অসম

একেদিনাই ২৬খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন বিথুং-ৰেংথেমাত

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:পাহাৰীয়া জিলা কাৰ্বি আংলঙত “সর্বাংগীন উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত অন্য চৰকাৰতকৈ আমাৰ বিজেপি চৰকাৰ এখোজ হ’লেও ওপৰত থাকিব” বুলি দাবী তুলি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ ইমূৰৰ পৰা সিমুৰলৈ আজি আচঁনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে উক্ত পৰিষদীয় সমষ্টিটোত আনুষ্ঠানিকভাৱে একেদিনাই মুঠ ২৬খনকৈ আচঁনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে তুলিৰাম ৰংহাঙে। আয়োজিত অনুষ্ঠানত ৰংহাঙে এই কথাও উল্লেখ কৰে যে বিগত নিৰ্বাচনত বিজেপিয়ে প্ৰদান কৰা প্ৰতিটো প্ৰতিশ্ৰুতিয়ে এতিয়া আখৰে আখৰে পালন কৰি গৈছে বিজেপি চৰকাৰখনে। ফলস্বৰূপে একাধিক্ৰমে সমগ্ৰ কাৰ্বি পাহাৰতে উন্নয়ন-বিকাশ আৰু সমস্যা সমাধানৰ স্বাৰ্থত বিভিন্ন প্ৰকাৰৰ আঁচনি হাতত লৈ ৰূপায়ন কৰি গৈছে এই চৰকাৰখনে। আনহাতে আমাৰ চৰকাৰখনে জাতি-ধৰ্ম-বৰ্ণৰ মাজত তিলমানো বিভেদ সৃষ্টি হবলৈ দিয়া নাই,আনকি আঁচনি প্ৰদান অথবা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিৰোধী ৰাজনৈতিক দলৰ আধিপত্য এলেকা বুলিও কোনো ধৰণৰ ভাৱ আহিবলৈ দিয়া নাই,সকলোকে সমান জ্ঞান কৰি কেৱল উন্নয়ন আৰু বিকাশ সাধনৰ বাবেই চেষ্টা চলাই গৈছে বিজেপি চৰকাৰখনে বুলি মন্তব্য কৰে তুলিৰাম ৰংহাঙে। মন কৰিবলগীয়া কথা যে ২৬খনকৈ আচঁনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী কাৰ্যসূচীৰ অংশ হিচাপে সৰ্বপ্ৰথমে তুমপ্ৰেঙত অৱস্থিত তথা বন বিভাগৰ অধিনত স্থাপন কৰা অতিথিশালা আৰু উদ্যানৰ চৌহদত ভ্ৰমণকাৰীৰ সুবিধাৰ্থে খাদ্য সম্ভাৰ উপলব্ধ হোৱাকৈ পৰ্যটন বিভাগৰ অধিনত নিৰ্মাণ কৰা কেফটেৰীয়া নামৰ এখন কেণ্টিনৰ শুভ উদ্বোধন কৰে ৰংহাঙে। ইয়াৰ পাছতে ক্ৰমান্নয়ে সমষ্টিটোৰ অন্তৰ্গত ৰংখাং উন্নয়ন খণ্ডৰ উদ্যোগত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধিনত পথ,পুখুৰী,বজাৰ গৃহ আদিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বৃহত্তৰ তৰাডুবিত গড়কাপ্তানী পথ-ইংলিছ এল পি স্কুল সংযোগী পেভাৰচ ব্লক পথ নিৰ্মান,বস্ক-বৰঘাট সংযোগী পথ নিৰ্মাণ,বজাৰগৃহ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে। আনহাতে একেটা স্থানতে আকৌ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা মুকলি মঞ্চ,তুমপ্ৰেঙৰ গন্দাবিল আৰু বালিগাওঁত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধিনত ২০১৭-১৮ বিত্তীয় বৰ্ষত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা পেভাৰচ পথৰো শুভ উদ্বোধন কৰে। ইফালে ফাংঠেংফ্ৰাঙত পথ নির্মাণৰ আধাৰশিলা আৰু পি এম এ ৱাই-অধিনত নিৰ্মাণ কৰা গৃহও শুভ উদ্বোধন কৰাৰ উপৰিও বিভিন্ন আঁচনি আৰু বিভিন্ন পুঁজিৰ সহায়ত মেনমেজি, কলঙা, ডংকামোকাম আদি স্থানত এইদৰে আজি মুঠ ২৬খনকৈ আচঁনিৰ আধাৰশিলা স্থাপন আৰু শুভ উদ্বোধন কৰে তুলিৰাম ৰংহাঙে। আঁচনি ৰূপায়ণৰ আধাৰশিলা স্থাপন আৰু শুভ উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিচ্ছৰ বিপৰীতে পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি, পৰিষদীয় পশু পালন বিভাগৰ প্ৰাক্তন অধ্যক্ষ দিত্যলাল হাষ্ণু, বন বিভাগৰ ঊৰ্ধতন বিষয়া ধনসিং টেৰাং, ৰংখাং উন্নয়ন খণ্ডৰ খণ্ড বিষয়া শশীকান্ত তিমুঙৰ লগতে ভালেসংখ্যক বিজেপি নেতা আৰু বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে এই অনুষ্ঠানত।

Related Articles

Leave a Reply

Close