শেহতীয়া
Home / অসম / কাজিৰঙাত বোকাত আবদ্ধ হৈ মৃত্যু বনৰীয়া ম’হৰ

কাজিৰঙাত বোকাত আবদ্ধ হৈ মৃত্যু বনৰীয়া ম’হৰ

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:কাজিৰঙাত বোকাত আবদ্ধ হৈ থকা এটা বনৰীয়া ম’হৰ মৃত্যু৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া ম’হটো সোমবাৰৰ নিশাৰপৰা হাতীখুলি চাহ বাগিচাৰ ৬ নং লাইনৰ সমীপৰ এখন পথাৰত আবদ্ধ হৈ আছিল৷ দুটা নিশা বোকাত আবদ্ধ হৈ থাকি মঙ্গলবাৰে পুৱতি নিশা কৰুণ মৃত্যুক আকোৱালি লয় ম’হটোৱে৷ বন বিভাগ আৰু চিকিৎসকৰ উদ্ধাৰ অভিযান চলাইছিল যদিও ম’হটোক উদ্ধাৰ কৰিবলে সক্ষম নহ’ল৷ জানিবপৰা মতে,সোমবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত এটা বৃহৎ ম’হৰ জাক ওলাই আহিছিল হাতীখুলি বাগিচাৰ সমিপৰ উক্ত অঞ্চলটোলৈ৷ জাকটোৰ এটা প্ৰাপ্ত বয়স্ক ম’হ পথাৰ খনৰ বোকাত আবদ্ধ হৈ ৰয়৷ বন বিভাগ আৰু চিকিৎসকে মঙ্গলবাৰে দিনৰ ভাগত হাতীৰে ম’হটো উদ্ধাৰ অভিযান চলায় যদিও সক্ষম নোহোৱাত পৰবৰ্তী সময়ত চিকিৎসকে ম’হটোক ঔষধ দি বোকাৰ পৰা উঠোৱাৰ চেষ্টা চলায়৷ কিন্তু ম’হটো উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল বন বিভাগ৷ ম’হটোৰ গাত আঘাতৰ চিন স্পষ্ট হৈ আছে৷ ম’হটো হয়তো পাৰস্পৰিক যুঁজত অথবা বাঘৰ আক্ৰমণত আহত হ’ব পাৰে৷ চেপ্তিচেমীয়াত  আক্ৰান্ত ম’হটোক চিকিৎসা চলায় থকাৰ সময়তে মঙ্গলবাৰে পুৱতি নিশা মৃত্যু হয়৷ উল্লেখ্য যে,মঙ্গলবাৰে চিকিৎসকে ম’হটো সুস্থ হোৱা আশা প্ৰায় ক্ষীণ বুলি জানিবলৈ  দিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*