অসমশীৰ্ষ

কাজিৰঙাত ষ্ট্ৰ’বেৰী খেতিৰে বিপ্লৱ কৰা কোন এই গুলেন?

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ,১৯ ডিচেম্বৰ:কোম্পানীৰ চাকৰি এৰি কৃষি কৰ্মত এজন যুৱক ৷ নাম গুলেন বড়ো ৷ ঘৰ বাক্সা ৷ কাজিৰঙাত এজন ব্যক্তিৰ স’তে অংশীদাৰী কৃষি ব্যৱসায়ৰে লাভৱান হৈছে গুলেন ৷ এই লাভজনক খেতি হৈছে ষ্ট্ৰ’বেৰী ৷ হয় এনেধৰণৰ কৃষি পদ্ধতিৰ বিষয়ে বিশেষ জ্ঞান থকা গুলেন আছিল বেংগালুৰুত এটা ব্যক্তিগত কম্পানীত ৷ ষ্ট্ৰ’বেৰীৰ লাভজনক ব্যৱসায়ৰ বিষয়ে জ্ঞাত গুলেনে ষ্ট্ৰ’বেৰী খেতিৰ বাবে বিছাৰি আছিল সঠিক সংগী ৷ তেনেতে দুবছৰ পূৰ্বে কাজিৰঙালৈ কম্পানীৰ কামত অহা গুলেনে বিছাৰি পালে কাজিৰঙাত এজন উপযুক্ত সংগী ৷ আৰম্ভ হ’ল ষ্ট্ৰ’বেৰী খেতি ৷ সম্প্ৰতি ষ্ট্ৰ’বেৰীৰ ছিজনত প্ৰতিদিনে ৪০/৫০ কিলো পঠিয়াই উজনি অসমলৈ ৷ প্ৰতি কিলোত পাইকাৰী দাম ৪০০/৪৫০ টকা ৷ উজনি অসমৰ তিনিখন জিলাত ষ্ট্ৰ’বেৰী বিক্ৰী কৰি লাভৰ মুখ দেখিছে গুলেনে ৷ যি সময়ত জীৱিকাৰ বাবে একাংশ যুৱকে চাকৰি বিচাৰি হাঁহাকাৰ কৰে তেনে সময়ত কোম্পানীৰ চাকৰি এৰি ষ্ট্ৰ’বেৰী খেতিত মনোনিৱেশ কৰি লাভান্বিত হোৱা গুলেন নতুন প্ৰজন্মৰ বাবে এক আদৰ্শ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close