অসম

কাজিৰঙা দৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ: অসম চৰকাৰৰ কাম কাজত সন্তুষ্ট ৰাজ্যপাল জগদীশ মুখী ৷ আজি কাজিৰঙাত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ প্ৰসংশনীয়। উল্লেখ্য, কালি কাজিৰঙাত উপস্থিত হোৱা ৰাজ্যপাল জগদীশ মুখীয়ে পৰিয়ালসহ  বিয়লি উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত জীপ ছাফাৰি কৰাৰ পাছত নিশা আজি পুৱা উদ্যানত হাতী চাফাৰী কৰে। উদ্যানৰ কহঁৰা বনাঞ্চলত আজি পুৱা হাতী ছাফাৰি কৰি কাজিৰঙাৰ প্ৰাকৃতিক পৰিবেশত আপ্লুত হৈ পৰে ৰাজ্যপাল মুখী ৷ কাজিৰঙাত গঁড় হত্যাৰ সংখ্যা হ্ৰাস পোৱাত সন্তোষ প্ৰকাশ কৰে মুখীয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close