শেহতীয়া
Home / অসম / উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব ৰঞ্জন গগৈ

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব ৰঞ্জন গগৈ

নিউজ ডেস্ক, প্ৰথম খবৰ:অসমৰ সুযোগ্য সন্তান ৰঞ্জন গগৈয়ে পুনৰবাৰ সুনাম কঢ়িয়াই আনিছে অসমলৈ। ২০১৮ চনৰ অক্টোবৰ মাহত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হ’ব প্ৰথমজন সুযোগ্য অসমীয়া ৰঞ্জন গগৈ।

উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথমে ওকালতি কৰিছিল ৰঞ্জন গগৈয়ে। তাৰ পাছত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত নিযুক্তি লাভ কৰিছিল আগশাৰীৰ অধিবক্তাজনে। আগন্তুক বৰ্ষৰপৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব পালন কৰিব ৰঞ্জন গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*