাজিৰঙাত গড়ঁ হত‍্যাৰ  চেষ্টা কৰাৰ সময়তে জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবেন বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে প্ৰথমে চোৰাং চিকাৰী তিনিটা নাইট ভিচনৰ জৰিয়তে প্ৰত‍্যক্ষ কৰাৰ লগে লগে চোৰাং চিকাৰীলৈ গুলী বৰ্ষণ কৰাৰ পাছতে চোৰাং চিকাৰীয়ে অত‍্যাধুনিক মৰনাস্ত্ৰৰে ধাৰাষাৰ গুলী বৰ্ষণ কৰে ।

এই ঘটনাত আৰক্ষীৰ কোনো লোক হতাহত হোৱা নাই যদিও চোৰাং চিকাৰী আহত হোৱাৰ আশংকা কৰিছে আৰক্ষীয়ে । পুৱা ঘটনাস্থলীত আৰক্ষী আৰু কাজিৰঙা বন বিভাগে অভিযান চলাই বাকছে বনাঞ্চলত চোৰাং চিকাৰীয়ে ব‍্যৱহাৰ কৰা ৫৬  টা খালি কাৰ্টিজ আৰু ১টা সজীৱ গুলী উদ্ধাৰ কৰে। বাক্সে সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰী আহত হোৱা বুলি সন্দেহ কৰি চোৰাং চিকাৰীক বিচাৰি অভিযান চলালে যদিও কোনো সন্ধান নাপালে চিকাৰীৰ । আৰক্ষী আৰু বনবিভাগে জনোৱা অনুসৰি খ্ৰীষ্টমাছৰ সময়ত চোৰাং চিকাৰীয়ে প্ৰতিবাৰেই গড়ঁ হত‍্যাৰ পৰিকল্পনা কৰে । আন হাতে খৰালি বাট-পথ মুকলি হোৱাৰ বাবেও চোৰাং চিকাৰীৰ তৎপৰতা বৃদ্ধি পায় । মুঠতে জখলাবন্ধা আৰক্ষীৰ তৎপৰতাৰ বাবেই পুণৰ গড়ঁ নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল ।

Related Articles

Leave a Reply

Close