অসম

কলগাছিয়াৰ জনিয়াত শ্ৰী শ্ৰী পুৰুষোত্তম ঠাকুৰ দেৱৰ সত্ৰত মন্ত্ৰী কেশৱ মহন্ত

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ : আজি মন্ত্ৰী কেশৱ মহন্তই বৰপেটা জিলাৰ জনীয়াস্থিত শ্ৰী শ্ৰী পুৰুষোত্তম ঠাকুৰ দেৱৰ সত্ৰ দৰ্শন কৰি গুৰুজনাৰ আশীৰ্বাদ লয়। সত্ৰখনৰ পৰম্পৰাগত পুহৰ সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী মহন্তই সুখী অনুভৱ কৰে। তেওঁ জনীয়া অঞ্চলৰ ৰাইজক প্ৰশংসা কৰে যি সকলে এই সত্ৰ খনক সযত্নে ৰাখিছে। ইয়াৰ লগতে সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক প্ৰশংসা কৰে মন্ত্ৰীজনে। জনীয়া সমষ্টিৰ সোঁমাজেৰে বৈ যোৱা বেকীনৈৰ গৰাখহনীয়াক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰা হ’ব আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ দুই এদিনৰ ভিতৰত জলসম্পদ বিভাগৰ বিষয়াৰ দল এটা কলগাছিয়া তথা জনীয়াত উপস্থিত হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। ইফালে হিন্দু বাংলাদেশী সংস্থাপন সম্পৰ্কে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে,২০১৬ চনৰ নাগৰিক সংশোধনী আইন সন্দৰ্ভত অগপ দলৰ আপত্তি আছে আৰু চৰকাৰৰ লগত থাকিলেও আমি ইয়াৰ বিৰোধীতা কৰি যাম। মন্ত্ৰী কেশৱ মহন্তৰ লগত বৰপেটাৰ বিধায়ক গুনীন দাসেও উপস্থিত থাকে।

Related Articles

Leave a Reply

Close