শেহতীয়া
Home / অসম / ঐতিহাসিক আঘোণীবাৰী অঞ্চলত টিংখাং সমষ্টি সাংবাদিক সন্থাৰ ক্ষেত্ৰ অধ্যয়ন

ঐতিহাসিক আঘোণীবাৰী অঞ্চলত টিংখাং সমষ্টি সাংবাদিক সন্থাৰ ক্ষেত্ৰ অধ্যয়ন

টিংখাঙৰ পৰা মিৰাণ ইছলাম, প্ৰথম খবৰ:সৰ্বসাধাৰণৰ সুখ – দুখ , অভাৱ – অভিযোগ , সমস্যা আদিৰ প্ৰতিফলন ঘটোৱাত এখন স্বচ্ছ দাপোনৰ দৰে ভূমিকা পালন কৰি আহিছে সংবাদসেৱী সকলে। বিশেষকৈ মফচলীয়া অঞ্চলসমূহত অধিক দায়বদ্ধতাৰে নিস্বাৰ্থ সেৱা আগবঢ়াই আহিছে সংবাদকৰ্মীসকলে। কোৱা বাহুল্য যে এই ক্ষেত্ৰত মফচলীয়া সাংবাদিক সকলে যাপন কৰিবলগীয়া হয় অতি কন্টকময় তথা কষ্টসহিঞ্চো জীৱন। কিন্তু অতি পৰিতাপৰ কথা যে সমাজৰ দাপোন স্বৰূপ গণতন্ত্রৰ চতুৰ্থ স্তম্ভৰ কাণ্ডাৰীসকল বিভিন্ন সময়ত সমাজৰ শত্ৰুৰ চিকাৰ হৈ আহিছে। অতি সম্প্ৰতি সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা উদ্বেগজনক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। সংবাদ ক্ষেত্রৰ এনে জটিল সন্ধিক্ষণত ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সকলো সাংবাদিক একত্ৰিত হৈ সাহসেৰে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কিন্তু বৰ্তমানৰ অাধুনিক যুগত সংবাদ মাধ্যমৰ ক্ষেত্রখন অতি প্ৰতিযোগিতামূলক হৈ পৰাত সংবাদদাতা সকলৰ মাজত সম্প্ৰিতীৰ এনাজৰী ডাল সোলোক- ঢোলোক হৈ পৰা পৰিলক্ষিত হৈছে। এনে সন্ধিক্ষণত ডিব্ৰুগড় জিলাৰ বৃহত্তৰ টিংখাং সমষ্টিৰ সাংবাদিক সকলে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে অসমৰ সংবাদ জগতলৈ। উল্লেখযোগ্য যে পূৰ্বে বিভিন্ন বেনাৰত বিভক্ত বৃহত্তৰ অঞ্চলটোৰ সকলো সাংবাদিক একত্ৰিত হৈ ” টিংখাং সমষ্টি সাংবাদিক সন্থা ” নামৰে একেখন মঞ্চত ঠিয় দিছে।
টিংখাং সমষ্টি সাংবাদিক সন্থাৰ প্ৰথমটো কাৰ্যসূচী হিচাপে ৯ ডিচেম্বৰত সকলো সাংবাদিক একত্ৰিত হৈ টিংখাঙৰ ঐতিহাসিক আঘোণীবাৰী ক্ষেত্র পৰিদৰ্শন কৰে। আহোম ৰজাদিনীয়া
বহু সমলেৰে প্ৰসিদ্ধ টিংখাঙৰ লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত আঘোণীবাৰী গাঁও। ডা০ লীলা গগৈৰ লেচেৰী বুটলা বুৰঞ্জীত সন্নিবিষ্ট থকা অনুসৰী যিদৰে ৰহাত ৰহদৈ , তিপামত ভাদৈ , থিক সেইদৰে শলগুৰিত আঘোণীবাইৰ নামত স্বৰ্গদেউ গদাধৰ সিংহই ৰাজপাটত বহিয়েই লৰা ৰজাৰ কবলৰ পৰা জীৱন ৰক্ষাকাৰী আঘোণীবাইক মানসপটলৈ আনি উপহাৰ হিচাপে প্ৰদান কৰিছিল তিনিশ বিঘা মাটি। সেই ভূমিতে আছে ঐতিহাসিক আঘোণীবাই পুখুৰী। ইয়াৰ লগতে বুৰঞ্জী প্ৰসিদ্ধ এই আঘোণীবাৰী অঞ্চলত আছে আৰু বহুকেইটা ঐতিহাসিক মৈদাম আৰু পুখুৰী। কিন্তু আহোম ৰাজত্বৰ ৬০০ বছৰীয়া ঐতিহ্য বহনকাৰী ঐতিহাসিক এই কীৰ্তি চিহ্ন সমূহ চৰকাৰ তথা বিভাগীয় কতৃপক্ষই বিজ্ঞানসন্মতভাৱে নিদিষ্ট পৰিকল্পনাৰে সংৰক্ষণ নকৰাৰ ফলত বৰ্তমানে এইবোৰ অস্তিত্বৰ সংকটত। যিবোৰ বিজ্ঞান সন্মতভাৱে সংৰক্ষণ কৰি সৌন্দৰ্যবৰ্ধন কৰিলে সমগ্র অঞ্চলটো পৰ্যতন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ প্ৰচুৰ সম্ভাৱনা আছে।
আনহাতে আঘোণীবাৰী অঞ্চলৰ প্ৰায় ৯০ শতাংশ বাসিন্দাই কৃষিজিৱী। বিশেষকৈ অঞ্চলটোৰ হৃদপিণ্ড স্বৰূপ বুঢ়ীদিহিং নদীৰ পাৰৰ পলসুৱা ভূমিত বিভিন্ন ধৰণৰ ৰবি আৰু খাৰিফ শস্যৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে অঞ্চলটোৰ কৃষক ৰাইজে। কিন্তু বিগত কেইবাবছৰ ধৰি বুঢ়ীদিহিং নদীৰ প্ৰৱল গৰাখহনীয়াৰ বাবে অঞ্চলটোৰ কেইবা হেক্টৰ কৃষিভূমি নদীৰ বুকুত জাহ গৈছে। যাৰবাবে এতিয়া এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক পৰিয়ালৰ মাজত। অৱশ্যে টিংখাঙৰ বিধায়ক বিমল বৰাৰ তৎপৰতাত প্ৰায় ৯ কোটি টকাৰ পুঁজিৰে বুঢ়ীদিহিং নদীৰ পাৰত আঘোণীবাৰীত ৮০০ মিটাৰ দৈৰ্ঘ্যৰ এলেকাত জিঅ বেগেৰে ৰিং বান্ধ নিৰ্মাণৰ কাম প্ৰায় সম্পূর্ণ হৈছে যদিও নিৰ্মাণকাৰ্যত যথেষ্ট আসোৱাহ থকা পৰিলক্ষিত হৈছে । বিভাগীয় কৰ্তৃপক্ষৰে গোপন বুজা বুজি কৰি ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি উক্ত আচনিৰ সিংহভাগ ধন আত্মহাত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল সংগঠনে । লেঙেৰী মৌজাৰ আঘোনীবাৰী তেলাপানী অঞ্চলত বুঢ়ীদিহিং নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্নমতভাৱে অতি শীঘ্ৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে চৰকাৰ তথা জলসম্পদ বিভাগৰ প্ৰতি আহ্বান জনোৱাৰ লগতে তেলপানী ঘাটৰ পৰা টেঙাখাত সংযোগ হব পৰাকৈ এখন পকী দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজ তথা দল – সংগঠনে পৰিবৰ্তনকামী চৰকাৰখনক দাবী জনাইছে ।
ইফালে সাংবাদিকৰ দলটোৱে ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ছোৱাত আঘোণীবাৰী অঞ্চলৰ বিধ্বস্ত বাট-পথ সমূহৰ বুজ লয়। উল্লেখযোগ্য যে জৰাজীৰ্ণ যাতায়ত ব্যৱস্থাৰ বাবই দীৰ্ঘদিনে জীয়াতু ভোগ কৰি আহিছে অঞ্চলবাসীয়ে। বিশেষকৈ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী , ৰোগী-প্ৰসূতি আৰু ব্যৱসায়-বাণিজ্যৰ লগত জড়িত লোকসকলে যমৰ-যাতনা সহ্য কৰি আহিছে বিধ্বস্ত বাট-পথৰ বাবে।
আনহাতে আগন্তুক ইংৰাজী নৱবৰ্ষ উপলক্ষে আঘোণীবাৰী ক্ষেত্ৰ পৰিদৰ্শনৰ পাচতে টিংখাং সমষ্টি সাংবাদিক সন্থাৰ সভাপতি মনোজ সিং সম্পাদক কৃষ্ণ গগৈ উপ সভাপতি হেমন্ত গগৈ সাংগঠনিক সম্পাদক মিৰাণ ইছলাম সহ: সম্পাদক ত্ৰিদিব ভট্টাচাৰ্য্য পত্ৰিকা সম্পাদকদ্বয় দিলিপ বৰুৱা দণ্ডীনাথ বৰাৰ সমন্বিতে যোৱা দলটোৱে স্থানীয় লোক আৰু দল-সংগঠনৰ সৈতে আনন্দ – উল্লাসৰ মাজেৰে বুঢ়ীদিহিঙৰ বাকৰিত প্ৰীতিভোজত অংশগ্ৰহণ কৰে। সমগ্র কাৰ্যসূচীত সাংবাদিকৰ দলটোৰ সৈতে ৰাজ্যিক বিজেপিৰ মিডিয়াচেলৰ সদস্য বিষ্ণু কোচ লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জয়প্ৰকাশ গগৈ , সম্পাদক উচ্চকমল গগৈ , লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱজিত বৰুৱা , আহোম জাতীয় গণমঞ্চ , লেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি পল্লৱ দুৱৰাৰ লগতে বিভিন্ন দল- সংগঠনৰ বিষয়বৱীয়া আৰু স্থানীয় ৰাইজে সহযোগিতা আগবঢ়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*