অসম

কলগাছিয়াত নামনি মহোৎসৱৰ শুভ উদ্ধোধন জিলা উপায়ুক্তৰ 

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰ:পোন প্ৰথম বাৰৰ বাবে আজিৰে পৰা ১১ দিনীয়া কাৰ্যসূচীৰে কলগাছিয়া ৰাজহুৱা খেল পথাৰত নামনি অসম মহোৎসৱৰ আয়োজন কৰা হৈছে । কাৰ্যসূচী অনুসৰি আজি সন্ধীয়া বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে নামনি অসম মহোৎসৱৰ শুভ উদ্ধোধন কৰে আৰু ইয়াৰ লগত সংগতি ৰাখি আয়োজক সমিতিৰ সভাপতি আব্দুল হালিম আহমেদৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক,জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে এন আৰ চি আৰু আন আন বিষয়ে গুৰুত্বপূৰ্ণ ভাষণ দাঙি ধৰে। বঙাইগাঁও জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক ছাদুল্লা খান আৰু অৱসৰ প্ৰাপ্ত অধ্যক্ষ এম মোজ্জামিল হুছেইনেও শিক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে কলগাছিয়াৰ নামনি অসম মহোৎসৱৰ জৰিয়তে শান্তিৰ বাৰ্তা যায় তাৰ বাবে আশা প্ৰকাশ কৰে। উক্ত সভাত বৰপেটা জিলা পৰিষদৰ সভাপতি মজিবৰ ৰহমান খান,ৰাজহ চক্ৰ বিষয়া অজিত কলিতা আৰু বৰপেটা চিভিল হস্পিতালৰ অধীক্ষক চামচুল আলমে গুৰুত্বপুৰ্ণ ভাষ ৰাখে। অৱসৰ প্ৰাপ্ত অধ্যক্ষ খন্দৰ আব্দুল গধুৰ,বি ডি অ মঞ্জুশ্ৰী ঘোষ,অধ্যাপক নজমুল হক, চিকিৎসকদ্বয় ড: হাসমত আলী,নজৰুল ইছলাম, সাংবাদিক আব্দুল হামিদ,কলগাছিয়া মহকুমা সাংবাদিক সন্হাৰ সভাপতি আব্দুল হাই,ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি আজগৰ আলী আহমেদ,অৱসৰ প্ৰাপ্ত শিক্ষক মফিজ ভূয়া,কে আই কে মেমৰিয়েল হাইমাদ্ৰাছাৰ অধীক্ষক এম কোব্বাদ আলী,কলগাছিয়া ক্ৰীড়া সন্হাৰ সম্পাদক ইয়াকুব আলী,কলগাছিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী নিলিমা খাতুন প্ৰমুখ্যে সাংবাদিক মফিদুল ইছলাম,ছাইফুল ইছলাম,জাহাংগীৰ আলম,আব্দুৰ ৰহমান,ৰাজিবুল ইছলাম,মফিদুল ইছলাম আৰু শ্বহিদুল ইছলামেও উপস্হিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close