অসম

ইটাভাটাত কৰ্মৰত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ

প্ৰথম খবৰ, প্ৰথম খবৰ:যোৰহাট জিলাৰ বহুতো ইটা ভাটাত কাম কৰা বনুৱা সকলৰ বহুতৰে নাজৰিকত্বৰ ওপৰত সন্দেহ আছে৷ বিশেষকৈ গিবন অভয়াৰণ্যৰ কাষত বহুতো ইটা ভাটা গঢ় লৈ উঠিছে৷ এই সমূহ জীৱকূলৰ বাবেও অশুভ সংকেট৷

ভাষিকভাৱে মূলসূতিৰ পৰা আতৰৰ ইটাভাটা সমূহত নিয়োজিত বনুৱা সমূহৰ ওপৰত সাধাৰণতেই সন্দেহ ওপজে৷ অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰত এইদৰে উল্লেখ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ১৫ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে৷ যোৰহাট জিলা সমিতিৰ সচিব হেমন্ত বড়া আৰু সভাপতি পাৰ্থ সাৰথি শইকীয়াৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰত স্পষ্টভাৱে উল্লেখ কৰিছে যে জীৱকূলৰ প্ৰতি ভাবুকি সৃষ্টি কৰা ভাটা সমূহ শীঘ্ৰে স্থানাত্বৰ কৰাৰ দাবী জনোৱাৰ লগতে থলুৱা শ্ৰমিক নিয়োজিত কৰাৰ দাবী জনাইছে৷অন্যথা প্ৰবল প্ৰতিবাদৰ সন্মূখীন হ’ব বুলিও সকীয়াই দিয়ে সংগঠনটোয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close