আন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

এটকাত কৰক বিমান যাত্ৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: আপুনি বাৰু কিমান টকাত বিমান যাত্ৰা কৰিছে ???? আপোনাক দিব বিচাৰিছো এটা ভাল খবৰ। এতিয়া মাথো এটকাত কৰিব পাৰিব বিমান যাত্ৰা। বিশ্বাস কৰিবলৈ টান যদিও এই সুবিধা আপোনালোকলৈ আগবঢ়াব দেশৰ সকলোতকৈ সস্তীয়া বিমান কোম্পানী এয়াৰ ডেক্কানে। কোম্পানীটোৰ শেহতীয়া এক প্ৰস্তাৱ অনুসৰি কিছুসংখ্যক সৌভাগ্যবান যাত্ৰীয়ে মাত্ৰ এটকাতে লাভ কৰিব বিমান যাত্ৰাৰ সুবিধা৷

এয়াৰ ডেক্কান নিৰ্মাণ কৰিছিল ২০০৩ চনত জি আৰ গোপীনাথে। তাৰপিছত ২০০৮ চনত এই বিমান সেৱা সংযুক্ত হৈছিল কিংফিচাৰৰ লগত। কিন্তু বৰ্তমান কিংফিচাৰৰ সেৱা বন্ধ হৈছে। এয়াৰ ডেক্কানে তেওঁলোকৰ প্ৰথম সেৱা আগবঢ়াব অহা ২২ ডিচেম্বৰত আৰু এই সেৱা হ’ব মুম্বাইৰপৰা নাছিকলৈ। যাত্ৰীসকলে এটকাৰে বিমান যাত্ৰাৰ সুবিধা লাভ কৰাৰ উপৰিও চল্লিশ মিনিটৰ নাছিক মুম্বাই যাত্ৰাৰ বাবে ভৰিব লাগিব চৈধ্যশ টকা। প্ৰথমবাৰৰ বাবে অতি কম হাৰত এই বিমান সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব দেশৰ অগণন সাধাৰণ জনতাৰ লগতে বিমানত যাত্ৰা কৰি ভাল পোৱা অসংখ্য যাত্ৰীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close