শেহতীয়া
Home / অসম / এণ্ড টিভিৰ ভইচ ইণ্ডিয়া কিডচত উজলিছে দৰঙৰ মানসী

এণ্ড টিভিৰ ভইচ ইণ্ডিয়া কিডচত উজলিছে দৰঙৰ মানসী

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ:দৰং ওদালগুৰি জিলাৰ সীমান্তবৰ্তী কলাইগাঁৱ উদমাৰীৰ এগৰাকী ১১ বছৰীয়া শিশুই নিজৰ যাদুকৰি কন্ঠৰ বলত একাধিক প্ৰতিযোগীক পিছ পেলাই ‘ভইচ অৱ কিডচ’ প্ৰতিযোগিতাত অন্তিম ১২ গৰাকী প্ৰতিযোগীৰ মাজত স্হান পাবলৈ সক্ষম দৰং জিলাৰ উদমাৰীৰ মানসী চহৰীয়া। প্ৰাইড একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মানসীৰ পিতৃ অনুপম চহৰীয়া এগৰাকী ভাল বাদ্যযন্ত্রী অাৰু মাক জিতুমণি চহৰীয়া এগৰাকী কন্ঠশিল্পী।

তিনি বছৰ বয়সৰ পৰাই শিল্পী ৰেনু শইকীয়াৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰা মানসী চহৰীয়াই তৃতীয় শ্ৰেণীত পঢ়ি থাকোতে মঙ্গলদৈৰ চপাইত অনুস্থিত হোৱা ভইচ অৱ দৰং প্ৰতিযোগিতাত লাভ কৰিছিল শ্ৰেষ্ঠত্বৰ খিতাপ। তেতিয়াৰপৰা পিছলৈ ঘুৰি নোচোৱাকৈ নিজৰ সাধনাৰ বলত শত সহস্র জন সংগীত প্ৰেমীক মোহাচন্ন কৰি অহা মানসীয়ে এণ্ড টি ভি ৰ ভইচ অৱ কিডচ প্ৰতিযোগিতাতো দুটাকৈ ৰাউণ্ডত সফলতাৰে উত্তীৰ্ণ হৈ চুড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হয়। শিল্পী অনুপম চহৰীয়া যিহেতু আৰ্থিকভাৱে দুৰ্বল গতিকে বহুলোকে আৰ্থিকভাৱে সহায় কৰি মানসীক মুম্বাইলৈ পঠালে আৰু তাৰ আশীর্বাদৰে মানসীয়ে নিজৰ যোগ্যতাৰ ভিত্তিত খ্যাতনামা শিল্পী চ্যান,হিমেশ ৰেশমীয়া, পলক মূচল,পাপনৰ লগতে অন্য বিচাৰকৰ লগতে বহু কেইগৰাকী অতিথি শিল্পীক মুগ্ধ কৰি ব্লইড আৰু বেটেলচ ৰাউণ্ডত প্ৰবেশ কৰি কৰিলে লাইভ ৰাউণ্ডত। দেশৰ বিভিন্ন প্ৰান্তৰ ১২ গৰাকী প্ৰতিযোগিয়ে লাইভ ৰাউণ্ডলৈ উত্তীৰ্ণ হোৱাত এতিয়া মানসীক প্ৰয়োজন হৈছে আপোনাৰ সহায়ৰ। কিয়নো ভোটিং ৰাউণ্ডত মানসীক জয়ী কৰাবলৈ হ’লে ০৭০৯৭২৯৭৩১২ নম্বৰত ডায়েল কৰিব লাগিব। শিল্পীগৰাকীৰ ক’ড নাম্বাৰ ১২ টা। আনহাতে এছ এম এছৰ জৰিয়তেও ভোট দিব পাৰিব। এছ এম এছ দিবলৈ MAN টাইপ কৰি পঠাই দিব লাগিব 57575 নম্বৰলৈ। প্ৰ’গ্ৰেম আৰম্ভ হোৱাৰ পৰা ১২ ঘন্টাৰ ভিতৰত মানসীক ভোট দিব লাগিব। অাৰ্থিকভাৱে দুৰ্বল পৰিয়ালটিৰ সন্তান মানসীক দৰং তথা সমূহ অসমবাসী ৰাইজক নিজৰ ভোটটি প্ৰদান কৰি জয়ী কৰি আনিবলৈ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী,সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া,দৰং জিলা যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা হিমাদ্ৰী কুমাৰ শৰ্মা,মঙ্গলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস,বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ,কলাইগাঁৱ সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো,দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই সকলোলৈ আহ্বান জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*