অসম

কলগাছিয়াত বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ এনআৰচিৰ সেৱা কেন্দ্ৰ পৰিদৰ্শন 

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ : সমগ্ৰ ৰাজ্যখনতে ১ ডিচেম্বৰৰ পৰা ৰাইজৰ ঘৰে ঘৰে গৈ বিষয়া সকলে ব্যাপক তৎপৰতাৰে এন আৰ চিৰ কাম তীব্ৰ গতিত চলাই নিয়াৰ সময়তে বৰপেটা জিলাতো আৰক্ষী প্ৰশাসনৰ লোকসকলেও ৰাইজৰ কাষত থিয় হৈ এন আৰ চিৰ কামত সহায় কৰা পৰিলক্ষিত হৈছে।

সোমবাৰে বৰপেটা জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই জনীয়া সমষ্টিৰ কলগাছিয়া, খৰিচালা,বালিকুৰি,বৰভিটা,বালাগাঁও,আৰু বাঘবৰ সমষ্টিৰ মইনবৰী চৰ এলেকাৰ এন আৰ চিৰ সেৱা কেন্দ্ৰ সমুহ পৰিদৰ্শন কৰি পৰিস্হিতিৰ বুজ লয় । আৰক্ষী অধীক্ষকগৰাকীয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে ৰাইজৰ মাজত এতিয়া আতংকিত ভাৱ লাহে লাহে কমিবলৈ ধৰিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে যোৱা কিছুদিন ধৰি জিলা খনৰ থানা আৰু আৰক্ষী চকী এলেকাত এন আৰ চি সন্দৰ্ভত সজাগতা সভা অনুষ্টিত কৰি । এন আৰ চি প্ৰস্ততকৰণৰ ক্ষেত্ৰত ৰাইজে আৰক্ষীৰ ভূমিকাক আদৰণি জনাইছে।

বৰপেটা জিলাত শান্তিপুৰ্ণভাৱে এন আৰ চিৰ প্ৰস্ততকৰণৰ কাম নিয়াৰীকৈ চলাই নিয়াৰ বাবে আৰক্ষীৰ লগতে বিভিন্ন দল সংগঠনে সৰ্বসাধাৰণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ।ইফালে এন আৰ চি প্ৰস্ততকৰনৰ ক্ষেত্ৰত শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা যিকোনো চক্ৰক কঠোৰ হাতে দমন কৰা হ’ব বুলি আৰক্ষী অধিক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close