শেহতীয়া
Home / অসম / কলিয়াবৰ গ্ৰামোন্নয়ন এনৰেগা অাঁচনি ৰূপায়নৰ নামত অনিয়ম:কৌশলেৰে জৱ কাৰ্ড শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ

কলিয়াবৰ গ্ৰামোন্নয়ন এনৰেগা অাঁচনি ৰূপায়নৰ নামত অনিয়ম:কৌশলেৰে জৱ কাৰ্ড শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ

প্ৰথম খবৰ,নগাঁও: নগাঁও জিলা গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ কলিয়াবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দুটাকৈ উন্নয়ন খণ্ডত অনিয়ম অাৰু দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।কলিয়াবৰ অাৰু পশ্চিম কলিয়াবৰ নামৰ এই উন্নয়ন খণ্ড দুটাত এনৰেগা অাঁচনি ৰূপায়নৰ নামত অনিয়ম সংঘটিত হৈছে। উন্নয়ন খণ্ড দুটাৰ বিষয়া,  কণিষ্ঠ অভিযন্তা অাদিয়ে জৱকাৰ্ড থকা শ্ৰমিকক প্ৰৱঞ্চনা কৰি লুণ্ঠন পথ সুগম কৰাৰ অভিযোগ উঠিছে। জৱকাৰ্ড প্ৰাপ্ত শ্ৰমিকক বঞ্চনা কৰি সামগ্ৰী ক্ৰয়ৰ শিতানত ৮০ শতাংশৰো অধিক ব্যয় কৰিছে সংশ্লিষ্ট বিষয়া কণিষ্ট অভিযন্তা অাদিয়ে। গ্ৰামোন্নয়ন বিভাগৰ তথ্য মতে এনৰেগা অাঁচনি অাইন অনুসৰি এই অাঁচনি ৰূপায়নত শ্ৰমিকক মজুৰি অাৰু সামগ্ৰী শিতানৰ ধনৰ অনুপাত ৬০:৪০ হব লাগে। গ্ৰামোন্নয়ন বিভাগৰ সূত্ৰই জনোৱামতে কলিয়াবৰ অাৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডত ২০১৪-১৬,২০১৬-১৭ অাৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত এই নিয়ম অৱমাননা কৰাৰ অভিযোগ উঠিছে।সূত্ৰটোৱে জনোৱা মতে কলিয়াবৰ উন্নয়ন খণ্ডৰ কুৱৰীটোল খণ্ড পঞ্চায়তত এনৰেগা অাঁচনি ৰূপায়নৰ ক্ষেত্ৰত ২০১৫-১৬ বৰ্ষত শ্ৰমিকৰ মজুৰি নামত ৫৯:০১ শতাংশ অাৰু সামগ্ৰী অাৰু সামগ্ৰী শিতানত ৪০:৯৯ শতাংশ মাজ পূৱমতীয়া গাঁও পঞ্চায়তত শ্ৰমিকৰ মজুৰি শিতানতৱ৫২:৬ শতাংশ,  পূৱ মৰীয়া গাঁও পঞ্চায়তত শ্ৰমিকৰ মজুৰি শিতানত ৫২:৬ শতাংশ অাৰু সামগ্ৰীৰ শিতানত ৪৭:৪ শতাংশ,উত্তৰ পূৱমৰীয়া গাঁও পঞ্চায়তত শ্ৰমিকৰ মজুৰি শিতানত ২৯:৪৯ শতাংশ অাৰু সামগ্ৰী শিতানত ৭০:০৫ শতাংশ,উত্তৰ পূশ্চিম পূৱমৰীয়া গাঁও পঞ্চায়তত শ্ৰমিৰ মজুৰি শিতানত ৩০:৯৮ শতাংশ অাৰু সামগ্ৰী শিতানত ৫৮:৭৮ শতাংশ ,অাৰু সামগ্ৰী অাৰু সামগ্ৰী শিতানত ৪১:২২ শতাংশ অাৰু ধনব্যয় কৰা দেখুওৱা হৈছে। এনে দৰে এই বিত্তীয় বৰ্ষটোত পশ্চিম কলিয়াবৰৰ উন্নয়ন খণ্ডটোৰ নিজ বৰভগীয়া গাঁও পঞ্চায়তত শ্ৰমিকৰ মজুৰি শিতানত ১৭ .৬ শতাংশ অাৰু সামগ্ৰী শিতানতৱ৮০:৪ শতাংশ অাৰু সামগ্ৰী শিতানত ৪৭:৮৭ শতাংশ ,ৰহঢ়লা গাঁও পঞ্চায়ত শ্ৰমিকৰ মজুৰি নামত ৪৯:১৪ অাৰু সামগ্ৰী শিতানত ৫০:৮৬ শতাংশধন ব্যয় কৰা দেখা গৈছে।২০১৬-১৭ বৰ্ষত পশ্চম কলিয়াবৰ উন্নয়ন খণ্ডয়ে চালনা চাহ বাগিচা গাঁও পঞ্চায়তত একে অাচঁনি ৰূপায়নৰ নামত শ্ৰমিকৰ মজুৰিৰ নামত ৫১:৩২ শতাংশ অাৰু সামগ্ৰী শিতানত ৪০:৬২ শতাংশ ৰহঢ়লা গাঁও পঞ্চায়তত শ্ৰমিকৰ মজুৰিৰ শিতানত ৪৬:২৬ শতাংশ অাৰু সামগ্ৰি শিতানত ৫৩:৭৪ শতাশ নিজ বৰভগীয়া গাঁও পঞ্চায়তত শ্ৰমিকৰ মজুৰিৰ নামত ৫৮ শতাংশ অাৰু সামগ্ৰীৰ শিতানত ৪২ শতাংশ ,কঠাল গুৰি গাঁও পঞ্চায়তত শ্ৰমিকৰ মজুৰুৰ শিতানতৱ ২০:৯১ শতাংশ অাৰু সামগ্ৰীৰ শিতানত ৭৯:০৯ শতাংশ ,হাতি গাঁও চাহবাগিচা পঞ্চায়তত শ্ৰমিকৰ মজুৰিৰ নামত ২৯:৯১ শতাংশ অাৰু সামগ্ৰিৰ শিতানত ৭০:০৯ শতাংশ ধন ব্যয় কৰাৰ দেখুৱাৰ বিপতলৰিতে কলিয়াবৰ উন্নয়ন খণ্ডয়ে মাজ পূৱ মৰিয়া গাঁও পঞ্চায়তত এই অাচনি ৰূপায়নৰ সময়ত একেটা বৃত্তীয় বৰ্ষত শ্ৰমিকৰ মজুৰিৰ শিতানত ৪৪:৮৬ শতাংশ অাৰু সামগ্ৰি শিতানত ৫৫:১৪ শতাংশ ধন ব্যয় কৰাৰ দেখুৱা হৈছে।ইপিনে ২০১৭-১৮ বৰ্ষত পশ্চিম কলিয়বৰ উন্নয়ন খণ্ডত শালনা বাগিচা গাঁও পঞ্চায়তত শ্ৰমিকৰ মজুৰিৰ শিতানত ৫৭:১২ শতাংশ অাৰু সামগ্ৰী শিতানত ৪২:৮৮ শতাংশ ,নিজ বৰভগীয়া গাঁও পঞ্চায়তত শ্ৰমিকৰ মজুৰিৰ নাম ৩৯:৮৭ শতাংশ অাৰু সামগ্ৰি শিতানত ৬০:১৩ শতাংশ ধন ব্যয় কৰে। বৃত্তীয় বৰ্ষ কেইটাত উন্নয়ন খণ্ড দুটায়ে বিভিন্ন পঞ্চায়ত এন জি এনৰেগা অাঁচনি ৰূপায়নৰ নামত এনৰেগা অাইন ভংগ কৰি কেৱল লুণ্ঠনৰ স্বাৰ্থতেই জৱকৰ্ড শ্ৰমিক সকলক বঞ্চিত কৰি ৰাখিছে।

অভিযোগ মতে বিগত ৩ টা বৰ্ষত উন্নন খণ্ড দুটাৰ অধিণ্ঠ গাঁও পঞ্চায়তত তিনি জন জৱ কাৰ্ড প্ৰাপ্ত শ্ৰমিকৰ বাহিৰে কোনেও ১০০ দিনৰ কৰ নাপালে। ২০১৫-১৬ বৰ্ষত কলিয়াবৰ উন্নখণ্ডৰ উত্তৰ পশ্চিম গাঁও পঞ্চায়তত তিনিজন শ্ৰমিকেহে ১০০ দিনৰ কৰ লাভ কৰে। বৰ্ষটোত পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ একনো শ্ৰমিকে ১০০ দিনৰ কৰ নাপালে। একে দৰে ২০১৭-১৭,২০১৭-১৮ বৰ্ষটো উন্নয়ন খণ্ড দুটাৰ কোনো এজন জৱ কাৰ্ড শ্ৰমিকৰ ১০০ দিনৰ মজুৰি নোপোৱাৰ অভিযোগ উঠিছে। এক মাত্ৰ লুণ্ঠনৰ স্বাৰ্থতে উন্নয়ন খণ্ড দুটায়ে এনৰেগা অাইন উলংঘা কৰি সামগ্ৰী শিতানত অধিক ধন ব্যয় কৰি জৱ কাৰ্ড শ্ৰমিকক বঞ্চিত কৰি অাহিছে। সচেতন মহলে জৱ কাৰ্ড শ্ৰমিকক বঞ্চিত কৰাৰ উচিত তদন্ত বিচাৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*