শেহতীয়া
Home / অসম / উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ইন্টিগেটৰ চিষ্টেমৰ ছ’লাৰ ষ্ট্রীট লাইটৰ শুভাৰম্ভ পিঠাগুটিত

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ইন্টিগেটৰ চিষ্টেমৰ ছ’লাৰ ষ্ট্রীট লাইটৰ শুভাৰম্ভ পিঠাগুটিত

টিংখাঙৰ পৰা মিৰাণ ইছলাম, প্ৰথম খবৰ: অসমবাসীৰ বাবে এটা সুখবৰ। ৰাজ্যত প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে অত্যাধুনিক ইন্টিগেটৰ চিষ্টেমৰ ছ’লাৰ ষ্ট্রীট লাইটৰ,যাৰ দ্বাৰা ৰাজ্যত বহুগুণে লাঘৱ হ’ব বিদ্যুৎৰ নাটনি। টিংখাঙৰ পিঠাগুটি পঞ্চায়তৰ অন্তৰ্গত পিঠাগুটি চাৰিআলিত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম অল-ইন-ৱান ইন্টিগেটৰ চিষ্টেমৰ ছ’লাৰ ষ্ট্রীট লাইটৰ শুভ উদ্ধোধন কৰা হয় । চতুৰ্দশ বিত্তীয় আয়োগৰ ” আমাৰ গাঁও আমাৰ আঁচনি ” ২ য় কিস্তিৰ পুঁজিৰ ২ লাখ টকাৰে নিৰ্মিত কৰা পাঁচটা ষ্ট্রীট লাইটৰ পৰীক্ষামূলক ভাৱে শুভ উদ্ধোধন কৰে টিংখাঙৰ বিধায়ক বিমল বড়াই। উল্লেখযোগ্য যে এই অত্যাধুনিক ষ্ট্রীট লাইট সমূহত পোনপ্ৰথমবাৰৰ বাবে লিথিয়াম বেটেৰী ব্যৱহাৰ কৰা হৈছে। ইয়াত বেটেৰী , পেনেল আৰু লাইট একেলগে সংযোগ কৰা হৈছে বুলি আৰ আৰ সৌৰশক্তি লিমিটেডৰ অভিযন্তা পুতুল বৰাই জানিব দিয়ে।
আনহাতে এই অত্যাধুনিক পদ্ধতিৰ ষ্ট্রীট লাইটক লৈ বহু আশা ব্যক্ত কৰি বিধায়ক বড়াই অতি শীঘ্ৰে টিংখাং সমষ্টিৰ প্ৰতিটো তিনি আলি চাৰিআলিত জিলিকাবৰ বাবে এই পদ্ধতিৰ ৫০০ লাইট স্থাপনৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*