শেহতীয়া
Home / অসম / এগৰাকী ৰঞ্জী খেলুৱৈ আৰু প্ৰায় ৫০০ গীত

এগৰাকী ৰঞ্জী খেলুৱৈ আৰু প্ৰায় ৫০০ গীত

নামেই তেওঁৰ পৰিচয়৷ অসমৰ সকলো প্ৰজন্মৰ ব্যক্তিকে আকৰ্ষণ কৰিব পৰা এটি জনপ্ৰিয় নাম দ্বীপেন বৰুৱা৷ প্ৰথম খবৰৰ প্ৰশিক্ষণৰত সাংবাদিক ৰাজীৱ ৰয় আৰু ৰঞ্জিত গগৈৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰে আপোনালোকক জনাব এইগৰাকী শিল্পীৰ সংগীত জগতখনৰ কিছু কথা৷

ক্ৰিকেটৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰা দ্বীপেন বৰুৱাই প্ৰথমতে কলেজিয়েট স্কুলত সপ্তম মানৰ পৰা নামনি অসম স্কুল টুৰ্নামেণ্টৰ বাবে আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ কোচবিহাৰ ট্ৰফীত অসম টীমৰ হৈ এবাৰ ভাইচ কেপ্তেইন আৰু কেপ্তেইন হিচাপে খেলিছিল৷ কলেজ পোৱাৰ পিছত ইণ্টাৰভাৰ্চিটি আৰু গুৱাহাটী দলৰ হৈ বহু বছৰ ইণ্টাৰ ডিছট্ৰিক্ট খেলাৰ পিছত ‘ইষ্ট জন’ক ৰিপ্ৰেজেণ্ট কৰি এখেতে মুম্বাইত ‘ৱেষ্ট জন’ৰ সুনীল গাভাস্কাৰৰ দলৰ বিপক্ষে ৰঞ্জী ট্ৰফী খেলিছিল৷ ক্ৰিকেটৰ প্ৰশিক্ষণ লোৱা মাদ্ৰাজৰ প্ৰশিক্ষক এ.জি.ৰামসিঙৰ আশীৰ্বাদত এওঁ ভাৰতীয় দলত টেষ্টমেচ খেলাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও সংগীত জগতৰ লগত জড়িত হৈ পৰাৰ বাবে এই ইচ্ছা পূৰণ নহ’ল৷

দ্বীপেন বৰুৱাৰ কঁকায়েক ব্ৰজেন বৰুৱাই ১৯৬৩ চনত উলিওৱা তেওঁৰ প্ৰথম কৌতুক ছবি ‘ইটো সিটো বহুতো’ৰ পিছত ১৯৬৮ চনত কলিকতাত ৰেকৰ্ডিং হোৱা তেওঁৰ দ্বিতীয় ছবি ডা° বেজবৰুৱাত প্ৰথম কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱাই৷এওঁ কণ্ঠদান কৰা ডা° বেজবৰুৱা ছবিখন ১৯৬৯ চনত মুক্তি লাভ কৰাৰ পিছতে এখেতৰ জনপ্ৰিয়তা ইমানে বৃদ্ধি পালে যে অসমৰ সকলো অনুষ্ঠানতে ৰাইজে এখেতক বিচৰা হ’ল আৰু সকলো সংগীত পৰিচালকৰে তেওঁ প্ৰিয় হৈ পৰিল৷ সেই সময়ত গুৱাহাটীত উন্নত গুণমানৰ ষ্টুডিঅ’ নথকা বাবে বিভিন্ন ছবিৰ গীতসমূহ ৰেকৰ্ডিংৰ বাবে সঘনাই কলিকতা আৰু মুম্বাইলৈ যাবলগীয়া হোৱা বাবে এখেতৰ ব্যস্ততা আৰু বৃদ্ধি পাইছিল৷

ৰেডিঅ’ত গান শুনি ভাল পোৱা আৰু যাদুকৰী কণ্ঠস্বৰৰ অধিকাৰী দ্বীপেন বৰুৱাৰ ঘৰখনেই আছিল অনুপ্ৰেৰণাৰ মূল উৎস৷ সংগীত-সংস্কৃতিৰ মূল বীজ এখেতে ঘৰখনৰ পৰাই লাভ কৰিছিল৷ হিন্দী গীত ভালপোৱা এইগৰাকী শিল্পীয়ে ৰফী চাহাব আৰু কে এল ছাইগল চাহাবৰ গীতবোৰ প্ৰায়েই বাথৰূমত গুণগুণাইছিল৷ মেল’ডি গীতৰ ওপৰত বেছি গুৰুত্ব দিয়া এই শিল্পীগৰাকীয়ে ককায়েক ৰমেন বৰুৱাৰ ২৬খন ছবিত গীত গোৱাৰ উপৰিও এতিয়ালৈকে মুঠ ৪৫ খন অসমীয়া ছবিত প্ৰায় ৫০০ গীত গাইছে৷ কিশোৰ কুমাৰ,লতা মংগেছকাৰৰ গীত শুনি ভাল পোৱা দ্বীপেন বৰুৱাৰ জনপ্ৰিয় গীত সমূহৰ তালিকাত আছে ‘কি নাম দি মাতিম’,’তেনেকৈ বেকাকৈ’, ‘কোন বিধাতাই সাজিলে’ আদি বহু গীত,যি গীতত আজিও প্ৰাণ পাই উঠে প্ৰতিখন মঞ্চ৷

জয়ন্ত হাজৰিকা,মহেন্দ্ৰ হাজৰিকা আদিৰ সমসাময়িক শিল্পী দ্বীপেন বৰুৱাৰ বাবে সকলো গীতেই প্ৰিয় যদিও এখেতৰ অতিকৈ প্ৰিয় কেইখনমান গীত হৈছে ‘মুকুতা’ বোলছবিৰ “নেদেখা নদীৰ সিপাৰে”, ‘অভিযান’ বোলছবিৰ “এইখনি গাওঁ বুকুৰ আপোন” আদি৷ অসমৰ ডিব্ৰুগড় চহৰখনক আটাইতকৈ বেছি ভাল পোৱা দ্বীপেন বৰুৱাই নৱপ্ৰজন্মৰ ‘পেডেল মাৰি মাৰি’ আৰু ‘নাযাবা নাযাবা’ আদি গীতসমূহক সস্তীয়া গীতৰ আখ্যা দি সেইবোৰৰ তুলনাত বহু বছৰ ধৰি ৰাইজে আকোঁৱালি ল’ব পৰাকৈ অৰ্থপূৰ্ণ আৰু মেল’ডি গীত নিৰ্মাণৰ ওপৰতহে বেছি গুৰুত্ব প্ৰদান কৰি আহিছে বুলি প্ৰকাশ কৰে৷

২০১৫ চনত অসম চৰকাৰৰ দ্বাৰা শিল্পী বঁটা আৰু বিভিন্ন ঠাইৰ পৰা বহু বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী শিল্পীয়ে ভৱিষ্যতে মেল’ডি গীত নিৰ্মাণৰ আগ্ৰহ প্ৰকাশ কৰি কয় যে মেল’ডি গীত নিৰ্মাণৰ বাবে উপযুক্ত সংগীত পৰিচালক নোপোৱাৰ বাবে এখেত এই ক্ষেত্ৰত আগবাঢ়িব পৰা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*