শেহতীয়া
Home / অসম / আৰাম্ভ হ’ল পুৰী মহোৎসৱ:অসমীয়াৰ আদৰৰ নামঘৰ জিলিকি আছে পুৰীত সমাগম সহস্ৰাধিক ভক্তৰ

আৰাম্ভ হ’ল পুৰী মহোৎসৱ:অসমীয়াৰ আদৰৰ নামঘৰ জিলিকি আছে পুৰীত সমাগম সহস্ৰাধিক ভক্তৰ

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ:আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰাম্ভ হৈছে পুৰী মহোৎসৱ।শ্ৰীমন্ত শংকৰ দেৱে প্ৰতিষ্ঠা কৰা নামঘৰ অসমত যিমান আদৰৰ ঠিক তাতৌকৈ আদৰত ৰাখিছে সাগৰ পাৰৰ পুৰীৰ জগ্গনাথ মন্দিৰৰ সমীপত। অক্ষয় বন্তি প্ৰতিষ্ঠা জৰিয়তে গুৰু আসনৰ দ্বাৰা নিতৌ নাম কীৰ্তন প্ৰসহন আদিৰ জৰিয়তে গুৰুজনৰ গুনানুকীৰ্তন ব্যস্ত থাকি নামঘৰক জিলিকাই ৰাখিছে। আজি এই নামঘৰৰ প্ৰতিষ্ঠা দিৱসটি পুৰী মহোৎসৱ হিচাপে দুদিনীয়া কাৰ্যসূচীৰে আৰাম্ভ হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত প্ৰাণ ৰাইজৰ সমাগমৰে দ্বিত্বীয় বৈকুণ্ঠ পুৰী সদৃশ হৈ পৰিল। মহোৎসৱৰ লগত সংগতি ৰাখি আজি পুৱা পুৰী মহোৎসৱ উদ্ধোধন কৰে বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।  উদ্ধোধনী অনুষ্ঠানত বৰপেটা সত্ৰ সত্ৰাধিকাৰ বশিষ্ট দেৱ গোস্বামীৰ লগতে বহু অসমৰ বিশিষ্ট লোক উপস্থিত থকা অনুষ্ঠানত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা নামঘৰ শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ কিশোৰী মোহন পাঠকে। প্ৰতিষ্ঠা দিৱস উপলক্ষে ভোৰতাল নৃত্য,সত্ৰীয়া নৃত্য পৰিবেশনৰ লগতে হৰি নামৰে মুখৰিত হয় পুৰীৰ নামঘৰ চৌহদ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*