অসম

কাজিৰঙাত মৃত্যু বনৰীয়া হাতী পোৱালি

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:অৱশেষত মৃত্যুক আকোঁৱালি ল’লে মাতৃৰ পৰা বিচিন্ন অসুস্থ বন্যহস্তীৰ পোৱালিটোৱে৷ মানসিক ও শাৰীৰিক দুৰ্বলতাৰ বাবে মূমূৰ্ষপ্ৰায় হৈ পৰা বনৰীয়া হাতী পোৱালিটোৱে দুদিন দুৰাতি মৃত্যুৰ স’তে যুঁজি হাৰ মানিলে নিয়তিৰ কাষত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত হাতীপোৱালিটোৰ চিকিৎসা-পৰিচৰ্যা চলি থকাৰ মাজতে আজি পুৱা মৃত্যুক সাৱটি লয় পোৱালিটোৱে৷ প্ৰায় সাত দিন পূৰ্বে উদ্যানৰ বাগৰি বনাঞ্চলৰ কাষৰীয় জনাঞ্চলত উদ্ধাৰ হৈছিল প্ৰায় ১ বছৰীয়া এই মতা বনৰীয়া হাতী পোৱালিটো৷ মাতৃৰ পৰা বিচিন্ন, নিজ জাকক হেৰুৱাই জনাঞ্চলত প্ৰৱেশ কৰা হাতী পোৱালিটোক বনকৰ্মী-মাউতে বাগৰি বনাঞ্চলিক কাৰ্যালয়লৈ আনি কিছু পৰিচৰ্যা কৰি পুনৰ উদ্যানত এৰি দিয়ে যদিও হাতীপোৱালিটো পুনৰ কাৰ্যালয়ৰ সমীপলৈ উভতি আহে ৷ কাৰ্যালয়ৰ সমীপতে মাউতে বনৰীয়া হাতীপোৱালিটোক আহাৰৰ যোগান ধৰে যদিও মাতৃহাৰা-সংগহীন হাতীপোৱালিটোৱে খোৱা-বোৱাত অনীহা প্ৰকাশ কৰাত দুৰ্বল হৈ পৰে ৷ প্ৰায় ২/৩ দিন অনাহাৰে থকাৰ ফলত শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰা হাতীপোৱালিটোক লৈ চিন্তিত হৈ পৰে চিকিৎসক আৰু মাউত ৷ পোৱালিটোক আন হাতীৰ সংগ দি চিকিৎসা প্ৰদান কৰিবলৈ চিকিৎসকে হাতী পোৱালিটোক ট্ৰেংকুলাইজ কৰি এখন গাড়ীৰ সহায়েৰে বাগৰিৰ পৰা কহঁৰা বনাঞ্চললৈ আনে৷ যিহেতু কহঁৰা বনাঞ্চলত বিভাগীয় কেবাজনীও মাইকী হাতী আছে, সেই হাতীকেইজনীৰ সংগত বন্যহস্তীৰ পোৱালিটোৱে মাতৃৰ মৰম বিচাৰি পাব বুলি আশা কৰা হৈছিল৷ সেই অনুসৰিয়ে কহঁৰাৰ মিহিমুখত চিকিৎসা-পৰিচৰ্যাৰ মাজত থকাৰ অৱস্থাতে বন্যহস্তীৰ পোৱালিটো মৃত্যু মুখত পৰে ৷ পোৱালিটোৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে বনকৰ্মীসকল৷

Related Articles

Leave a Reply

Close