শেহতীয়া
Home / অসম / উদ্বিগ্ন গৃহমন্ত্রালয়:কাইলৈ অসমলৈ আহিব চােৰাংচােৱা সংস্থাৰ মুৰব্বী

উদ্বিগ্ন গৃহমন্ত্রালয়:কাইলৈ অসমলৈ আহিব চােৰাংচােৱা সংস্থাৰ মুৰব্বী

নিউজ ডেস্ক, প্ৰথম খবৰ : প্ৰথমখন খচৰাত পঞ্চায়তৰ নথি সন্নিৱিষ্ট কৰা মহিলাসকলৰ নাম অন্তর্ভুক্ত নহ’ব।এনে পৰিস্থিতিত ৩১ ডিচেম্বৰৰ মাজনিশা এন আৰ চিৰ খচৰা প্ৰকাশৰ
লগে লগে বিস্ফোৰক হৈ উঠিব পাৰে ৰাজ্যৰ পৰিস্থিতি। সেই বাবে ততাতৈয়াকৈ কেন্দ্রীয় চােৰাংচােৱা সংস্থা অর্থাৎ ইন্টেলিজেন্স বুৰ’ৰ মুৰব্বী গৰাকীক অসমলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় গৃহমন্ত্রালয়ে । সংবাদ মাধ্যমৰ হাতত পৰা তথ্য অনুসৰি অহা ৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ’ব কেন্দ্রীয় চােৰাংচােৱা সংস্থাৰ সঞ্চালক ৰাজীৱ জৈন। এই ভ্ৰমণকালত তেওঁ অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে এখন জৰুৰী বৈঠকত ভাগ ল’ব। গৃহ বিভাগৰাে দায়িত্বত থকা মুখ্যমন্ত্রীগৰাকীৰ সৈতে ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে তেওঁ এন আৰ চিৰ খচৰা প্ৰকাশৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতি নিয়ন্ত্রণৰ বাবেও ৰণকৌশল যুগুতাব। ইফালে, কেন্দ্রীয় চােৰাংচােৱা সংস্থাৰ মুৰব্বী গৰাকীয়ে ভ্ৰমণৰ পূর্বে অসম আৰক্ষীৰ পৰা কেতবােৰ বিশেষ তথ্য বিচাৰি জৰুৰী নির্দেশনা প্ৰেৰণ কৰিছে। স্পর্শকাতৰ হৈ পৰা অঞ্চলসমূহৰ লগতে সংখ্যালঘুপ্ৰধান জিলাসমূহৰ মানচিত্ৰ আৰু জনগাঁথনিৰ সবিশেষ তথ্য, সন্দেহজনক সংগঠন,নাগৰিকৰ গতিবিধি আদি সন্দৰ্ভত বিস্তৃত প্রতিবেদন শীঘ্ৰে দাখিল কৰিবলৈ ইতিমধ্যে সংশ্লিষ্ট জিলাসমূহৰ আৰক্ষী অধীক্ষকক নির্দেশনা দিয়া হৈছে। নির্দেশ পোৱাৰ পাছতে সংশ্লিষ্ট আৰক্ষী অধীক্ষকসকল তৎপৰ হৈ উঠিছে আৰু তেওঁলোকে সবিশেষ প্রতিবেদন বিশেষ শাখালৈ প্ৰেৰণ কৰিব। অসম আৰক্ষীয়ে দিয়া প্রতিবেদনৰ ভিত্তিতে এন আৰ চিৰ খচৰা প্ৰকাশৰ পাছতে সৃষ্টি হ’ব পৰা পৰিস্থিতি সন্দৰ্ভত ৰণকৌশল যুগুতাব কেন্দ্রীয় চােৰাংচােৱা সংস্থাৰ মুৰব্বীগৰাকীয়ে। অহা ৮ আৰু ৯ ডিচেম্বৰত সম্ভাব্য আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত জৰুৰী বৈঠকত অংশগ্রহণ কৰাৰ পাছত আই বিৰ সঞ্চালক ৰাজীৱ জৈন পুনৰ উভতি যাব দিল্লীলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*